--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শুকুৰবাৰে ঘোষণা কৰা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুসৰি এইবাৰ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰিছে আদিত্যম শইকীয়াৰ পৰিচালিত 'ৰঙা টাপু ১৯৮২' নামৰ ছবিখনে

ডিজিটেল ডেস্ক : ৰাজ্যবাসীৰ বাবে সুখবৰ। অসমৰ কেইবাখনো ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে ঘোষণা কৰা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুসৰি এইবাৰ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰিছে আদিত্যম শইকীয়াৰ পৰিচালিত 'ৰঙা টাপু ১৯৮২' নামৰ ছবিখনে।


আনহাতে, প্রবাল খাওন্দৰ টাইফাকে ভাষাৰ ছবি 'পাই টাং- ষ্টেপ অব্ হ'প'লৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ টাইফাকে ভাষাৰ ছবিৰ সন্মান। একেদৰে অকাহিনী (ননফিচাৰ) শিতানত শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে শিল্পীকা বৰদলৈয়ে। তেওঁ নিৰ্মাণ কৰা মিজো ভাষাৰ ছবিখনৰ নাম হৈছে 'মাওঃ 'দ্য স্পিৰিট ড্রীম্ছ অব্ চেৰাও'।


 ইফালে 'লেন্টিনা আও- লাইট অন ইষ্টার্ন হৰাইজন'ৰ বাবে সঞ্জীৱ পৰাশৰে লাভ কৰে শ্ৰেষ্ঠ জীৱনীমূলক ছবিৰ বঁটা। উল্লেখযোগ্য যে চাৰিগৰাকী নাৰীৰ সহ্য, ধৈর্য, সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা তেজে ধোৱা কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল 'ৰঙা টাপু ১৯৮২' নামৰ চলচ্চিত্ৰখন। বি আৰ চি চিনে প্রডাকশ্যনে প্রযোজনা কৰা এই ছবিখনৰ পৰিচালক আৰু প্রযোজকলৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটাৰ লগতে প্রত্যেকলৈ দুই লাখকৈ টকা।


আনহাতে, প্রবাল খাওন্দৰ পৰিচালিত টাইফাকে ভাষাৰ ছবি 'পাই টাং- ষ্টেপ অব্ হ'প'ৰ ছবিখনৰ প্ৰযোজক হৈছে নৱ কুমাৰ ভূঞা। এই ছবিখনৰ পৰিচালক আৰু প্ৰযোজকলৈ ৰজত কমল বঁটাৰ লগতে প্রত্যেকলৈ আগবঢ়োৱা হৈছে দুই লাখকৈ টকা।


আনহাতে, বিশিষ্ট চিত্র সমালোচক উৎপল দত্তই এইবাৰ লাভ কৰিছে শ্রেষ্ঠ সমালোচকৰ ৰাষ্ট্ৰীয় বঁটা। স্বর্ণ কমল বঁটাত আছে এক লাখ টকাসহ এখন মানপত্র। অকাহিনী (ননফিচাৰ) শিতানত শিল্পীকা বৰদলৈৰ মিজো ভাষাৰ 'মাও: দ্য স্পিৰিট ড্রীমছ অব্ চেৰাও'ৱে লাভ কৰা স্বর্ণ কমল বঁটাত আছে এখন মানপত্রসহ তিনি লাখ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ