--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শুকুৰবাৰে ঘোষণা কৰা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুসৰি এইবাৰ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰিছে আদিত্যম শইকীয়াৰ পৰিচালিত 'ৰঙা টাপু ১৯৮২' নামৰ ছবিখনে

ডিজিটেল ডেস্ক : ৰাজ্যবাসীৰ বাবে সুখবৰ। অসমৰ কেইবাখনো ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে ঘোষণা কৰা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুসৰি এইবাৰ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰিছে আদিত্যম শইকীয়াৰ পৰিচালিত 'ৰঙা টাপু ১৯৮২' নামৰ ছবিখনে।


আনহাতে, প্রবাল খাওন্দৰ টাইফাকে ভাষাৰ ছবি 'পাই টাং- ষ্টেপ অব্ হ'প'লৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ টাইফাকে ভাষাৰ ছবিৰ সন্মান। একেদৰে অকাহিনী (ননফিচাৰ) শিতানত শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে শিল্পীকা বৰদলৈয়ে। তেওঁ নিৰ্মাণ কৰা মিজো ভাষাৰ ছবিখনৰ নাম হৈছে 'মাওঃ 'দ্য স্পিৰিট ড্রীম্ছ অব্ চেৰাও'।


 ইফালে 'লেন্টিনা আও- লাইট অন ইষ্টার্ন হৰাইজন'ৰ বাবে সঞ্জীৱ পৰাশৰে লাভ কৰে শ্ৰেষ্ঠ জীৱনীমূলক ছবিৰ বঁটা। উল্লেখযোগ্য যে চাৰিগৰাকী নাৰীৰ সহ্য, ধৈর্য, সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা তেজে ধোৱা কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল 'ৰঙা টাপু ১৯৮২' নামৰ চলচ্চিত্ৰখন। বি আৰ চি চিনে প্রডাকশ্যনে প্রযোজনা কৰা এই ছবিখনৰ পৰিচালক আৰু প্রযোজকলৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটাৰ লগতে প্রত্যেকলৈ দুই লাখকৈ টকা।


আনহাতে, প্রবাল খাওন্দৰ পৰিচালিত টাইফাকে ভাষাৰ ছবি 'পাই টাং- ষ্টেপ অব্ হ'প'ৰ ছবিখনৰ প্ৰযোজক হৈছে নৱ কুমাৰ ভূঞা। এই ছবিখনৰ পৰিচালক আৰু প্ৰযোজকলৈ ৰজত কমল বঁটাৰ লগতে প্রত্যেকলৈ আগবঢ়োৱা হৈছে দুই লাখকৈ টকা।


আনহাতে, বিশিষ্ট চিত্র সমালোচক উৎপল দত্তই এইবাৰ লাভ কৰিছে শ্রেষ্ঠ সমালোচকৰ ৰাষ্ট্ৰীয় বঁটা। স্বর্ণ কমল বঁটাত আছে এক লাখ টকাসহ এখন মানপত্র। অকাহিনী (ননফিচাৰ) শিতানত শিল্পীকা বৰদলৈৰ মিজো ভাষাৰ 'মাও: দ্য স্পিৰিট ড্রীমছ অব্ চেৰাও'ৱে লাভ কৰা স্বর্ণ কমল বঁটাত আছে এখন মানপত্রসহ তিনি লাখ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু