--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিয়ন্ত্ৰণহীন গাড়ীখনে ডিভাইডাৰ পাৰ হৈ সিপাৰৰ এখন ট্ৰাকত খুন্দা মাৰে। তাৰপাছত চূৰমাৰ হোৱা গাড়ীখনৰ পৰা ভাঁহি আহে মৃত্যুৰ চিঞৰ।

ডিজিটেল ডেস্কঃ নিমিষতে শেষ হৈ গ'ল এটা সুখী পৰিয়াল। এটা পৰিয়ালৰ ৫ জন সদস্যই পথ দুৰ্ঘটনাত সাবটিলে কৰুণ মৃত্যুক। এটা জন্মদিনৰ পাৰ্টিৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় পৰিয়ালটোৰ বাহনখন।


নিয়ন্ত্ৰণহীন গাড়ীখনে ডিভাইডাৰ পাৰ হৈ সিপাৰৰ এখন ট্ৰাকত খুন্দা মাৰে। তাৰপাছত চূৰমাৰ হোৱা গাড়ীখনৰ পৰা ভাঁহি আহে মৃত্যুৰ চিঞৰ। একেটা পৰিয়ালৰ পাঁচজনৰ মৃত্যুয়ে কঁপাই গ’ল সকলোৰে হৃদয়।

উত্তৰ প্ৰদেশৰ মইনপুৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই বৃহৎ পথ দুৰ্ঘটনাই এটি সুখী পৰিয়াললৈ নমাই আনিলে কাল অমানিশা।


জানিব পৰা মতে, পৰিয়ালটো আগ্ৰাৰ পৰা উভতি আহিছিল চুইফট গাড়ীৰে। তাৰ পাছত বৰষুণত নিয়ন্ত্ৰণহীন হৈ ডিভাইডাৰ পাৰ হৈ সিপাৰৰ এখন তীব্ৰবেগী ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনাটোত ২ গৰাকী মহিলা,

২ টি শিশু আৰু এজন পুৰুষৰ থিতাতে মৃত্যু হয়। আহত হৈছে এগৰাকী কিশোৰী।


দিল্লী-কানপুৰ ৰাষ্ট্ৰীয় ঘাইপথ (জিটি ৰোড)ত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। তথ্য অনুসৰি পৰিয়ালৰ সদস্যসকলে এটা জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰি আগ্ৰাৰ পৰা উভতি আহিছিল।


প্ৰাৰম্ভিক তদন্তত প্ৰৱল বৰষুণ এই দুৰ্ঘটনাৰ কাৰণ বুলি জানিব পৰা হৈছে। গাড়ীখনৰ বিধ্বস্ত ৰূপ দেখিয়েই এই দুৰ্ঘটনাৰ ভয়াৱহতা বুজিব পাৰি । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ