--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিয়ন্ত্ৰণহীন গাড়ীখনে ডিভাইডাৰ পাৰ হৈ সিপাৰৰ এখন ট্ৰাকত খুন্দা মাৰে। তাৰপাছত চূৰমাৰ হোৱা গাড়ীখনৰ পৰা ভাঁহি আহে মৃত্যুৰ চিঞৰ।

ডিজিটেল ডেস্কঃ নিমিষতে শেষ হৈ গ'ল এটা সুখী পৰিয়াল। এটা পৰিয়ালৰ ৫ জন সদস্যই পথ দুৰ্ঘটনাত সাবটিলে কৰুণ মৃত্যুক। এটা জন্মদিনৰ পাৰ্টিৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় পৰিয়ালটোৰ বাহনখন।


নিয়ন্ত্ৰণহীন গাড়ীখনে ডিভাইডাৰ পাৰ হৈ সিপাৰৰ এখন ট্ৰাকত খুন্দা মাৰে। তাৰপাছত চূৰমাৰ হোৱা গাড়ীখনৰ পৰা ভাঁহি আহে মৃত্যুৰ চিঞৰ। একেটা পৰিয়ালৰ পাঁচজনৰ মৃত্যুয়ে কঁপাই গ’ল সকলোৰে হৃদয়।

উত্তৰ প্ৰদেশৰ মইনপুৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই বৃহৎ পথ দুৰ্ঘটনাই এটি সুখী পৰিয়াললৈ নমাই আনিলে কাল অমানিশা।


জানিব পৰা মতে, পৰিয়ালটো আগ্ৰাৰ পৰা উভতি আহিছিল চুইফট গাড়ীৰে। তাৰ পাছত বৰষুণত নিয়ন্ত্ৰণহীন হৈ ডিভাইডাৰ পাৰ হৈ সিপাৰৰ এখন তীব্ৰবেগী ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনাটোত ২ গৰাকী মহিলা,

২ টি শিশু আৰু এজন পুৰুষৰ থিতাতে মৃত্যু হয়। আহত হৈছে এগৰাকী কিশোৰী।


দিল্লী-কানপুৰ ৰাষ্ট্ৰীয় ঘাইপথ (জিটি ৰোড)ত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। তথ্য অনুসৰি পৰিয়ালৰ সদস্যসকলে এটা জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰি আগ্ৰাৰ পৰা উভতি আহিছিল।


প্ৰাৰম্ভিক তদন্তত প্ৰৱল বৰষুণ এই দুৰ্ঘটনাৰ কাৰণ বুলি জানিব পৰা হৈছে। গাড়ীখনৰ বিধ্বস্ত ৰূপ দেখিয়েই এই দুৰ্ঘটনাৰ ভয়াৱহতা বুজিব পাৰি । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু