--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমগ্ৰ দেশতে বৰ্তমান  কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।২০১৮ চনত দেশত কৰ্কট ৰোগীৰ সংখ্যা আছিল ২.৫ নিযুত। ২০২০  চনত, সেই সংখ্যা ৪.৯  নিযুতলৈ বৃদ্ধি হৈছিল। বৰ্তমান দেশত কৰ্কট ৰোগীৰ সংখ্যাই  এক কোটি অতিক্ৰম কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে, প্ৰতিদিনে ১৫০০ ৰো অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। এই মাৰাত্মক ৰোগটো যুৱ প্ৰজন্মৰ মাজতো বাঢ়ি অহা দেখা গৈছে৷ 

কৰ্কট ৰোগৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। কৰ্কট হৈছে এক বহু কাৰকযুক্ত ৰোগ। চিকিৎসকে কয় যে অস্বাস্থ্যকৰ জীৱনশৈলী, বাহিৰৰ খাদ্য খোৱাৰ প্ৰতি থকা  প্ৰৱণতাইয়ো  মানৱ শৰীৰত কৰ্কটৰ জন্ম দিব পাৰে।

শেহতীয়াকৈ, চিকিৎসকসকলে কয় যে নিয়মীয়া ব্যায়ামৰ অভ্যাসে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। অতিৰিক্ত ওজনে অন্ত্ৰ আৰু স্তনৰ দৰে বিভিন্ন অঙ্গত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।সেইয়ে  চিকিৎসকসকলে প্ৰতিদিনে এঘণ্টা ব্যায়াম কৰিবলৈ পৰামৰ্শ দিছে। শাৰীৰিক ব্যায়ামে কৰ্কট ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে। নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাসে শৰীৰত এষ্ট্ৰোজেনৰ স্তৰ হ্ৰাস কৰে৷  সেয়েহে কৰ্কট ৰোগ হোৱাৰ আশংকাও কমি যায়৷ এই  মাৰাত্মক ৰোগৰ পৰা সুৰক্ষিত থাকিবলৈ প্ৰতিদিনে ৩০ মিনিটৰ পৰা এক ঘণ্টা ব্যায়াম কৰাটো বাধ্যতামূলক।
চিকিৎসকসকলে কয় যে ব্যায়াম কৰাৰ কেৱল  অৰ্থ জিমত ঘাম ওলোৱা নহয়। কিছুমান সৰল ব্যায়াম যেনে চাইকেল চলোৱা, সাঁতোৰ, খোজ কঢ়া, যোগে কৰ্কট ৰোগৰ প্ৰৱণতা হ্ৰাস কৰিব। ফুটবল, ভলীবল, বাস্কেটবলৰ দৰে কিছুমান ক্ৰীড়াও দৈনন্দিন ব্যায়ামৰ ৰুটিনত ৰাখিব পাৰি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ