--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব শাৰদীয় নৱৰাত্ৰী। আহিন মাহত শাৰদীয় নৱৰাত্ৰী পালন কৰা হয়। আহিনৰ নৱৰাত্ৰীত মাতাৰ মূৰ্তিৰ পূজা কৰা হয়। নৱৰাত্ৰীৰ এই উৎসৱ অতি ধুমধামেৰে পালন কৰা হয়। নৱৰাত্ৰীত অখণ্ড জ্যোতি জ্বলাই ৰখাৰ নিয়ম প্ৰচলিত আছে। আহকচোন জানো নৱৰাত্ৰিত প্ৰজ্বলিত কৰি ৰখা অখণ্ড জ্যোতিৰ বিশ্বাস আৰু নিয়মৰ বিষয়ে।

যিকোনো শুভ কামৰ আগতে চাকি জ্বলোৱাৰ পৰম্পৰা পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে। কাৰণ চাকি হৈছে প্ৰকাশ আৰু পোহৰৰ প্ৰতীক। ইতিবাচক শক্তি আহে চাকিৰ পোহৰৰ পৰা। নৱৰাত্ৰিৰ সময়ত সম্পূৰ্ণ ৯ দিন অখণ্ড জ্যোতি জ্বলোৱা হয়। অখণ্ড জ্যোতি মানে হৈছে চাকিগছি একেৰাহে নুনুমুৱাকৈ ৯ দিন জ্বলাই ৰাখিব লাগিব। অখণ্ড জ্যোতিক মাতৃ ৰূপ বুলি গণ্য কৰা হয় আৰু তেওঁক পূজা কৰা হয়। নৱৰাত্ৰিত চাকি জ্বলোৱাৰ অনেক নিয়ম আছে যিবোৰ মনত ৰখা উচিত।

অখণ্ড জ্যোতি জ্বলাই ৰখাৰ নিয়ম

১)যদি অখণ্ড জ্যোতি ঘৰত জ্বলি আছে, তেন্তে সাত্ত্বিকতা মানি চলিব লাগে। কোনো ধৰণৰ অপবিত্ৰ বস্তু ঘৰত ৰাখিব নালাগে। এই সময়ত ব্ৰহ্মচৰ্য জীৱন মানি চলক। দেৱীক পূজা কৰাৰ সময়ত ৯ দিন মাছ,মাংস আদি আমিষ আহাৰ আৰু সুৰাৰ পৰা আঁতৰত থাকিব লাগে।

২)যদি তেলৰ চাকি জ্বলাই তেন্তে মাতাৰ মূৰ্তিৰ বাওঁফালে ৰাখিব আৰু ঘিউৰ চাকি জ্বলালে সোঁফালে ৰখাটো শুভ। চাকি জ্বলোৱাৰ সময়ত দীপম ঘৃত দক্ষে, তেল যুতঃ চা বামতঃ মন্ত্ৰ জপ কৰিব লাগে। এই মন্ত্ৰ আবৃত্তি কৰিলে চাকি জ্বলোৱাৰ গুৰুত্ব আৰু ফল বাঢ়ি যায়।

৩)অখণ্ড জ্যোতি নুমাই যোৱাটো শুভ বুলি গণ্য কৰা নহয়। গতিকে ইয়াক ৰক্ষা কৰিবলৈ কাঁচৰ আৱৰণেৰে ঢাকিব লাগে, যাতে চাকিৰ শিখা বতাহৰ দৰে বস্তুৰ পৰা ৰক্ষা পৰে আৰু অখণ্ড জ্যোতি নিৰ্বাপিত নহয়। যদি চাকি নুমাই যায়, তেন্তে থাপনাত জ্বলোৱা চাকিৰে পুনৰবাৰ অখণ্ড জ্যোতি  জ্বলাব পাৰি।

৪)অখণ্ড জ্যোতিক ঘৰত অকলশৰীয়াকৈ এৰিব নালাগে। অখণ্ড জ্যোতি মাতৃৰ ৰূপ, সেয়ে ইয়াক ঘৰৰ এখন পৰিষ্কাৰ ঠাইত সদায় ৰাখিব লাগে। শিখাৰ ওচৰত শৌচাগাৰ বা বাথৰুম থাকিব নালাগে।

৫) অখণ্ড জ্যোতিক কেতিয়াও মাটিত নাৰাখিব।

৬) অখণ্ড জ্যোতি পূব-দক্ষিণ দিশত ৰাখিব লাগে। 

অখণ্ড জ্যোতিৰ পৰা ঘৰখনলৈ সুখ, শান্তি, সমৃদ্ধিৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক