--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব শাৰদীয় নৱৰাত্ৰী। আহিন মাহত শাৰদীয় নৱৰাত্ৰী পালন কৰা হয়। আহিনৰ নৱৰাত্ৰীত মাতাৰ মূৰ্তিৰ পূজা কৰা হয়। নৱৰাত্ৰীৰ এই উৎসৱ অতি ধুমধামেৰে পালন কৰা হয়। নৱৰাত্ৰীত অখণ্ড জ্যোতি জ্বলাই ৰখাৰ নিয়ম প্ৰচলিত আছে। আহকচোন জানো নৱৰাত্ৰিত প্ৰজ্বলিত কৰি ৰখা অখণ্ড জ্যোতিৰ বিশ্বাস আৰু নিয়মৰ বিষয়ে।

যিকোনো শুভ কামৰ আগতে চাকি জ্বলোৱাৰ পৰম্পৰা পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে। কাৰণ চাকি হৈছে প্ৰকাশ আৰু পোহৰৰ প্ৰতীক। ইতিবাচক শক্তি আহে চাকিৰ পোহৰৰ পৰা। নৱৰাত্ৰিৰ সময়ত সম্পূৰ্ণ ৯ দিন অখণ্ড জ্যোতি জ্বলোৱা হয়। অখণ্ড জ্যোতি মানে হৈছে চাকিগছি একেৰাহে নুনুমুৱাকৈ ৯ দিন জ্বলাই ৰাখিব লাগিব। অখণ্ড জ্যোতিক মাতৃ ৰূপ বুলি গণ্য কৰা হয় আৰু তেওঁক পূজা কৰা হয়। নৱৰাত্ৰিত চাকি জ্বলোৱাৰ অনেক নিয়ম আছে যিবোৰ মনত ৰখা উচিত।

অখণ্ড জ্যোতি জ্বলাই ৰখাৰ নিয়ম

১)যদি অখণ্ড জ্যোতি ঘৰত জ্বলি আছে, তেন্তে সাত্ত্বিকতা মানি চলিব লাগে। কোনো ধৰণৰ অপবিত্ৰ বস্তু ঘৰত ৰাখিব নালাগে। এই সময়ত ব্ৰহ্মচৰ্য জীৱন মানি চলক। দেৱীক পূজা কৰাৰ সময়ত ৯ দিন মাছ,মাংস আদি আমিষ আহাৰ আৰু সুৰাৰ পৰা আঁতৰত থাকিব লাগে।

২)যদি তেলৰ চাকি জ্বলাই তেন্তে মাতাৰ মূৰ্তিৰ বাওঁফালে ৰাখিব আৰু ঘিউৰ চাকি জ্বলালে সোঁফালে ৰখাটো শুভ। চাকি জ্বলোৱাৰ সময়ত দীপম ঘৃত দক্ষে, তেল যুতঃ চা বামতঃ মন্ত্ৰ জপ কৰিব লাগে। এই মন্ত্ৰ আবৃত্তি কৰিলে চাকি জ্বলোৱাৰ গুৰুত্ব আৰু ফল বাঢ়ি যায়।

৩)অখণ্ড জ্যোতি নুমাই যোৱাটো শুভ বুলি গণ্য কৰা নহয়। গতিকে ইয়াক ৰক্ষা কৰিবলৈ কাঁচৰ আৱৰণেৰে ঢাকিব লাগে, যাতে চাকিৰ শিখা বতাহৰ দৰে বস্তুৰ পৰা ৰক্ষা পৰে আৰু অখণ্ড জ্যোতি নিৰ্বাপিত নহয়। যদি চাকি নুমাই যায়, তেন্তে থাপনাত জ্বলোৱা চাকিৰে পুনৰবাৰ অখণ্ড জ্যোতি  জ্বলাব পাৰি।

৪)অখণ্ড জ্যোতিক ঘৰত অকলশৰীয়াকৈ এৰিব নালাগে। অখণ্ড জ্যোতি মাতৃৰ ৰূপ, সেয়ে ইয়াক ঘৰৰ এখন পৰিষ্কাৰ ঠাইত সদায় ৰাখিব লাগে। শিখাৰ ওচৰত শৌচাগাৰ বা বাথৰুম থাকিব নালাগে।

৫) অখণ্ড জ্যোতিক কেতিয়াও মাটিত নাৰাখিব।

৬) অখণ্ড জ্যোতি পূব-দক্ষিণ দিশত ৰাখিব লাগে। 

অখণ্ড জ্যোতিৰ পৰা ঘৰখনলৈ সুখ, শান্তি, সমৃদ্ধিৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ