--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সকলোৰে জীৱনত উত্থান-পতন থাকে আৰু তাৰ অৰ্থ এইটো নহয় যে তেওঁ জীৱনটো জীয়াই থকাটো বন্ধ কৰি দিব। পৰিস্থিতিৰ সন্মুখীন হোৱাটো গুৰুত্বপূৰ্ণ। এয়া প্ৰমাণ কৰি দেখুৱালে এগৰাকী সাহসী মহিলাই। যাৰ ওজন বৃদ্ধি পাই ৯৩কেজিত উপনীত হয়। তাৰ পাছত তেওঁ নিজ মনোবলেৰে এক কঠোৰ চেলেঞ্জ লৈ ১০ মাহত ২৫ কেজি ওজন কমালে। কঠোৰ পৰিশ্ৰম কৰি ডায়েট প্লেন মানিলেও। কিন্তু আচৰিত কথা যে তেওঁ একো খোৱা বন্ধ নকৰিলে। তাৰ পাছতো এইগৰাকী মহিলা ৯৩ কেজিৰ পৰা ৬৮ কেজিলৈ হ্ৰাস কৰিছিল। 

তেওঁৰ নাম প্ৰেৰণা মিশ্ৰ।স্কুলত খেলা-ধূলাৰ কাম-কাজৰ প্ৰতি অতি আগ্ৰহী আৰু বাস্কেটবলও অতি ভালদৰে খেলা এগৰাকী যুৱতী। তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে জীৱনটো ইমান পাছত বেয়াকৈ সলনি হ’ব। দশম উত্তীৰ্ণ হোৱাৰ পাছত কলেজত পঢ়া-শুনা, বৃত্তি আৰু তাৰ পাছত মাতৃত্বৰ সোৱাদ লোৱা এগৰাকী সাহসী মহিলা। কিন্তু হঠাতে তেওঁৰ জীৱন সলনি হ'ল। লগে লগে খেলৰ পৰা বিৰতি আৰু পৰিয়ালৰ হেঁচাত তেওঁৰ ওজন বৃদ্ধি হবলৈ ধৰিলে লাহে লাহে তেওঁ ৯২ কেজি ওজন হ’ল। তাৰ পিছত তেওঁৰ জীৱনৰ এটা ঘটনাই তেওঁৰ জীৱনশৈলী সলনি কৰি পেলালে। দুখৰ কথা যে  তেওঁৰ চাৰি বছৰীয়া ছোৱালীজনীৰ তেজৰ কৰ্কট ৰোগ ধৰা পৰিছিল।তাৰ পিছতেই তেওঁ নিজকে প্ৰেৰণা দিবলৈ নিজকে ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছিল আৰু নিজৰ কামবোৰ সঠিকভাৱে কৰিবলৈ লৈছিল।১০ মাহত তেওঁৰ ওজন ২৫ কেজি কমিছিল। বিভিন্ন সংবাদ মাধ্যমৰ আগত তেওঁ নিজৰ ফিটনেছ যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰি জীৱনত কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল সেই কথা প্ৰকাশ কৰিছে।আহক জানো তেওঁ কেনেকৈ ওজন কমালে। যিসকল লোক বৰ্তমানো নিজৰ জীৱনক লৈ অনিশ্চয়তাত ভুগি আছে, তেওঁলোকে এই মহিলাগৰাকীৰ কাহিনী এবাৰ পঢ়িব পাৰে।

তেওঁৰ উচ্চতা ৫ ফুট ৬ ইঞ্চি, বয়স ৩৬ বছৰ আৰু সৰ্বোচ্চ ওজন-৯৩ কেজি কিন্তু বৰ্তমান ওজন ৬৮ কেজি। মুঠ ২৫ কেজি ওজন কমাৰ যাত্ৰা কেনে আছিল জানেনে ? 

এক সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বেংকৰ জ্যেষ্ঠ মেনেজাৰ প্ৰেৰণাই কয় যে, "প্ৰথম অৱস্থাত মই ক্ৰীড়া কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে অতি আগ্ৰহী আছিলো। মই এগৰাকী কথক নৃত্যশিল্পী আছিলো। কিন্তু বিয়াৰ পাছত মোৰ জীৱন সলনি হ'ল। কৰ্ম-জীৱন আৰু পেছাদাৰী হেঁচাত পাৰিবাৰিক জীৱন সলনি হ'ল। তাৰ পাছত ২০২১ চনৰ জানুৱাৰী মাহত মোৰ ছোৱালীজনী অসুস্থ হৈ পৰিছিল আৰু মোৰ জীৱনটো প্ৰায় অন্ধকাৰ হৈ পৰিছিল।প্ৰতিদিনে মই মোৰ ছোৱালীজনীৰ যত্ন ল'বলগীয়া হৈছিল।তাই দিনে দিনে দুৰ্বল হৈ আহিছিল দিনবোৰ ইমানেই বেয়া যে মই মোৰ ছোৱালীক চিকিৎসালয়লৈ নিজে লৈ যাবলগীয়া হৈছিল।" 

তেওঁ লগতে কয়, "তাৰ পিছত মই সিদ্ধান্ত লৈছিলো যে ছোৱালীজনীৰ সঠিক যত্ন ল'বলৈ হ'লে মই ফিট হ'ব লাগিব। তাৰ পিছত মই ফিটনেছৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ।"

প্ৰেৰণাই প্ৰকাশ কৰে যে তেওঁ জানি ট্ৰেন্সফৰ্মেচন আৰম্ভ কৰাৰ আগতে সকলো খাইছিল। তেওঁ বহুত ভাত খাইছিল। এতিয়া সেয়ি পৰিমিতভাৱে খোৱা হয়। প্ৰথম অৱস্থাত এই খাদ্যত ভাত বেছি আছিল আৰু দালিৰ চালাড কম আছিল। এতিয়া ভাত কম, শাক-পাচলি-চালাড বেছি। তেওঁ ক'লে, "মই সকলো খাওঁ। সেইবাবেই মই সঘনাই মোৰ ডায়েট সলনি কৰিছিলো। কাৰণ মই শিকিছিলো যে আপুনি যি খায় সীমিত কৰাটো গুৰুত্বপূৰ্ণ। মই ফুচকা ভাল পাওঁ আৰু মই কেতিয়াও ফুচকা খোৱা বন্ধ কৰা নাছিলো। কিন্তু মই ইয়াৰ কেলৰিৰ বিষয়ে জানিছিলোঁ সেইবাবেই যেতিয়াই মই ফুচকা খাওঁ, তেতিয়াই ইয়াক আন খাদ্যৰ সৈতে মেনেজ কৰো। মোৰ প্ৰশিক্ষকে ডায়েটটো এনেকৈয়ে বনাইছিল।"

তেওঁৰ আহাৰ গ্ৰহণ কৰাৰ তালিকাখন আছিল এনেধৰণৰ:

১) পুৱাৰ আহাৰ: ৰুটি , আধা সিজা  কণী, চেনিৰ সৈতে আদা চাহ, ৱেই প্ৰটিন 

২) দুপৰীয়াৰ আহাৰ: চিকেন বিৰিয়ানী। ৪০ গ্ৰাম চাউল আৰু ১০০ গ্ৰাম কুকুৰা। কেতিয়াবা চিকেন ৰোল বা চিকেন পাস্তা, চালাড

৩) সন্ধিয়াৰ জলপান: চেনিৰ সৈতে আদা চাহ

৪) নৈশ আহাৰ: গ্ৰাম ৰুটি, এটা অমলেট, এটা স্কুপ ৱেই প্ৰটিন।

তেওঁ কয় ,'মই মোৰ ছোৱালীজনীৰ স্বাস্থ্যক লৈ বহুত চিন্তিত। কিন্তু মই সদায় ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰো। মই জানো যে সমস্যাবোৰ আহে আৰু যায়। আমি সাহসেৰে ধৈৰ্য্য ধৰিব লাগিব আৰু নিজকে প্ৰেৰণা দিব লাগিব।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ