--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওজন কমাবলৈ মানুহে বহু কামেই কৰে। কিন্তু কুহুমীয়া গৰম পানীয়েও ওজন সকমোৱাত সহায় কৰিব পাৰে। বহু স্বাস্থ্য বিজ্ঞানীৰ মতে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত কুহুমীয়া গৰম পানীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ পুৱাই খালী পেটত গৰম পানী খোৱাৰ অভ্যাস  বহুতৰে আছে৷ বহুতে  সাৰ পোৱাৰ লগে লগে এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে।

শোৱাৰ সময়ত ৰাতি ৭-৮  ঘণ্টা পানী নোখোৱাৰ পিছত, এই অভ্যাসে কেৱল তৃষ্ণা পূৰণ কৰাত সহায় নকৰে। ই ওজন হ্ৰাস কৰা, হজম কৰাত সহায় কৰা, আৰু আনকি বৃক্কৰ কাৰ্যসুৰক্ষিত কৰাত সহায় কৰে।
বিশেষজ্ঞসকলৰ মতে পুৱা খালী পেটত গৰম পানী খোৱাৰ সঠিক নিয়মো আছে। দুকাপ পানী উতলাওক, ইয়াক একাপ বনাওক, তাৰ পিছতসামান্য গৰম থাকিলে পান কৰিব লাগে। যদি সম্ভৱ হয়, শুকান আদা সেই পানীত মিহলি কৰিব পাৰি। এই নিয়ম মানি গৰম পানী খালে   ওজন হ্ৰাস হোৱাত সহায়ক হয়।
 পুৱা গৰম পানী খালে  কোষ্ঠকাঠিন্যৰ দৰে সমস্যা বোৰ আঁতৰ কৰে। কিয়নো, গৰম গৰম পানীয়ে বৃহদান্ত্ৰৰ পেশীবোৰ শিথিল কৰে।

বহু বিশেষজ্ঞৰ মতে আকৌ যেতিয়া পানী মুখ আৰু খাদ্যনলীৰ জৰিয়তে পাকস্থলীত উপস্থিত হয়, পানীৰ তাপমাত্ৰা শৰীৰৰ উষ্ণতাৰ সৈতে মিলি যায়। গৰম পানীৰ প্ৰভাৱ কিছু পৰিমাণে শ্বাসতন্ত্ৰৰ ওপৰত পৰে। কিন্তু শাৰীৰিক কামত ইয়াৰ বিশেষ প্ৰভাৱ পৰিব নোৱাৰে। গতিকে গৰম হওঁক বা ঠাণ্ডা হওঁক পুৱা সুৰক্ষিতভাৱে পানী খোৱা ভাল৷ পানী খোৱাৰ পূৰ্বে সেই পানী কিমান পৰিষ্কাৰ সেই বিষয়তো গুৰুত্ব দিব লাগে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ