--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই খন বিশ্বত কিমান যে কি ঘটনা ঘটে। পুৰুষ "গৰ্ভৱতী " হোৱাৰ এক ঘটনা শেহতীয়া পোহৰলৈ আহিছে। অবিশ্বাস্য ঘটনাটো ঘটিছে নাগপুৰ।  নাগপুৰৰ সেই লোকজনৰ  পেটটো অস্বাভাৱিকভাৱে ফুলি গৈছিল।  ৩৬ বছৰীয়া লোকজনৰ পেটত স্থিতি লৈছিল ভ্ৰূণে! যদিও ঘটনাটো  ১৯৯৯ চনতে সংঘটিত হৈছিল , সেই ঘটনাৰ কথা এতিয়াহে লোকচক্ষুৰ সন্মুখলৈ আহিছে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি  নাগপুৰৰ  বাসিন্দা সেই লোকজনৰ গৰ্ভত যমজ সন্তানে স্থিতি লৈছিল। লোক জনৰ নাম সঞ্জু ভগত । তেওঁৰ পেটটো ফুলি আহিছিল যদিও প্ৰথমে তেওঁ  চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল। কিন্তু লাহে লাহে পেটটো ইমান বেছি ফুলি উঠিছিল যে লোকজনে উশাহ লোৱাত কষ্ট পাবলৈ ধৰিছিল।  শেষত মুম্বাইৰ এখন  চিকিৎসালয়খনত পৰীক্ষা কৰি  তেওঁৰ গৰ্ভত  ভ্ৰূণ থকাৰ কথা নিশ্চিত কৰা হৈছিল।

প্ৰথম দৃষ্টিত চিকিৎসকসকলে ভাবিছিল যে  লোকজনৰ পেটত হয়তো  টিউমাৰ আছে।   সঞ্জু কৰ্কট ৰোগত আক্ৰান্ত আছিল। সেয়ে চিকিৎসকে তেওঁৰ  দ্ৰুত অস্ত্ৰোপচাৰ কৰাৰ পৰিকল্পনা কৰিছিল।ইয়াৰ পিছতে প্ৰকৃত  সত্যটো ওলাই পৰে। যি কথাই চিকিৎসকসকলক  হতবাক কৰি তুলিছিল। শল্য চিকিৎসক অজয় মেহতাই কয়  যে মানুহজনৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত তেওঁলোকে ভ্ৰূণৰ ভৰি আৰু চুলিকে ধৰি শৰীৰৰ বিভিন্ন অংশ বিচাৰি পাইছিল। 

দৰাচলতে বিশ্বত তেনেই বিৰল  এই নিৰ্দিষ্ট শাৰীৰিক অৱস্থাটোক 'ফেটাছ ইন ফেটু ' বুলি কোৱা হয়। লোকজনৰ দুয়োটা ভ্ৰূণৰে মৃত্যু ঘটিছিল। চিকিৎসকসকলে কয় যে এনে পৰিস্থিতি অত্যন্ত বিৰল। প্ৰতি পাঁচ লাখ লোকৰ ভিতৰত এজনৰহে এনে হ’ব পাৰে।  চিকিৎসকসকলে এতিয়া চাৰে তিনি দশক আগতে ঘটা ঘটনাটোৰ কথা কোনো এক বিষয়ৰ প্ৰসংগত  প্ৰকাশ কৰিছে। লগে লগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰটোৱে ঠাই পাইছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে