--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই খন বিশ্বত কিমান যে কি ঘটনা ঘটে। পুৰুষ "গৰ্ভৱতী " হোৱাৰ এক ঘটনা শেহতীয়া পোহৰলৈ আহিছে। অবিশ্বাস্য ঘটনাটো ঘটিছে নাগপুৰ।  নাগপুৰৰ সেই লোকজনৰ  পেটটো অস্বাভাৱিকভাৱে ফুলি গৈছিল।  ৩৬ বছৰীয়া লোকজনৰ পেটত স্থিতি লৈছিল ভ্ৰূণে! যদিও ঘটনাটো  ১৯৯৯ চনতে সংঘটিত হৈছিল , সেই ঘটনাৰ কথা এতিয়াহে লোকচক্ষুৰ সন্মুখলৈ আহিছে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি  নাগপুৰৰ  বাসিন্দা সেই লোকজনৰ গৰ্ভত যমজ সন্তানে স্থিতি লৈছিল। লোক জনৰ নাম সঞ্জু ভগত । তেওঁৰ পেটটো ফুলি আহিছিল যদিও প্ৰথমে তেওঁ  চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল। কিন্তু লাহে লাহে পেটটো ইমান বেছি ফুলি উঠিছিল যে লোকজনে উশাহ লোৱাত কষ্ট পাবলৈ ধৰিছিল।  শেষত মুম্বাইৰ এখন  চিকিৎসালয়খনত পৰীক্ষা কৰি  তেওঁৰ গৰ্ভত  ভ্ৰূণ থকাৰ কথা নিশ্চিত কৰা হৈছিল।

প্ৰথম দৃষ্টিত চিকিৎসকসকলে ভাবিছিল যে  লোকজনৰ পেটত হয়তো  টিউমাৰ আছে।   সঞ্জু কৰ্কট ৰোগত আক্ৰান্ত আছিল। সেয়ে চিকিৎসকে তেওঁৰ  দ্ৰুত অস্ত্ৰোপচাৰ কৰাৰ পৰিকল্পনা কৰিছিল।ইয়াৰ পিছতে প্ৰকৃত  সত্যটো ওলাই পৰে। যি কথাই চিকিৎসকসকলক  হতবাক কৰি তুলিছিল। শল্য চিকিৎসক অজয় মেহতাই কয়  যে মানুহজনৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত তেওঁলোকে ভ্ৰূণৰ ভৰি আৰু চুলিকে ধৰি শৰীৰৰ বিভিন্ন অংশ বিচাৰি পাইছিল। 

দৰাচলতে বিশ্বত তেনেই বিৰল  এই নিৰ্দিষ্ট শাৰীৰিক অৱস্থাটোক 'ফেটাছ ইন ফেটু ' বুলি কোৱা হয়। লোকজনৰ দুয়োটা ভ্ৰূণৰে মৃত্যু ঘটিছিল। চিকিৎসকসকলে কয় যে এনে পৰিস্থিতি অত্যন্ত বিৰল। প্ৰতি পাঁচ লাখ লোকৰ ভিতৰত এজনৰহে এনে হ’ব পাৰে।  চিকিৎসকসকলে এতিয়া চাৰে তিনি দশক আগতে ঘটা ঘটনাটোৰ কথা কোনো এক বিষয়ৰ প্ৰসংগত  প্ৰকাশ কৰিছে। লগে লগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰটোৱে ঠাই পাইছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু