--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি নিশ্চয় শুনিছে যে মানুহৰ অংগবোৰে তেওঁৰ ব্যক্তিত্বৰ কথা ক’ব পাৰে। মানুহৰ চকু, তেওঁৰ খোজ কঢ়াৰ ধৰণ আদিৰ দ্বাৰা তেওঁৰ বিষয়ে বুজিব পাৰি বা ধৰা পেলাব পাৰি। কিন্তু আপুনি জানেনে যে এজন ব্যক্তিৰ ওঁঠলৈ চাইও তেওঁৰ ব্যক্তিত্ব বহু পৰিমাণে নিৰ্ণয় কৰিব পৰা যায়। এজন মানুহৰ চকুৰ পিছত তেওঁৰ ওঁঠে মানুহক আটাইতকৈ বেছি আকৰ্ষণ কৰে। আজি আমি আপোনালোকক ক'ম কাৰোবাৰ ওঁঠত চাই কেনেকৈ জানিব পাৰি তেওঁৰ ব্যক্তিত্ব কেনেধৰণৰ

যিসকলৰ ওঁঠৰ আকৃতি নিখুঁত হয় তেওঁলোকৰ হৃদয়খন ভাল। এনে লোক আনৰ প্ৰতি সহানুভূতিশীল আৰু উদাৰ। লগতে যিকোনো সম্পৰ্কটোক সৎভাৱে লয়। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ কথা চিন্তা কৰে। এনে লোকে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল পায়। সাধাৰণতে অন্তৰ্মুখী ব্যক্তিত্ব থাকে। কিন্তু কেতিয়াবা এই লোকসকলে খৰখেদাকৈ বা আনকি চিন্তা নকৰাকৈয়ে কথা ক’ব পাৰে যিটো তেওঁলোকৰ বাবে সমস্যা হৈ পৰিব পাৰে।

তলৰ ওঁঠ সম্পূৰ্ণৰূপে থকা লোকসকল সাধাৰণতে উল্লাসিত হয়। জীৱন উপভোগ কৰি ভাল পায়। এইসকল লোকে কেৰিয়াৰত অগ্ৰগতি লাভ কৰে। এনে মানুহে নতুন নতুন বস্তু চেষ্টা কৰি ভাল পায়, নতুন নতুন অভিজ্ঞতা সৃষ্টি কৰি নতুন নতুন ঠাই অন্বেষণ কৰি ভাল পায়।

ওপৰৰ ওঁঠ সম্পূৰ্ণৰূপে থকা মানুহক নাটক প্ৰেমী বুলি জনা যায়। এনে মানুহ অতি সোনকালেই সকলোৰে প্ৰিয় হৈ পৰে। এইসকল লোকৰ কমিক টাইমিং আৰু হাস্যৰসিক হয় । যিকোনো ঠাইতে এই মানুহবোৰে সহজেই নিজৰ কথাখিনি ৰাখে।

যিসকল লোকৰ ওঁঠ পাতল, তেওঁলোক অন্তৰ্মুখী। এনে মানুহে অকলে সময় কটাবলৈ ভাল পায়। এইসকল লোকে মানুহৰ লগত সংযোগ স্থাপন কৰাত অলপ অস্বস্তি অনুভৱ কৰে। মানুহৰ লগত মিহলি হোৱাত অসুবিধা হয় এইসকল লোকৰ।

যদি ওঁঠৰ আকৃতি ধনুৰ দৰে হয়, তেন্তে এনে মানুহ ভাল যোগাযোগকাৰী হয় । যিকোনো ঠাইতে তেওঁলোকৰ কথাৰে ৰাইজৰ ওপৰত এক বেলেগ ছাপ এৰি দিয়ে। এনে মানুহবোৰো ৰোমান্টিক। তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল তেওঁলোকে যিকোনো ঠাইতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ