--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি নিশ্চয় শুনিছে যে মানুহৰ অংগবোৰে তেওঁৰ ব্যক্তিত্বৰ কথা ক’ব পাৰে। মানুহৰ চকু, তেওঁৰ খোজ কঢ়াৰ ধৰণ আদিৰ দ্বাৰা তেওঁৰ বিষয়ে বুজিব পাৰি বা ধৰা পেলাব পাৰি। কিন্তু আপুনি জানেনে যে এজন ব্যক্তিৰ ওঁঠলৈ চাইও তেওঁৰ ব্যক্তিত্ব বহু পৰিমাণে নিৰ্ণয় কৰিব পৰা যায়। এজন মানুহৰ চকুৰ পিছত তেওঁৰ ওঁঠে মানুহক আটাইতকৈ বেছি আকৰ্ষণ কৰে। আজি আমি আপোনালোকক ক'ম কাৰোবাৰ ওঁঠত চাই কেনেকৈ জানিব পাৰি তেওঁৰ ব্যক্তিত্ব কেনেধৰণৰ

যিসকলৰ ওঁঠৰ আকৃতি নিখুঁত হয় তেওঁলোকৰ হৃদয়খন ভাল। এনে লোক আনৰ প্ৰতি সহানুভূতিশীল আৰু উদাৰ। লগতে যিকোনো সম্পৰ্কটোক সৎভাৱে লয়। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ কথা চিন্তা কৰে। এনে লোকে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল পায়। সাধাৰণতে অন্তৰ্মুখী ব্যক্তিত্ব থাকে। কিন্তু কেতিয়াবা এই লোকসকলে খৰখেদাকৈ বা আনকি চিন্তা নকৰাকৈয়ে কথা ক’ব পাৰে যিটো তেওঁলোকৰ বাবে সমস্যা হৈ পৰিব পাৰে।

তলৰ ওঁঠ সম্পূৰ্ণৰূপে থকা লোকসকল সাধাৰণতে উল্লাসিত হয়। জীৱন উপভোগ কৰি ভাল পায়। এইসকল লোকে কেৰিয়াৰত অগ্ৰগতি লাভ কৰে। এনে মানুহে নতুন নতুন বস্তু চেষ্টা কৰি ভাল পায়, নতুন নতুন অভিজ্ঞতা সৃষ্টি কৰি নতুন নতুন ঠাই অন্বেষণ কৰি ভাল পায়।

ওপৰৰ ওঁঠ সম্পূৰ্ণৰূপে থকা মানুহক নাটক প্ৰেমী বুলি জনা যায়। এনে মানুহ অতি সোনকালেই সকলোৰে প্ৰিয় হৈ পৰে। এইসকল লোকৰ কমিক টাইমিং আৰু হাস্যৰসিক হয় । যিকোনো ঠাইতে এই মানুহবোৰে সহজেই নিজৰ কথাখিনি ৰাখে।

যিসকল লোকৰ ওঁঠ পাতল, তেওঁলোক অন্তৰ্মুখী। এনে মানুহে অকলে সময় কটাবলৈ ভাল পায়। এইসকল লোকে মানুহৰ লগত সংযোগ স্থাপন কৰাত অলপ অস্বস্তি অনুভৱ কৰে। মানুহৰ লগত মিহলি হোৱাত অসুবিধা হয় এইসকল লোকৰ।

যদি ওঁঠৰ আকৃতি ধনুৰ দৰে হয়, তেন্তে এনে মানুহ ভাল যোগাযোগকাৰী হয় । যিকোনো ঠাইতে তেওঁলোকৰ কথাৰে ৰাইজৰ ওপৰত এক বেলেগ ছাপ এৰি দিয়ে। এনে মানুহবোৰো ৰোমান্টিক। তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল তেওঁলোকে যিকোনো ঠাইতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু