--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পংকজ ত্ৰিপাঠী, সকলোৰে এখন চিনাকী মুখ ৷ সৰু সৰু চৰিত্ৰৰ শক্তিশালী অভিনয়েৰে চলচ্চিত্ৰ জগতত নিজৰ জীৱন আৰম্ভ কৰা পংকজ ত্ৰিপাঠীয়ে আজি বলীউডত শাসন চলাইছে। কেৱল সাধাৰণ মানুহে নহয়, আনকি বলীউডৰ চেলিব্ৰিটিও পংকজ ত্ৰিপাঠীৰ স্বাভাৱিক অভিনয়ৰ অনুৰাগী। বৰ্তমান তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰতিটো সৰু সৰু কথা জানিবলৈ সকলোৱে উচ্ছ্বসিত হৈ পৰে। আজি আমি আপোনালোকলৈ লৈ আহিছো অভিনেতা গৰাকীৰ মাতৃৰ সৈতে জড়িত এক আচৰিত কাহিনী , যিটো তেওঁ এক সাক্ষাৎকাৰত ব্যক্ত কৰে ৷

আচলতে কিছুমাহৰ পূৰ্বে পংকজ ত্ৰিপাঠী জাকিৰ খানৰ এক অনুষ্ঠানৰ অতিথি হিচাপে গৈছিল। য'ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বহু কথা সকলোৰে লগত শ্বেয়াৰ কৰিছিল। এই সময়ছোৱাত অভিনেতাগৰাকীয়ে মাতৃৰ বিষয়ে এটা উপাখ্যানো কয়। অভিনেতাগৰাকীয়ে কয়, ‘‘এবাৰ মুম্বাইত থাকোঁতে মাৰ অসুস্থতাৰ কথা ফোনত গম পালো, পাটনাৰ এখন চিকিৎসালয়ত ভৰ্তি আছিল তেওঁ। এই কথা শুনি মই বৰ চিন্তিত হৈ পুৱা প্ৰথম বিমানেৰে পাটনা পালোঁগৈ।’’

আগলৈ তেওঁ কয়, ‘‘মই তালৈ যোৱাৰ লগে লগে মই মোৰ মাক লগ পালো। ডাক্তৰে চেকআপ কৰিবলৈ আহিল, তেওঁ মালৈ চাই ক’লে, ‘ঠিক আছে এইগৰাকী ৰোগী’, তাৰ পিছত মোৰ ফালে চাই  থমকি ৰ’ল। ডাক্তৰে ক'লে 'চুলতান', মই ক'লো হয় ছাৰ, তাৰ পিছত তেওঁ ক'লে - আপুনি ইয়াত, মই কলো হয় এইগৰাকী মোৰ মা, তেওঁ ক'লে আপুনি মোক কিয় কোৱা নাই। মই কলো, কি হৈছে, মইটো এপইন্টমেন্ট লৈ আহিছো। আচৰিত হৈ তেওঁ ক’লে, ‘ঠিক আছে, আপুনি বহক ।’’


অভিনেতাজনে ক’লে যে, ‘মোক লগ পোৱাৰ পাছত সেই ডাক্তৰজনে মোৰ মাক অতি যতনেৰে চিকিৎসা কৰিলে। তাৰপিছত মই যাবলৈ লওঁতে মোক আগবঢ়াবলৈ বাহিৰলৈ ওলাই আহিল। ঠিক তেতিয়াই তেওঁৰ সহায়কজন আহি আমাৰ পৰা লোৱা সকলো টকা ঘূৰাই দিলে। দেউতাই এই কথা গম পাই ইমানেই গৌৰৱ অনুভৱ কৰিলে যে ইমান ডাঙৰ ডাক্তৰে টকা ঘূৰাই দিলে বুলি গোটেই গাঁওখনক জনালে ..'

আচলতে কিমান জনপ্ৰিয় হ’লে পাই এই আদৰ ? 

সৰু সৰু অভিনয়ৰে দৰ্শকৰ মন জয় কৰা পংকজ ত্ৰিপাঠী এনে এজন অভিনেতা যাক অতি কম সময়ৰ ভিতৰতে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ভাল পায় ৷ ২০১৭ চনত মুক্তি পোৱা  গুৰগাঁ‌ও নামৰ চলচ্চিত্ৰখনত তেওঁ প্ৰথমবাৰলৈ প্ৰধান চৰিত্ৰত অভিনয় কৰে।

২০১৭ চনত মুক্তিপ্ৰাপ্ত তেওঁ আন এখন ছবি ‘নিউটনে’ অকাডেমী বঁ‌টাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ শিতানত ভাৰতৰ হৈ আনুষ্ঠানিক প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ৷

২০১৮ চনত মিৰ্জাপুৰ নামৰ এখন ৱেবছিৰিজটো তেওঁ এটি শক্তিশালী চৰিত্ৰত অভিনয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক