--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পংকজ ত্ৰিপাঠী, সকলোৰে এখন চিনাকী মুখ ৷ সৰু সৰু চৰিত্ৰৰ শক্তিশালী অভিনয়েৰে চলচ্চিত্ৰ জগতত নিজৰ জীৱন আৰম্ভ কৰা পংকজ ত্ৰিপাঠীয়ে আজি বলীউডত শাসন চলাইছে। কেৱল সাধাৰণ মানুহে নহয়, আনকি বলীউডৰ চেলিব্ৰিটিও পংকজ ত্ৰিপাঠীৰ স্বাভাৱিক অভিনয়ৰ অনুৰাগী। বৰ্তমান তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰতিটো সৰু সৰু কথা জানিবলৈ সকলোৱে উচ্ছ্বসিত হৈ পৰে। আজি আমি আপোনালোকলৈ লৈ আহিছো অভিনেতা গৰাকীৰ মাতৃৰ সৈতে জড়িত এক আচৰিত কাহিনী , যিটো তেওঁ এক সাক্ষাৎকাৰত ব্যক্ত কৰে ৷

আচলতে কিছুমাহৰ পূৰ্বে পংকজ ত্ৰিপাঠী জাকিৰ খানৰ এক অনুষ্ঠানৰ অতিথি হিচাপে গৈছিল। য'ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বহু কথা সকলোৰে লগত শ্বেয়াৰ কৰিছিল। এই সময়ছোৱাত অভিনেতাগৰাকীয়ে মাতৃৰ বিষয়ে এটা উপাখ্যানো কয়। অভিনেতাগৰাকীয়ে কয়, ‘‘এবাৰ মুম্বাইত থাকোঁতে মাৰ অসুস্থতাৰ কথা ফোনত গম পালো, পাটনাৰ এখন চিকিৎসালয়ত ভৰ্তি আছিল তেওঁ। এই কথা শুনি মই বৰ চিন্তিত হৈ পুৱা প্ৰথম বিমানেৰে পাটনা পালোঁগৈ।’’

আগলৈ তেওঁ কয়, ‘‘মই তালৈ যোৱাৰ লগে লগে মই মোৰ মাক লগ পালো। ডাক্তৰে চেকআপ কৰিবলৈ আহিল, তেওঁ মালৈ চাই ক’লে, ‘ঠিক আছে এইগৰাকী ৰোগী’, তাৰ পিছত মোৰ ফালে চাই  থমকি ৰ’ল। ডাক্তৰে ক'লে 'চুলতান', মই ক'লো হয় ছাৰ, তাৰ পিছত তেওঁ ক'লে - আপুনি ইয়াত, মই কলো হয় এইগৰাকী মোৰ মা, তেওঁ ক'লে আপুনি মোক কিয় কোৱা নাই। মই কলো, কি হৈছে, মইটো এপইন্টমেন্ট লৈ আহিছো। আচৰিত হৈ তেওঁ ক’লে, ‘ঠিক আছে, আপুনি বহক ।’’


অভিনেতাজনে ক’লে যে, ‘মোক লগ পোৱাৰ পাছত সেই ডাক্তৰজনে মোৰ মাক অতি যতনেৰে চিকিৎসা কৰিলে। তাৰপিছত মই যাবলৈ লওঁতে মোক আগবঢ়াবলৈ বাহিৰলৈ ওলাই আহিল। ঠিক তেতিয়াই তেওঁৰ সহায়কজন আহি আমাৰ পৰা লোৱা সকলো টকা ঘূৰাই দিলে। দেউতাই এই কথা গম পাই ইমানেই গৌৰৱ অনুভৱ কৰিলে যে ইমান ডাঙৰ ডাক্তৰে টকা ঘূৰাই দিলে বুলি গোটেই গাঁওখনক জনালে ..'

আচলতে কিমান জনপ্ৰিয় হ’লে পাই এই আদৰ ? 

সৰু সৰু অভিনয়ৰে দৰ্শকৰ মন জয় কৰা পংকজ ত্ৰিপাঠী এনে এজন অভিনেতা যাক অতি কম সময়ৰ ভিতৰতে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ভাল পায় ৷ ২০১৭ চনত মুক্তি পোৱা  গুৰগাঁ‌ও নামৰ চলচ্চিত্ৰখনত তেওঁ প্ৰথমবাৰলৈ প্ৰধান চৰিত্ৰত অভিনয় কৰে।

২০১৭ চনত মুক্তিপ্ৰাপ্ত তেওঁ আন এখন ছবি ‘নিউটনে’ অকাডেমী বঁ‌টাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ শিতানত ভাৰতৰ হৈ আনুষ্ঠানিক প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ৷

২০১৮ চনত মিৰ্জাপুৰ নামৰ এখন ৱেবছিৰিজটো তেওঁ এটি শক্তিশালী চৰিত্ৰত অভিনয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু