--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত বিজেপিৰ আগ্ৰাসী ‘অপাৰেচন ল'টাছ’ অভিযানৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টিৰ লক্ষ্যৰে এইবাৰ সাজু কৰা হৈছে ‘মিছন বিৰোধী’। বিহাৰত বিজেপিৰ সঙ্গ ত্যাগেৰে সমগ্ৰ দেশৰ ৰাজনীতিত বিজেপি ৰোধৰ এক সম্ভাৱনাৰ সৃষ্টি কৰা জেডিইউ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ‘মিছন বিৰোধী’ৰ কাৰ্যকৰীকৰণৰ  নেতৃত্ব বহন কৰিছে। 'মিছন বিৰোধী' পৰিকল্পনা ৰূপায়নৰ লক্ষ্যৰে সোমবাৰে দিল্লী ভ্ৰমণ কৰা নীতিশ কুমাৰে প্ৰথমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে। বিহাৰত এনডিএৰ পৰা ওলাই আৰজেডি, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ  সমৰ্থনত 'মহাগঠবন্ধন' চৰকাৰ গঠন কৰাৰ পিছত কালি কুমাৰে প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীক সাক্ষাৎ কৰে।

বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰি দেশৰ বিৰোধী ৰাজনীতিত নিজকে এক শক্তিশালী নেতা হিচাপে প্ৰক্ষেপ কৰাৰ পাছত নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে প্ৰস্তুতি চলোৱা বুলি চৰ্চা চলি আহিছে।  পিছে গান্ধীক সাক্ষাৎ কৰি ওলাই অহাৰ পিছত কুমাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী পদৰ বাবে তেওঁৰ কোনো উচ্চাকাংক্ষা নাই বুলি স্পষ্ট কৰি দিয়ে। সাংবাদিকৰ সন্মুখত বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ ইঙ্গিত দি কুমাৰে আঞ্চলিক দলসমূহক দুৰ্বল কৰাৰ এক সম্মিলিত প্ৰয়াস কৰা হৈছে বুলি অভিযোগ কৰে। এই পৰিকল্পনা ৰোধৰ বাবেই সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিৰোধীক একত্ৰিত কৰাৰ বাবে তেওঁ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে জেষ্ঠ নেতাগৰাকীয়ে। 

ইফালে ৰাহুল গান্ধীক সাক্ষাতৰ পাছতে কুমাৰে জনতা দল (চেকুলাৰ)ৰ মুৰব্বী এইচ.ডি. কুমাৰস্বামীকো সাক্ষাৎসাকে। কৰ্ণাটকত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে ২০১৮ চনত কংগ্ৰেছ আৰু জনতা দল (চেকুলাৰ)- এ মিত্ৰজোঁট গঠন কৰি বিৰোধী মৰ্চা গঠনৰ প্ৰচেষ্টাত গতি দিছিল।

বিৰোধী ঐক্য শক্তিশালী কৰাৰ স্বাৰ্থতে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰকাশ  পাইছে। সম্প্ৰতি দেশৰ ৰাজনীতিত কংগ্ৰেছক পিছলৈ ঠেলি বিজেপিৰ সন্মুখত মুখ্য প্ৰত্যাহ্বান হিচাপে গঢ় লৈ উঠিছে কেজৰিৱালৰ আপ। গতিকে ‘মিছন বিৰোধী’ৰ সফল ৰূপায়নত কেজৰিৱালৰ অন্তৰ্ভুক্তি যথেষ্ট গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে।

আনহাতে বিগত সময়চোৱাত বিজেপি বিৰোধী গোটৰ অন্যতম প্ৰধান নেতা হিচাপে পৰিচিত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰকো নীতিশ কুমাৰে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। পাৱাৰে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধীক একত্ৰিত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। তদুপৰি শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পূৰ্বে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰো আছিল পাৱাৰ। দেশৰ ৰাজনীতিৰ বয়োজেষ্ঠ নেতাগৰাকীয়ে বিৰোধী ঐক্যৰ ওপৰত সদায়ে মত পোষণ কৰি আহিছে। 

তদুপৰি নীতিশ কুমাৰে চিপিআই(এম)ৰ সীতাৰাম য়েচুৰী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু আইএনএলডিৰ মুৰব্বী ওম প্ৰকাশ চৌটালাকে ধৰি কেইবাজনো বিৰোধী নেতাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে কুমাৰৰ পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ কে চন্দ্ৰশেখৰ ৰাও আৰু তৃণমূল মুৰব্বী মমতা বেনাৰ্জীয়েও বিৰোধী শক্তিত একত্ৰিত কৰাৰ লক্ষ্যৰে প্ৰচেষ্টা চলাইছিল। কিন্তু কিছুদূৰ আগবঢ়াৰ পিছতে দুয়োগৰাকীৰ এই অভিযান স্তব্ধ হৈ পৰিছিল। এতিয়া নীতিশ কুমাৰৰ মিচন বিৰোধী অভিযান কিমানদূৰ সফল হ’ব সেয়া লক্ষ্যণীয় হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী