--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: সমাগত ২৪ ৰ লোকসভা নিৰ্বাচন। যি সময়ত বিৰোধী দলসমূহ নিজৰ মাজৰ খোৱা-কামুৰাত ব্যস্ত হৈ আছে তেনেসময়ছোৱাত শাসকীয় বিজেপি দলে আৰম্ভ কৰি দিছে নিৰ্বাচনী কোচকাৱাজ।

 

এই নিৰ্বাচনত কোন সাংসদৰ টিকট কটাৰ সম্ভাৱনা?

বিজেপিৰ অতি ভিতৰুৱা খবৰ প্ৰাগ ডিজিটেলৰ হাতত

 

নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰ অনুসৰি এতিয়াৰ বহু সাংসদৰ কটা যাব টিকট। ইয়াৰ পূৰ্বৰ লোকসভা নিৰ্বাচনতো বিজয়া চক্ৰৱৰ্তী, আৰ পি শৰ্মা, ৰমেন ডেকা, ৰাজেন গোঁহাইৰ দৰে জেষ্ঠ বিজেপি নেতাৰ টিকট কাটিছিল বিজেপিয়ে। আনহাতে এতিয়াৰ বহু সাংসদৰ কাম-কাজতো সুখী নহয় শাসকীয় দলটো। এইসময়ছোৱাত অসমৰ পৰা বিজেপিৰ হাতত আছে ৯ গৰাকী লোকসভাৰ সাংসদ। ইয়াৰ ভিতৰত টিকট কটাৰ সৰ্বাধিক সম্ভাৱনা আছে গুৱাহাটীৰ সাংসদ কুইন ওজাৰ। সদন আৰু সমষ্টিত দুয়োটাতে নিষ্কিয় কুইন ওজাৰ ঠাইত আঙুৰলতা ডেকাই টিকট লাভ কৰাৰ সম্ভাৱনা অধিক।

 

আনহাতে তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱলোচন দাসৰো কাম-কাজত সন্তুষ্ট নহয় বিজেপি। ইতিমধ্যে চাহ জনগোষ্ঠীৰ আন এগৰাকী সাংসদ ৰামেশ্বৰ তেলী থকাৰ বাবে পল্লৱ লোচনৰ টিকট কাটিবলৈ বিজেপিয়ে হয়তো চিন্তা নকৰিব। অৱশ্যে মুখ্যমন্ত্ৰীৰ সৈতে সুসম্পৰ্কৰ বাবে হয়তো শেষ মুহুৰ্তত টিকট পালেও এই মুহুৰ্তত তেওঁৰ টিকট যোৱাৰ সম্ভাৱনা ৫০-৫০।


 ইফালে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰো ৰিপৰ্ট কাৰ্ড খুৱেই বেয়া। বানে গৰকা সমষ্টিতটোত সাংসদগৰাকীৰ বিৰুদ্ধে ৰাইজৰ বাবে বহু ক্ষোভ। ইতিমধ্যে সমষ্টিটোত নেতা হেৰুৱাইছে গণভিত্তি। যাৰবাবে তেওঁৰো টিকট কটা যোৱাটো প্ৰায় নিশ্চিত।


একেদৰে যোৰহাট সমষ্টিৰ সাংসদ তপন গগৈৰ ক্ষেত্ৰটো আহি পৰিছে অনিশ্চয়তা। মুখ্যমন্ত্ৰী শিবিৰ এগৰাকী প্ৰভাৱশালী আহোম নেতা সুশান্ত বৰগোহাইৰ নাম উচ্চাৰণ কৰিছে বিজেপিৰে এটা ফৈদে। তেনেসময়ছোৱাত সোণোৱালৰ ঘণিষ্ঠ বুলি পৰিচিত তপন গগৈয়ে শেষ বাজি মাৰিব পাৰে নে নাই সেইয়া লক্ষণীয় হব।

 

 অৱশ্যে এই মুহুৰ্ত লৈকে নিৰাপদ অৱস্থাত আছে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ডিব্ৰুগড়ৰৰ সাংসদ ৰামেশ্বৰ তেলী, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, শিলচৰৰ সাংসদ ড ৰাজদীপ ৰয়, ডিফুৰ সাংসদ হৰেণ সিং বে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী