--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: সমাগত ২৪ ৰ লোকসভা নিৰ্বাচন। যি সময়ত বিৰোধী দলসমূহ নিজৰ মাজৰ খোৱা-কামুৰাত ব্যস্ত হৈ আছে তেনেসময়ছোৱাত শাসকীয় বিজেপি দলে আৰম্ভ কৰি দিছে নিৰ্বাচনী কোচকাৱাজ।

 

এই নিৰ্বাচনত কোন সাংসদৰ টিকট কটাৰ সম্ভাৱনা?

বিজেপিৰ অতি ভিতৰুৱা খবৰ প্ৰাগ ডিজিটেলৰ হাতত

 

নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰ অনুসৰি এতিয়াৰ বহু সাংসদৰ কটা যাব টিকট। ইয়াৰ পূৰ্বৰ লোকসভা নিৰ্বাচনতো বিজয়া চক্ৰৱৰ্তী, আৰ পি শৰ্মা, ৰমেন ডেকা, ৰাজেন গোঁহাইৰ দৰে জেষ্ঠ বিজেপি নেতাৰ টিকট কাটিছিল বিজেপিয়ে। আনহাতে এতিয়াৰ বহু সাংসদৰ কাম-কাজতো সুখী নহয় শাসকীয় দলটো। এইসময়ছোৱাত অসমৰ পৰা বিজেপিৰ হাতত আছে ৯ গৰাকী লোকসভাৰ সাংসদ। ইয়াৰ ভিতৰত টিকট কটাৰ সৰ্বাধিক সম্ভাৱনা আছে গুৱাহাটীৰ সাংসদ কুইন ওজাৰ। সদন আৰু সমষ্টিত দুয়োটাতে নিষ্কিয় কুইন ওজাৰ ঠাইত আঙুৰলতা ডেকাই টিকট লাভ কৰাৰ সম্ভাৱনা অধিক।

 

আনহাতে তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱলোচন দাসৰো কাম-কাজত সন্তুষ্ট নহয় বিজেপি। ইতিমধ্যে চাহ জনগোষ্ঠীৰ আন এগৰাকী সাংসদ ৰামেশ্বৰ তেলী থকাৰ বাবে পল্লৱ লোচনৰ টিকট কাটিবলৈ বিজেপিয়ে হয়তো চিন্তা নকৰিব। অৱশ্যে মুখ্যমন্ত্ৰীৰ সৈতে সুসম্পৰ্কৰ বাবে হয়তো শেষ মুহুৰ্তত টিকট পালেও এই মুহুৰ্তত তেওঁৰ টিকট যোৱাৰ সম্ভাৱনা ৫০-৫০।


 ইফালে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰো ৰিপৰ্ট কাৰ্ড খুৱেই বেয়া। বানে গৰকা সমষ্টিতটোত সাংসদগৰাকীৰ বিৰুদ্ধে ৰাইজৰ বাবে বহু ক্ষোভ। ইতিমধ্যে সমষ্টিটোত নেতা হেৰুৱাইছে গণভিত্তি। যাৰবাবে তেওঁৰো টিকট কটা যোৱাটো প্ৰায় নিশ্চিত।


একেদৰে যোৰহাট সমষ্টিৰ সাংসদ তপন গগৈৰ ক্ষেত্ৰটো আহি পৰিছে অনিশ্চয়তা। মুখ্যমন্ত্ৰী শিবিৰ এগৰাকী প্ৰভাৱশালী আহোম নেতা সুশান্ত বৰগোহাইৰ নাম উচ্চাৰণ কৰিছে বিজেপিৰে এটা ফৈদে। তেনেসময়ছোৱাত সোণোৱালৰ ঘণিষ্ঠ বুলি পৰিচিত তপন গগৈয়ে শেষ বাজি মাৰিব পাৰে নে নাই সেইয়া লক্ষণীয় হব।

 

 অৱশ্যে এই মুহুৰ্ত লৈকে নিৰাপদ অৱস্থাত আছে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ডিব্ৰুগড়ৰৰ সাংসদ ৰামেশ্বৰ তেলী, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, শিলচৰৰ সাংসদ ড ৰাজদীপ ৰয়, ডিফুৰ সাংসদ হৰেণ সিং বে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু