--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটক পুনৰ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ'ব নেকি? এই প্ৰশ্নটো যোৱা কেইবছৰমানধৰি চলি আছে। যদিও এতিয়ালৈকে ইয়াক কাৰ্যকৰী কৰা হোৱা নাই, এইবাৰ আইচিচিয়ে বিষয়টো সম্পৰ্কে ব্যাপকভাৱে চিন্তা কৰা আৰম্ভ কৰিছে। যদি সকলো ঠিকে থাকে, ১২৮ বছৰৰ পিছত পুনৰ অলিম্পিকত বাইশ গজৰ যুঁজ হ'ব পাৰে।

২০২৮ চনৰ অলিম্পিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত অনুষ্ঠিত হ'ব। ইয়াতেই ক্ৰিকেটকো অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা দেখা গৈছে। আইচিচিয়েও এই সম্ভাৱনা ব্যক্ত কৰিছে।

ব্ৰিটিছ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, আইচিচিয়ে বিচাৰে যে অলিম্পিকত ৬টা পুৰুষ আৰু মহিলা দল অন্তৰ্ভুক্ত কৰা হওক। তেওঁলোকে ইতিমধ্যে আন্তৰ্জাতিক অলিম্পিক পৰিষদৰ (আইঅ'চি) ওচৰত প্ৰস্তাৱটো দিছে।

আইচিচিয়ে লোৱা ব্যৱস্থা অনুসৰি  টি-২০ ৰেংকিঙৰ শীৰ্ষ ছয়ৰ দলবোৰে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব। প্ৰতিটো দলে ১৪ জনীয়া দল ঘোষণা কৰিব পাৰে।

তদুপৰি আইচিচিয়ে বিচাৰে যে ছয়টা দলক দুটা গোটত বিভক্ত কৰা হওক। প্ৰতিটো গোটত তিনিটা দল থাকিব। দুয়োটা গোটৰ মুঠ চাৰিটা দলে ছেমি ফাইনেলত উপনীত হ'ব।

লক্ষণীয় যে ক্ৰিকেটক কেৱল ১৯০০ চনত পেৰিছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিল। কেৱল ফ্ৰান্স আৰু গ্ৰেট ব্ৰিটেইনে খেলবিধত অংশগ্ৰহণ কৰিছিল। গ্ৰেট ব্ৰিটেইনে সোণৰ পদক লাভ কৰিছিল।

এতিয়া পুনৰ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভূক্ত কৰা হ’বনে, সেই লৈ জানিবৰ বাবে ক্ৰিকেটপ্ৰেমীসকল অহা বছৰৰ ছেপ্টেম্বৰ মাহলৈকে অপেক্ষা কৰিব লাগিব। চূড়ান্ত সিদ্ধান্তটো উক্ত মাহত মুম্বাইত অনুষ্ঠিত হ’ব লগা আন্তৰ্জাতিক অলিম্পিক সমিতিৰ এখন বৈঠকত লোৱা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু