--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটক পুনৰ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ'ব নেকি? এই প্ৰশ্নটো যোৱা কেইবছৰমানধৰি চলি আছে। যদিও এতিয়ালৈকে ইয়াক কাৰ্যকৰী কৰা হোৱা নাই, এইবাৰ আইচিচিয়ে বিষয়টো সম্পৰ্কে ব্যাপকভাৱে চিন্তা কৰা আৰম্ভ কৰিছে। যদি সকলো ঠিকে থাকে, ১২৮ বছৰৰ পিছত পুনৰ অলিম্পিকত বাইশ গজৰ যুঁজ হ'ব পাৰে।

২০২৮ চনৰ অলিম্পিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত অনুষ্ঠিত হ'ব। ইয়াতেই ক্ৰিকেটকো অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা দেখা গৈছে। আইচিচিয়েও এই সম্ভাৱনা ব্যক্ত কৰিছে।

ব্ৰিটিছ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, আইচিচিয়ে বিচাৰে যে অলিম্পিকত ৬টা পুৰুষ আৰু মহিলা দল অন্তৰ্ভুক্ত কৰা হওক। তেওঁলোকে ইতিমধ্যে আন্তৰ্জাতিক অলিম্পিক পৰিষদৰ (আইঅ'চি) ওচৰত প্ৰস্তাৱটো দিছে।

আইচিচিয়ে লোৱা ব্যৱস্থা অনুসৰি  টি-২০ ৰেংকিঙৰ শীৰ্ষ ছয়ৰ দলবোৰে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব। প্ৰতিটো দলে ১৪ জনীয়া দল ঘোষণা কৰিব পাৰে।

তদুপৰি আইচিচিয়ে বিচাৰে যে ছয়টা দলক দুটা গোটত বিভক্ত কৰা হওক। প্ৰতিটো গোটত তিনিটা দল থাকিব। দুয়োটা গোটৰ মুঠ চাৰিটা দলে ছেমি ফাইনেলত উপনীত হ'ব।

লক্ষণীয় যে ক্ৰিকেটক কেৱল ১৯০০ চনত পেৰিছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিল। কেৱল ফ্ৰান্স আৰু গ্ৰেট ব্ৰিটেইনে খেলবিধত অংশগ্ৰহণ কৰিছিল। গ্ৰেট ব্ৰিটেইনে সোণৰ পদক লাভ কৰিছিল।

এতিয়া পুনৰ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভূক্ত কৰা হ’বনে, সেই লৈ জানিবৰ বাবে ক্ৰিকেটপ্ৰেমীসকল অহা বছৰৰ ছেপ্টেম্বৰ মাহলৈকে অপেক্ষা কৰিব লাগিব। চূড়ান্ত সিদ্ধান্তটো উক্ত মাহত মুম্বাইত অনুষ্ঠিত হ’ব লগা আন্তৰ্জাতিক অলিম্পিক সমিতিৰ এখন বৈঠকত লোৱা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক