--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেক্ষাপটত পুনৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে অৱসৰৰ পাছত দুবছৰলৈ ৰাজনৈতিক পদত অধিষ্ঠিত হোৱাত বাধা প্ৰদানৰ বাবে দিয়া আবেদন উচ্চতম ন্যায়ালয়ে বুধবাৰে (৬ ছেপ্টেম্বৰ) আবেদন নাকচ কৰে।

আদালতে কয় যে এই বিষয়টো অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ বিবেচনাৰ ওপৰত এৰি দিব লাগে। আৰু কয় যে এনে আদেশ আদালতে দিব নোৱাৰে। আইন প্ৰণয়ন কৰাটো চৰকাৰৰ কাম।বম্বে উকীল সন্থা নামৰ এটা সংস্থাৰ আবেদনত কোৱা হৈছিল যে ন্যায়পালিকাৰ স্বতন্ত্ৰতা আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস বজাই ৰাখিবলৈ এই কাম কৰাটো প্ৰয়োজনীয়। আৱেদনখনত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল ন্যায়াধীশ এছ আব্দুল নাজীৰৰ উদাহৰণ প্ৰধানকৈ দিয়া হৈছে। অযোধ্যা গোচৰৰ ৰায় দিয়া বিচাৰপীঠৰ সদস্য আছিল ন্যায়াধীশ নাজিৰ।এই সন্দৰ্ভত গোচৰৰ শুনানি গ্ৰহণ কৰা বিচাৰপীঠৰ অধ্যক্ষ ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে কয় যে, “এজন ন্যায়াধীশৰ প্ৰতি আপোনাৰ বিশেষ আপত্তি আছে যেন লাগে।” আবেদনকাৰীৰ হৈ হাজিৰ হোৱা অধিবক্তা আহমেদ আবদীয়ে কয় যে তেওঁ ন্যায়পালিকাৰ স্বাৰ্থত কথা কৈছে।

এই সন্দৰ্ভত ন্যায়াধীশসকলে কয় যে এনে বহু ন্যায়াধিকৰণ আছে, য’ত কেৱল প্ৰাক্তন ন্যায়াধীশকহে আইনৰ দ্বাৰা নিযুক্তি দিব পাৰি। যিমান দূৰলৈকে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা বা কোনো ৰাজনৈতিক পদ লোৱাৰ কথা, উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কোনো নিৰ্দেশ নিদিয়ে। এই বিষয়টো সংশ্লিষ্ট ন্যায়াধীশৰ বিবেচনাৰ ওপৰত এৰি দিব লাগে।

তাৎপৰ্যপূৰ্ণভাৱে বিগত কেইবছৰমানৰ পৰা উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশ অৱসৰৰ কেইমাহমান পাছতে ৰাজ্যপাল হৈ পৰিছে। আনহাতে এজন প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ বৰ্তমান ৰাজ্যসভাৰ সদস্য।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস