--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেক্ষাপটত পুনৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে অৱসৰৰ পাছত দুবছৰলৈ ৰাজনৈতিক পদত অধিষ্ঠিত হোৱাত বাধা প্ৰদানৰ বাবে দিয়া আবেদন উচ্চতম ন্যায়ালয়ে বুধবাৰে (৬ ছেপ্টেম্বৰ) আবেদন নাকচ কৰে।

আদালতে কয় যে এই বিষয়টো অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ বিবেচনাৰ ওপৰত এৰি দিব লাগে। আৰু কয় যে এনে আদেশ আদালতে দিব নোৱাৰে। আইন প্ৰণয়ন কৰাটো চৰকাৰৰ কাম।বম্বে উকীল সন্থা নামৰ এটা সংস্থাৰ আবেদনত কোৱা হৈছিল যে ন্যায়পালিকাৰ স্বতন্ত্ৰতা আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস বজাই ৰাখিবলৈ এই কাম কৰাটো প্ৰয়োজনীয়। আৱেদনখনত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল ন্যায়াধীশ এছ আব্দুল নাজীৰৰ উদাহৰণ প্ৰধানকৈ দিয়া হৈছে। অযোধ্যা গোচৰৰ ৰায় দিয়া বিচাৰপীঠৰ সদস্য আছিল ন্যায়াধীশ নাজিৰ।এই সন্দৰ্ভত গোচৰৰ শুনানি গ্ৰহণ কৰা বিচাৰপীঠৰ অধ্যক্ষ ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে কয় যে, “এজন ন্যায়াধীশৰ প্ৰতি আপোনাৰ বিশেষ আপত্তি আছে যেন লাগে।” আবেদনকাৰীৰ হৈ হাজিৰ হোৱা অধিবক্তা আহমেদ আবদীয়ে কয় যে তেওঁ ন্যায়পালিকাৰ স্বাৰ্থত কথা কৈছে।

এই সন্দৰ্ভত ন্যায়াধীশসকলে কয় যে এনে বহু ন্যায়াধিকৰণ আছে, য’ত কেৱল প্ৰাক্তন ন্যায়াধীশকহে আইনৰ দ্বাৰা নিযুক্তি দিব পাৰি। যিমান দূৰলৈকে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা বা কোনো ৰাজনৈতিক পদ লোৱাৰ কথা, উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কোনো নিৰ্দেশ নিদিয়ে। এই বিষয়টো সংশ্লিষ্ট ন্যায়াধীশৰ বিবেচনাৰ ওপৰত এৰি দিব লাগে।

তাৎপৰ্যপূৰ্ণভাৱে বিগত কেইবছৰমানৰ পৰা উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশ অৱসৰৰ কেইমাহমান পাছতে ৰাজ্যপাল হৈ পৰিছে। আনহাতে এজন প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ বৰ্তমান ৰাজ্যসভাৰ সদস্য।













FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান