--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; পুনৰ বিদেশ ভ্ৰমণত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী৷ সম্প্ৰতি ইউৰোপ ভ্ৰমণত ব্যস্ত হৈ আছে ৰাহুল গান্ধী৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে আৰম্ভ হোৱা তেওঁৰ প্ৰায় সপ্তাহজোৰা ইউৰোপ ভ্ৰমণৰ সময়ত ইউৰোপীয় ইউনিয়নৰ সাংসদ, শিক্ষাৰ্থী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে ব্যাপক বাৰ্তালাপ কৰিব। গান্ধীয়ে ৭ ছেপ্টেম্বৰত ব্ৰাচেলছত ইউৰোপীয় ইউনিয়নৰ সাংসদসকলক সাক্ষাৎ কৰিব৷ একেদিনাই প্ৰবাসী ভাৰতীয়ৰ সৈতে নৈশ ভোজত উপস্থিত থাকিব ৰাহুল গান্ধী৷

পিছদিনা অৰ্থাৎ ৮ ছেপ্টেম্বৰত কিছুমান ভাৰতীয় উদ্যোগপতিৰ সৈতে পুৱা এখন বৈঠকত অংশ লোৱাৰ পাছত তেওঁ দুপৰীয়া ১.৩০ বজাত ব্ৰাছেলছত এখন সংবাদমেল সম্বোধন কৰি পেৰিছলৈ ৰাওনা হ’ব। তেওঁ ৮ ছেপ্টেম্বৰত ফ্ৰান্সৰ ৰাজধানীত এখন সংবাদমেল অনুষ্ঠিত কৰিব।

৯ ছেপ্টেম্বৰত তেওঁ ফৰাচী সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব আৰু চায়েন্সেছ পো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব। ১০ ছেপ্টেম্বৰত গান্ধী ৰাওনা হ’ব নেডাৰলেণ্ডলৈ৷ তাত, তেওঁ ৪০০ বছৰ পুৰণি লিডেন বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব।
 
১১ ছেপ্টেম্বৰত কংগ্ৰেছ নেতাজনে নৰৱে’লৈ যাব, য’ত তেওঁ অছলোত দেশখনৰ সাংসদসকলক সাক্ষাৎ কৰিব। তেওঁ প্ৰবাসী ভাৰতীয়সকলকো লগ কৰিব আৰু অছলো বিশ্ববিদ্যালয়ৰ এখন সভাত অংশগ্ৰহণ কৰিব। জি-২০ সন্মিলন সমাপ্ত হোৱাৰ এদিন পাছত তেওঁ ১২ ছেপ্টেম্বৰত উভতি অহাৰ কথা আছে। জি-২০ সন্মিলন ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান