--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; পুনৰ বিদেশ ভ্ৰমণত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী৷ সম্প্ৰতি ইউৰোপ ভ্ৰমণত ব্যস্ত হৈ আছে ৰাহুল গান্ধী৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে আৰম্ভ হোৱা তেওঁৰ প্ৰায় সপ্তাহজোৰা ইউৰোপ ভ্ৰমণৰ সময়ত ইউৰোপীয় ইউনিয়নৰ সাংসদ, শিক্ষাৰ্থী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে ব্যাপক বাৰ্তালাপ কৰিব। গান্ধীয়ে ৭ ছেপ্টেম্বৰত ব্ৰাচেলছত ইউৰোপীয় ইউনিয়নৰ সাংসদসকলক সাক্ষাৎ কৰিব৷ একেদিনাই প্ৰবাসী ভাৰতীয়ৰ সৈতে নৈশ ভোজত উপস্থিত থাকিব ৰাহুল গান্ধী৷

পিছদিনা অৰ্থাৎ ৮ ছেপ্টেম্বৰত কিছুমান ভাৰতীয় উদ্যোগপতিৰ সৈতে পুৱা এখন বৈঠকত অংশ লোৱাৰ পাছত তেওঁ দুপৰীয়া ১.৩০ বজাত ব্ৰাছেলছত এখন সংবাদমেল সম্বোধন কৰি পেৰিছলৈ ৰাওনা হ’ব। তেওঁ ৮ ছেপ্টেম্বৰত ফ্ৰান্সৰ ৰাজধানীত এখন সংবাদমেল অনুষ্ঠিত কৰিব।

৯ ছেপ্টেম্বৰত তেওঁ ফৰাচী সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব আৰু চায়েন্সেছ পো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব। ১০ ছেপ্টেম্বৰত গান্ধী ৰাওনা হ’ব নেডাৰলেণ্ডলৈ৷ তাত, তেওঁ ৪০০ বছৰ পুৰণি লিডেন বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব।
 
১১ ছেপ্টেম্বৰত কংগ্ৰেছ নেতাজনে নৰৱে’লৈ যাব, য’ত তেওঁ অছলোত দেশখনৰ সাংসদসকলক সাক্ষাৎ কৰিব। তেওঁ প্ৰবাসী ভাৰতীয়সকলকো লগ কৰিব আৰু অছলো বিশ্ববিদ্যালয়ৰ এখন সভাত অংশগ্ৰহণ কৰিব। জি-২০ সন্মিলন সমাপ্ত হোৱাৰ এদিন পাছত তেওঁ ১২ ছেপ্টেম্বৰত উভতি অহাৰ কথা আছে। জি-২০ সন্মিলন ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস