--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমত মাংস আৰু মাংসজাত সামগ্ৰীৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা বিচাৰি বোম্বাই উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে এক জৈন ধৰ্মীয় দাতব্য ন্যাস আৰু জৈন ধৰ্মাৱলম্বী এগৰাকী মুম্বাইৰ বাসিন্দা। আবেদনযোগে এনে বিজ্ঞাপনক অসাংবিধানিক আখ্যা দি আবেদনকাৰীয়ে এনে বিজ্ঞাপনসমূহে নিৰামিষভোজী সকলৰ অনুভূতি আৰু আৱেগক আঘাত কৰে বুলিও অভিযোগ তুলিছে। আবেদনখনত কোৱা হৈছে যে জৈন সম্প্ৰদায়ৰ সদস্যসকলৰ পৰিয়ালে তেওঁলোকৰ ইচ্ছা বা সন্মতি অবিহনে বিজ্ঞাপনবোৰ চাবলৈ বাধ্য হয় আৰু ইয়াৰ ফলত শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰাৰ অধিকাৰ উলংঘা হয়।

এনে বিজ্ঞাপনে শিশু, কিশোৰকে ধৰি নিৰামিষ ভোজী প্ৰাপ্তবয়স্কসকলৰ মনতো নিজৰ ইচ্ছাৰ বিপৰীতে আমিষ খাদ্যৰ বিজ্ঞাপন পঢ়া বা চাবলৈ বাধ্য কৰা হয় বুলি অভিযোগ উত্থাপন কৰিছে আবেদনকাৰী সকলে। সংবিধানৰ ২১ নং অনুচ্ছেদত অন্তৰ্ভুক্ত থকা এজন ব্যক্তিৰ পৰম্পৰা, সংস্কৃতি, ঐতিহ্য আৰু এজন পুৰুষৰ জীৱনৰ অৰ্থ সুৰক্ষিত কৰাৰ অধিকাৰ আমিষ খাদ্যৰ বিজ্ঞাপনে উলংঘা কৰে আৰু সেয়ে এনে বিজ্ঞাপনসমূহ গুৰুতৰভাৱে অসাংবিধানিক বুলি আবেদনখনত দাবী কৰা হয়।

আবেদনখনত লগতে উল্লেখ কৰা হৈছে যে আমিষ খাদ্যৰ প্ৰচাৰ কৰা বিজ্ঞাপনবোৰে নিৰামিষভোজী সকলৰ অনুভূতি আৰু আৱেগক আঘাত কৰে। বিশেষকৈ যেতিয়া এই বিজ্ঞাপনসমূহ দূৰদৰ্শনৰ চেনেল, বাতৰি কাকত, সামাজিক মাধ্যমৰ জৰিয়তে দৰ্শক তথা পঢ়ুৱৈৰ দৃষ্টিগোচৰ হয়, তেতিয়া এইসমূহে নিৰামিষভোজীসকলৰ মানসিক স্বাস্থ্যৰ অৱস্থাৰ ওপৰত মুখ্যতঃ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে। গতিকে এনে বিজ্ঞাপনসমূহৰ প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুৰোধ জনায় আবেদনকাৰী সকলে। অৱশ্যে বিজ্ঞাপনৰ প্ৰচাৰত বাধা আৰোপৰ আবেদন জনালেও আমিষ খাদ্যৰ প্ৰচলনত কোনো সমস্যা নাই বুলিও আবেদনখনত উল্লেখ কৰা হয়।

জৈন সম্প্ৰদায়ৰ আৱেদনকাৰীসকলৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰি বোম্বাই উচ্চ ন্যায়ালয়ে আজি আবেদনখন খাৰিজ কৰে আৰু এখন উন্নত আৱেদন দাখিল কৰিবলৈ আবেদনকাৰীক পৰামৰ্শ আগবঢ়ায়। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ মাধৱ জামদাৰেৰে গঠিত বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে এই বিষয়টো আইনসভাৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত পৰে আৰু সেয়ে নিষেধাজ্ঞা আৰোপ কৰা নিয়ম আৰু আইন প্ৰস্তুত কৰিব পৰা নাযাব।

বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে যে অধিকাৰ উলংঘন হ'লেহে আদালতে হস্তক্ষেপ কৰিব পাৰে। আদালতে শুনানিৰ সময়ত কয় যে আবেদনকাৰীসকলে এনে ধৰণৰ নিষেধাজ্ঞা বিচাৰি আন লোকসকলৰ অধিকাৰত হস্তক্ষেপ কৰিছে। ইয়াৰ দ্বাৰা সংবিধানৰ ১৯ নং অনুচ্ছেদ উলংঘন কৰা হৈছে বুলিও বিচাৰপীঠে সোঁৱৰাই দিয়ে। বিচাৰপীঠে লগতে কয় যে এই বিষয়টো দুই দৃষ্টিকোণৰ পৰা গ্ৰহণ কৰিব পাৰি। এগৰাকী সাধাৰণ লোকে এনে বিষয়ত টিভিটো বন্ধ কৰিবলৈ পৰামৰ্শ দিব পাৰে। কিন্তু আদালতে ইয়াক আইনী দিশৰ পৰা পৰ্যবেক্ষণ কৰিব বুলি উল্লেখ কৰি ইয়াৰ বাবে কোনো আইন নাই বুলিও আবেদনকাৰীক সোঁৱৰাই দিয়ে। 

বিচাৰপীঠৰ এই ৰায়ৰ পিছত আবেদনকাৰীসকলে তেওঁলোকৰ আবেদন সংশোধন কৰিবলৈ সময় বিচাৰিছিল। কিন্তু আদালতে কয় যে শুনানিৰ প্ৰথম দিনাই তেওঁলোকে সংশোধনৰ বাবে সময় বিচাৰিব নোৱাৰে। অৱশ্যে আদালতে আৱেদনকাৰীক আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি দি আৱেদনকাৰীসকলে বিচাৰিলে নতুন আবেদন দাখিল কৰিব পাৰে বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু