--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমত মাংস আৰু মাংসজাত সামগ্ৰীৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা বিচাৰি বোম্বাই উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে এক জৈন ধৰ্মীয় দাতব্য ন্যাস আৰু জৈন ধৰ্মাৱলম্বী এগৰাকী মুম্বাইৰ বাসিন্দা। আবেদনযোগে এনে বিজ্ঞাপনক অসাংবিধানিক আখ্যা দি আবেদনকাৰীয়ে এনে বিজ্ঞাপনসমূহে নিৰামিষভোজী সকলৰ অনুভূতি আৰু আৱেগক আঘাত কৰে বুলিও অভিযোগ তুলিছে। আবেদনখনত কোৱা হৈছে যে জৈন সম্প্ৰদায়ৰ সদস্যসকলৰ পৰিয়ালে তেওঁলোকৰ ইচ্ছা বা সন্মতি অবিহনে বিজ্ঞাপনবোৰ চাবলৈ বাধ্য হয় আৰু ইয়াৰ ফলত শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰাৰ অধিকাৰ উলংঘা হয়।

এনে বিজ্ঞাপনে শিশু, কিশোৰকে ধৰি নিৰামিষ ভোজী প্ৰাপ্তবয়স্কসকলৰ মনতো নিজৰ ইচ্ছাৰ বিপৰীতে আমিষ খাদ্যৰ বিজ্ঞাপন পঢ়া বা চাবলৈ বাধ্য কৰা হয় বুলি অভিযোগ উত্থাপন কৰিছে আবেদনকাৰী সকলে। সংবিধানৰ ২১ নং অনুচ্ছেদত অন্তৰ্ভুক্ত থকা এজন ব্যক্তিৰ পৰম্পৰা, সংস্কৃতি, ঐতিহ্য আৰু এজন পুৰুষৰ জীৱনৰ অৰ্থ সুৰক্ষিত কৰাৰ অধিকাৰ আমিষ খাদ্যৰ বিজ্ঞাপনে উলংঘা কৰে আৰু সেয়ে এনে বিজ্ঞাপনসমূহ গুৰুতৰভাৱে অসাংবিধানিক বুলি আবেদনখনত দাবী কৰা হয়।

আবেদনখনত লগতে উল্লেখ কৰা হৈছে যে আমিষ খাদ্যৰ প্ৰচাৰ কৰা বিজ্ঞাপনবোৰে নিৰামিষভোজী সকলৰ অনুভূতি আৰু আৱেগক আঘাত কৰে। বিশেষকৈ যেতিয়া এই বিজ্ঞাপনসমূহ দূৰদৰ্শনৰ চেনেল, বাতৰি কাকত, সামাজিক মাধ্যমৰ জৰিয়তে দৰ্শক তথা পঢ়ুৱৈৰ দৃষ্টিগোচৰ হয়, তেতিয়া এইসমূহে নিৰামিষভোজীসকলৰ মানসিক স্বাস্থ্যৰ অৱস্থাৰ ওপৰত মুখ্যতঃ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে। গতিকে এনে বিজ্ঞাপনসমূহৰ প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুৰোধ জনায় আবেদনকাৰী সকলে। অৱশ্যে বিজ্ঞাপনৰ প্ৰচাৰত বাধা আৰোপৰ আবেদন জনালেও আমিষ খাদ্যৰ প্ৰচলনত কোনো সমস্যা নাই বুলিও আবেদনখনত উল্লেখ কৰা হয়।

জৈন সম্প্ৰদায়ৰ আৱেদনকাৰীসকলৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰি বোম্বাই উচ্চ ন্যায়ালয়ে আজি আবেদনখন খাৰিজ কৰে আৰু এখন উন্নত আৱেদন দাখিল কৰিবলৈ আবেদনকাৰীক পৰামৰ্শ আগবঢ়ায়। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ মাধৱ জামদাৰেৰে গঠিত বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে এই বিষয়টো আইনসভাৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত পৰে আৰু সেয়ে নিষেধাজ্ঞা আৰোপ কৰা নিয়ম আৰু আইন প্ৰস্তুত কৰিব পৰা নাযাব।

বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে যে অধিকাৰ উলংঘন হ'লেহে আদালতে হস্তক্ষেপ কৰিব পাৰে। আদালতে শুনানিৰ সময়ত কয় যে আবেদনকাৰীসকলে এনে ধৰণৰ নিষেধাজ্ঞা বিচাৰি আন লোকসকলৰ অধিকাৰত হস্তক্ষেপ কৰিছে। ইয়াৰ দ্বাৰা সংবিধানৰ ১৯ নং অনুচ্ছেদ উলংঘন কৰা হৈছে বুলিও বিচাৰপীঠে সোঁৱৰাই দিয়ে। বিচাৰপীঠে লগতে কয় যে এই বিষয়টো দুই দৃষ্টিকোণৰ পৰা গ্ৰহণ কৰিব পাৰি। এগৰাকী সাধাৰণ লোকে এনে বিষয়ত টিভিটো বন্ধ কৰিবলৈ পৰামৰ্শ দিব পাৰে। কিন্তু আদালতে ইয়াক আইনী দিশৰ পৰা পৰ্যবেক্ষণ কৰিব বুলি উল্লেখ কৰি ইয়াৰ বাবে কোনো আইন নাই বুলিও আবেদনকাৰীক সোঁৱৰাই দিয়ে। 

বিচাৰপীঠৰ এই ৰায়ৰ পিছত আবেদনকাৰীসকলে তেওঁলোকৰ আবেদন সংশোধন কৰিবলৈ সময় বিচাৰিছিল। কিন্তু আদালতে কয় যে শুনানিৰ প্ৰথম দিনাই তেওঁলোকে সংশোধনৰ বাবে সময় বিচাৰিব নোৱাৰে। অৱশ্যে আদালতে আৱেদনকাৰীক আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি দি আৱেদনকাৰীসকলে বিচাৰিলে নতুন আবেদন দাখিল কৰিব পাৰে বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ