--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰ!দৈনিক মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাই কঁপাই তুলিছে ইম্ফল উপত্যকা৷শেহতীয়াকৈ দুগৰাকী ছাত্ৰৰ নৃশংস হত্যাকাণ্ডক লৈ অসন্তুষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে বিখ্যাত মণিপুৰী চলচ্চিত্ৰ অভিনেতা ৰাজকুমাৰ কাইকু ওৰফে সোমেন্দ্ৰই।

দুখন কুকি চিনেমাকে ধৰি ৪০০ৰো অধিক ছবিত অভিনয় কৰা কাইকুৱে বৃহস্পতিবাৰে বিয়লি বিজেপিৰ ৰাজ্যিক নেতৃত্বলৈ পদত্যাগ পত্ৰ দাখিল কৰে যদিও ইয়াৰ শীৰ্ষ নেতাসকলে তেওঁক নিজৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনায়।

ইম্ফল পশ্চিম জিলাৰ থাংমেইবন্দ অঞ্চলৰ বাসিন্দা কাইকুৱে ২০১৯ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যোৱা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু পাছত ২০২১ চনৰ নৱেম্বৰ মাহত বিজেপিত যোগদান কৰিছিল।

বিখ্যাত চলচ্চিত্ৰ ব্যক্তিত্ব হোৱাৰ বাবে যোৱা বছৰৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা যোৱা ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়ত কাইকুৱে বিজেপি  দলৰ বাবে বিপুল জনসমৰ্থন লাভ কৰিছিল আৰু ৬০ জনীয়া সদনত ৩২খন আসন দখল কৰি গুৰুত্বপূৰ্ণ নিৰ্বাচনত দলটোৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ