--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন বৃহস্পতিবাৰে শীৰ্ষ আদালত খনে খাৰিজ কৰে।   মণিপুৰত সঘনাই ইণ্টাৰনেট বন্ধ কৰা কাৰ্যক   প্ৰত্যাহ্বান জনাই মণিপুৰৰ দুজন বাসিন্দাই আবেদন দাখিল কৰিছিল।  শীৰ্ষ ন্যায়ালয়ে আবেদনখন আজি  খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত আবেদনকাৰী ব্যক্তি দুগৰাকীয়ে   উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰিব বুলিও মন্তব্য কৰে। 

বিষয়টো সন্দৰ্ভত আজি  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহ , মনোজ মিশ্ৰৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। বিচাৰকসকলে কয় যে এই সন্দৰ্ভত মণিপুৰ উচ্চ ন্যায়ালয়ৰ এখন  খণ্ড বিচাৰপীঠত  এটা গোচৰৰ শুনানি চলি আছে। উচ্চ ন্যায়ালয়ে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ বাহাল  কৰিব পাৰিনে নে নাই সেই বিষয়ত  সিদ্ধান্ত ল'বলৈ এখন  বিশেষজ্ঞ সমিতিও গঠন কৰিছে।

বিচাৰকসকলে কয়  যে এনে পৰিস্থিতিত এটা নতুন গোচৰ গ্ৰহণ কৰাৰ  কোনো প্ৰয়োজন নাই।
আৱেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা শাদন ফাৰাছাটে ন্যায়াধীশসকলৰ পৰা আবেদনখন প্ৰত্যাহাৰ কৰাৰ অনুমতি বিচাৰে। বিচাৰপীঠে সেই বিষয়ত  অনুমতি দিয়ে । অধিবক্তাগৰাকীয়ে  উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটোত অংশগ্ৰহণ কৰিবলৈ অনুমতি বিচাৰিছিল। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে আবেদনকাৰীসকলক  সেই অনুমতি প্ৰদান কৰে। 

আবেদনখনত কোৱা হৈছে  যে ইণ্টাৰনেট বন্ধ কৰাটো সংবিধানৰ দ্বাৰা নিশ্চিত মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ বিৰুদ্ধে কৰা কাৰ্য । অশান্ত মণিপুৰত ইণ্টাৰনেট সেৱা কিমান দিনৰ বাবে স্থগিত ৰাখিব পাৰি তাৰ কোনো নিৰ্দিষ্ট নিৰ্দেশনাচৰকাৰে জাৰি কৰা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস