--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন বৃহস্পতিবাৰে শীৰ্ষ আদালত খনে খাৰিজ কৰে।   মণিপুৰত সঘনাই ইণ্টাৰনেট বন্ধ কৰা কাৰ্যক   প্ৰত্যাহ্বান জনাই মণিপুৰৰ দুজন বাসিন্দাই আবেদন দাখিল কৰিছিল।  শীৰ্ষ ন্যায়ালয়ে আবেদনখন আজি  খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত আবেদনকাৰী ব্যক্তি দুগৰাকীয়ে   উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰিব বুলিও মন্তব্য কৰে। 

বিষয়টো সন্দৰ্ভত আজি  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহ , মনোজ মিশ্ৰৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। বিচাৰকসকলে কয় যে এই সন্দৰ্ভত মণিপুৰ উচ্চ ন্যায়ালয়ৰ এখন  খণ্ড বিচাৰপীঠত  এটা গোচৰৰ শুনানি চলি আছে। উচ্চ ন্যায়ালয়ে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ বাহাল  কৰিব পাৰিনে নে নাই সেই বিষয়ত  সিদ্ধান্ত ল'বলৈ এখন  বিশেষজ্ঞ সমিতিও গঠন কৰিছে।

বিচাৰকসকলে কয়  যে এনে পৰিস্থিতিত এটা নতুন গোচৰ গ্ৰহণ কৰাৰ  কোনো প্ৰয়োজন নাই।
আৱেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা শাদন ফাৰাছাটে ন্যায়াধীশসকলৰ পৰা আবেদনখন প্ৰত্যাহাৰ কৰাৰ অনুমতি বিচাৰে। বিচাৰপীঠে সেই বিষয়ত  অনুমতি দিয়ে । অধিবক্তাগৰাকীয়ে  উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটোত অংশগ্ৰহণ কৰিবলৈ অনুমতি বিচাৰিছিল। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে আবেদনকাৰীসকলক  সেই অনুমতি প্ৰদান কৰে। 

আবেদনখনত কোৱা হৈছে  যে ইণ্টাৰনেট বন্ধ কৰাটো সংবিধানৰ দ্বাৰা নিশ্চিত মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ বিৰুদ্ধে কৰা কাৰ্য । অশান্ত মণিপুৰত ইণ্টাৰনেট সেৱা কিমান দিনৰ বাবে স্থগিত ৰাখিব পাৰি তাৰ কোনো নিৰ্দিষ্ট নিৰ্দেশনাচৰকাৰে জাৰি কৰা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান