--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অজিত পাৱাৰে এনচিপি ত্যাগ কৰি এনডিৰ সৈতে হাত মিলোৱাৰ সময়তে ৰাজ্য খনত আন কেতবোৰ ৰাজনৈতিক সমকৰণ প্ৰকট হৈ পৰিছে।  মহাৰাষ্ট্ৰৰ মাৰাঠী লোকসকলে   দীৰ্ঘদিন ধৰি কৰণ-অৰ্জুন পুনৰ লগ হ’ব বুলি মনতে আশা পুহি ৰাখিছে। কিন্তু এই সম্ভাৱনাবোৰ কেতিয়াও বাস্তৱত পৰিণত হোৱা নাই। 


কিন্তু এইবাৰ আকৌ ৰাজ থাকৰেৰ ঘনিষ্ঠ সহযোগী সঞ্জয় ৰাউতে উদ্ধৱ থাকৰেক  লগ ধৰিবলৈ আহিছে। এনে সময়তে সেয়ে আলোচনা হৈছে যে এনচিপি আৰু শিৱসেনাৰ বিভাজনৰ পিছত ৰাজ আৰু উদ্ধৱ পুনৰ একেলগ হ’ব নেকি?  শিৱসেনা আৰু এনচিপিত বিভাজন হোৱাৰ  এতিয়া কংগ্ৰেছৰ ভিতৰতো  এক প্ৰকাৰৰ ভয়ে ক্ৰিয়া কৰিছে যে  পৰৱৰ্তী সময়ত হয়তো মহাৰাষ্ট্ৰত দলটোৱে খোপনি মজবুত কৰি ৰাখিব নোৱাৰিব। 

এনচিপিত হোৱা  বিদ্ৰোহৰ কেইদিনমান আগতে অশোক চৱনে অজিত পাৱাৰক লগ পাইছিল। এনে সময়তে  দুই ভাতৃয়ে একত্ৰিত হ'বলৈ চেষ্টা কৰাৰ খবৰে বহুতকে উৎসাহিত কৰি তুলিছে। শেহতীয়া খবৰ অনুসৰি  এমএনএছ ৰ মুৰব্বী ৰাজ থাকৰেৰ এজন ঘনিষ্ঠ সহযোগী অভিজিত পানছেই হঠাতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক লগ কৰিবলৈ 'সামনা' কাৰ্যালয়ত উপস্থিত হৈছে।

পানছেক লগ পোৱাৰ পিছত ৰাউতে উদ্ধৱ ঠাকৰেক লগ কৰিবলৈ মুম্বাইৰ বান্দ্ৰাত থকা থাকৰেৰ বাসগৃহ 'মাতোশ্ৰী'লৈ গৈছিল। অৱশ্যে  দুয়োজনে এই মুহূৰ্তত আলোচনাৰ বিষয়ে একো ক'বলৈ অস্বীকাৰ কৰিছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অভিজিত পানছেই কয় যে তেওঁ ব্যক্তিগত কামৰ বাবে সঞ্জয় ৰাউতক লগ কৰিবলৈ আহিছিল। 


তেওঁ কয় "ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰেৰ মাজত মিত্ৰতা কৰিবলৈ মই ইমান ডাঙৰ মানুহ নহয়। মই ৰাজ থাকৰেৰ এজন অনুগামী সৈনিক। ৰাজ আৰু উদ্ধৱ থাকৰেই এই বিষয়ে কথা পাতিব। মই বহুদিন ধৰি সঞ্জয় ৰাউতক লগ পোৱা নাই। সেয়ে মই তেওঁৰ ঘৰলৈ যাবলৈ ওলাইছিলো।’’

উল্লেখ্য ৰাজ আৰু উদ্ধৱ একেলগ হোৱাৰ  সম্ভাৱনাৰ মাজতে  ইয়াৰ সমৰ্থনত মুম্বাই আৰু থানেত পোষ্টাৰ আৰু বেনাৰ লগোৱা হৈছে। উল্লেখ্য ৰাজ থাকৰেৰ এমএনএছ হৈছে ৰাজ্যখনৰ একমাত্ৰ দল যিয়ে কাৰো সৈতে মিত্ৰতা কৰা নাই। ৰাজ থাকৰেক সেয়ে ৰাজ্য খনৰ বহু লোকে  মহাৰাষ্ট্ৰৰ ভৱিষ্যত বুলি গণ্য কৰে।  ২০১৪  আৰু ২০১৭ চনতো  ৰাজ থাকৰেই উদ্ধৱ থাকৰেলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। তেতিয়া উদ্ধৱ থাকৰেই অৱশ্যে  তেওঁক গুৰুত্ব সহকাৰে লোৱা নাছিল। এইবেলি পৰিস্থিতি সলনি হোৱাৰ লগে লগে এমএনএছ আৰু শিৱসেনা লগ লাগিলে মহাৰাষ্ট্ৰত সলনি হৈ পৰিব পাৰে ৰাজনৈতিক দৃশ্যপট।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস