--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অজিত পাৱাৰে এনচিপি ত্যাগ কৰি এনডিৰ সৈতে হাত মিলোৱাৰ সময়তে ৰাজ্য খনত আন কেতবোৰ ৰাজনৈতিক সমকৰণ প্ৰকট হৈ পৰিছে।  মহাৰাষ্ট্ৰৰ মাৰাঠী লোকসকলে   দীৰ্ঘদিন ধৰি কৰণ-অৰ্জুন পুনৰ লগ হ’ব বুলি মনতে আশা পুহি ৰাখিছে। কিন্তু এই সম্ভাৱনাবোৰ কেতিয়াও বাস্তৱত পৰিণত হোৱা নাই। 


কিন্তু এইবাৰ আকৌ ৰাজ থাকৰেৰ ঘনিষ্ঠ সহযোগী সঞ্জয় ৰাউতে উদ্ধৱ থাকৰেক  লগ ধৰিবলৈ আহিছে। এনে সময়তে সেয়ে আলোচনা হৈছে যে এনচিপি আৰু শিৱসেনাৰ বিভাজনৰ পিছত ৰাজ আৰু উদ্ধৱ পুনৰ একেলগ হ’ব নেকি?  শিৱসেনা আৰু এনচিপিত বিভাজন হোৱাৰ  এতিয়া কংগ্ৰেছৰ ভিতৰতো  এক প্ৰকাৰৰ ভয়ে ক্ৰিয়া কৰিছে যে  পৰৱৰ্তী সময়ত হয়তো মহাৰাষ্ট্ৰত দলটোৱে খোপনি মজবুত কৰি ৰাখিব নোৱাৰিব। 

এনচিপিত হোৱা  বিদ্ৰোহৰ কেইদিনমান আগতে অশোক চৱনে অজিত পাৱাৰক লগ পাইছিল। এনে সময়তে  দুই ভাতৃয়ে একত্ৰিত হ'বলৈ চেষ্টা কৰাৰ খবৰে বহুতকে উৎসাহিত কৰি তুলিছে। শেহতীয়া খবৰ অনুসৰি  এমএনএছ ৰ মুৰব্বী ৰাজ থাকৰেৰ এজন ঘনিষ্ঠ সহযোগী অভিজিত পানছেই হঠাতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক লগ কৰিবলৈ 'সামনা' কাৰ্যালয়ত উপস্থিত হৈছে।

পানছেক লগ পোৱাৰ পিছত ৰাউতে উদ্ধৱ ঠাকৰেক লগ কৰিবলৈ মুম্বাইৰ বান্দ্ৰাত থকা থাকৰেৰ বাসগৃহ 'মাতোশ্ৰী'লৈ গৈছিল। অৱশ্যে  দুয়োজনে এই মুহূৰ্তত আলোচনাৰ বিষয়ে একো ক'বলৈ অস্বীকাৰ কৰিছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অভিজিত পানছেই কয় যে তেওঁ ব্যক্তিগত কামৰ বাবে সঞ্জয় ৰাউতক লগ কৰিবলৈ আহিছিল। 


তেওঁ কয় "ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰেৰ মাজত মিত্ৰতা কৰিবলৈ মই ইমান ডাঙৰ মানুহ নহয়। মই ৰাজ থাকৰেৰ এজন অনুগামী সৈনিক। ৰাজ আৰু উদ্ধৱ থাকৰেই এই বিষয়ে কথা পাতিব। মই বহুদিন ধৰি সঞ্জয় ৰাউতক লগ পোৱা নাই। সেয়ে মই তেওঁৰ ঘৰলৈ যাবলৈ ওলাইছিলো।’’

উল্লেখ্য ৰাজ আৰু উদ্ধৱ একেলগ হোৱাৰ  সম্ভাৱনাৰ মাজতে  ইয়াৰ সমৰ্থনত মুম্বাই আৰু থানেত পোষ্টাৰ আৰু বেনাৰ লগোৱা হৈছে। উল্লেখ্য ৰাজ থাকৰেৰ এমএনএছ হৈছে ৰাজ্যখনৰ একমাত্ৰ দল যিয়ে কাৰো সৈতে মিত্ৰতা কৰা নাই। ৰাজ থাকৰেক সেয়ে ৰাজ্য খনৰ বহু লোকে  মহাৰাষ্ট্ৰৰ ভৱিষ্যত বুলি গণ্য কৰে।  ২০১৪  আৰু ২০১৭ চনতো  ৰাজ থাকৰেই উদ্ধৱ থাকৰেলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। তেতিয়া উদ্ধৱ থাকৰেই অৱশ্যে  তেওঁক গুৰুত্ব সহকাৰে লোৱা নাছিল। এইবেলি পৰিস্থিতি সলনি হোৱাৰ লগে লগে এমএনএছ আৰু শিৱসেনা লগ লাগিলে মহাৰাষ্ট্ৰত সলনি হৈ পৰিব পাৰে ৰাজনৈতিক দৃশ্যপট।







FOLLOW US F
POPULAR
FEATURE
TRENDY
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
চীনত একেখন মঞ্চত থিয় হ'ব মোদী-জিনপিং-পুটিনসহ শীর্ষ নেতা
ধুবুৰীত মালবাহী ৰে'লৰ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনত! কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজন লোকৰ
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা