--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছ ১৩ত প্ৰেমসূত্ৰত বান্ধ খোৱা অসীম ৰিয়াজ আৰু হিমাংশী খোৰানাৰ মাজত বিচ্ছেদ হৈছে৷ বহুবছৰ ধৰি একেলগে থকাৰ পাছত দুয়োৰে মাজত বিচ্ছেদ ঘটিছে। এই খবৰৰ পাছতেই অসীম আৰু হিমাংশীৰ অনুৰাগী যথেষ্ট স্তম্ভিত হৈ পৰিছে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই খবৰ নিশ্চিত কৰিছে হিমাংশীয়ে।


হিমাংশীয়ে পোষ্ট কৰি লিখিছে- “হয়, আমি আৰু একেলগে নাই।' আমি যি সময় একেলগে কটালোঁ সেয়া অনুপম, কিন্তু এতিয়া আমি একেলগে নাই। আমাৰ সম্পৰ্কৰ যাত্ৰা আছিল অসাধাৰণ আৰু এতিয়া আমি আমাৰ জীৱনত আগবাঢ়িছোঁ। নিজ নিজ ধৰ্মক সন্মান জনাই আমি আমাৰ ভিন্ন ধৰ্মীয় বিশ্বাসৰ বাবেই আমাৰ প্ৰেমক ত্যাগ কৰিছোঁ। আমাৰ ইজনৰ সিজনৰ বিৰুদ্ধে একো নাই। আমাৰ গোপনীয়তাক সন্মান কৰিবলৈ আমি আপোনালোকক অনুৰোধ জনাইছোঁ-হিমাংশী।”


উল্লেখ্য যে অনুৰাগীয়ে হিমাংশী আৰু অসীমক বহুত মৰম দিছে। অনুৰাগীসকলে তেওঁলোকক ‘আছিমংশী’ বুলি অভিহিত কৰিছিল। দুয়োৰে ফটো আৰু ভিডিঅ’ আগতে যথেষ্ট ভাইৰেল হৈছিল। দুয়োৰে মাজত প্ৰেমৰ যাত্ৰা আৰম্ভ হৈছিল বিগ বছ ১৩ৰ পৰা। শ্ব’টোত হিমাংশী আছিল ৱাইল্ড কাৰ্ড প্ৰতিযোগী। অসীমে হিমাংশীৰ প্ৰেমত পৰিছিল আৰু গোটেই ছিজনটো হিমাংশীৰ লগত ফ্লাৰ্ট কৰা দেখা গৈছিল। সেই সময়ত হিমাংশী আন কাৰোবাৰ লগত এংগেজমেণ্ট হৈছিল। কিন্তু পাছত হিমাংশীয়ে নিজৰ এংগেজমেণ্ট ভাঙি অসীমৰ লগত অহাৰ সিদ্ধান্ত ল’লে। অসীমে হিমাংশীক বিগ বছ হাউচতে প্ৰপ’জ কৰিছিল আৰু শ্ব’ এৰি যোৱাৰ পাছতো দুয়ো একেলগে থাকিল। কিন্তু দীৰ্ঘসময় একেলগে থকাৰ পাছত এতিয়া দুয়োৰে মাজত বিচ্ছেদ ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান