--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছ ১৩ত প্ৰেমসূত্ৰত বান্ধ খোৱা অসীম ৰিয়াজ আৰু হিমাংশী খোৰানাৰ মাজত বিচ্ছেদ হৈছে৷ বহুবছৰ ধৰি একেলগে থকাৰ পাছত দুয়োৰে মাজত বিচ্ছেদ ঘটিছে। এই খবৰৰ পাছতেই অসীম আৰু হিমাংশীৰ অনুৰাগী যথেষ্ট স্তম্ভিত হৈ পৰিছে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই খবৰ নিশ্চিত কৰিছে হিমাংশীয়ে।


হিমাংশীয়ে পোষ্ট কৰি লিখিছে- “হয়, আমি আৰু একেলগে নাই।' আমি যি সময় একেলগে কটালোঁ সেয়া অনুপম, কিন্তু এতিয়া আমি একেলগে নাই। আমাৰ সম্পৰ্কৰ যাত্ৰা আছিল অসাধাৰণ আৰু এতিয়া আমি আমাৰ জীৱনত আগবাঢ়িছোঁ। নিজ নিজ ধৰ্মক সন্মান জনাই আমি আমাৰ ভিন্ন ধৰ্মীয় বিশ্বাসৰ বাবেই আমাৰ প্ৰেমক ত্যাগ কৰিছোঁ। আমাৰ ইজনৰ সিজনৰ বিৰুদ্ধে একো নাই। আমাৰ গোপনীয়তাক সন্মান কৰিবলৈ আমি আপোনালোকক অনুৰোধ জনাইছোঁ-হিমাংশী।”


উল্লেখ্য যে অনুৰাগীয়ে হিমাংশী আৰু অসীমক বহুত মৰম দিছে। অনুৰাগীসকলে তেওঁলোকক ‘আছিমংশী’ বুলি অভিহিত কৰিছিল। দুয়োৰে ফটো আৰু ভিডিঅ’ আগতে যথেষ্ট ভাইৰেল হৈছিল। দুয়োৰে মাজত প্ৰেমৰ যাত্ৰা আৰম্ভ হৈছিল বিগ বছ ১৩ৰ পৰা। শ্ব’টোত হিমাংশী আছিল ৱাইল্ড কাৰ্ড প্ৰতিযোগী। অসীমে হিমাংশীৰ প্ৰেমত পৰিছিল আৰু গোটেই ছিজনটো হিমাংশীৰ লগত ফ্লাৰ্ট কৰা দেখা গৈছিল। সেই সময়ত হিমাংশী আন কাৰোবাৰ লগত এংগেজমেণ্ট হৈছিল। কিন্তু পাছত হিমাংশীয়ে নিজৰ এংগেজমেণ্ট ভাঙি অসীমৰ লগত অহাৰ সিদ্ধান্ত ল’লে। অসীমে হিমাংশীক বিগ বছ হাউচতে প্ৰপ’জ কৰিছিল আৰু শ্ব’ এৰি যোৱাৰ পাছতো দুয়ো একেলগে থাকিল। কিন্তু দীৰ্ঘসময় একেলগে থকাৰ পাছত এতিয়া দুয়োৰে মাজত বিচ্ছেদ ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক