--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ ঘৰখন উকা হৈ পৰিল৷ পৰ্বতৰ উচ্চতাত হিমায়িত হ’ল  উচ্চাকাংক্ষী দীপশিখাৰ সপোনৰ শিখা৷ উত্তৰাখণ্ডৰ উত্তৰ কাশীত থকা নেহৰু ইনষ্টিটিউট অব্ মাউণ্টেইনিয়াৰিঙৰ ছাত্ৰী দীপশিখা হাজৰিকা সন্ধানহীন হৈছিল উত্তৰাখণ্ডৰ উত্তৰকাশীৰ দ্ৰৌপদীৰ ডাণ্ডাত প্ৰচণ্ড হিমস্খলনত৷ দেশ জোকাৰি যোৱা সেই হিমস্খলনত বৰফে ঢাকি পেলাইছিল দীপশিখাকো৷ আৰু আজি উদ্ধাৰ হ’ল দীপশিখাৰ নিথৰ, নিষ্প্ৰাণ চেঁচা শৰীৰ৷ 

হিমালয়ক ভাল পোৱা ছোৱালীজনী হিমালয়ৰ শুভ্ৰকোমল বুকুত হেৰাই গ’ল চিৰকালৰ বাবে৷ উল্লেখযোগ্য যে, হিমালয়ত মৃত্যুক সাবটি লোৱা দীপশিখা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী। ১৯৭৯ চনৰ ৫ অক্টোবৰত অসমত পৰ্বতাৰোহণৰ জনক ৰোহিনী কুমাৰ ভূঞাই ৬,৯৪০ মিটাৰ উচ্চতাৰ কেডাৰনাথ Dome শিখৰ আৰোহণ কৰি উভতি অহাৰ পথত বৰফৰ ধুমুহাৰ মৃত্যু হৈছিল।

একেদৰে, ২০১২ চনত EXPLORERS সংগঠনৰ ৬,১৬২ মিটাৰ উচ্চতাৰ Gangstang শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাসে High Altitude Sicknessত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল। আৰু যোৱা ৪ অক্টোবৰত ৫,৭৬০ মিটাৰ ওখ ‘দ্ৰৌপদী কা ডাণ্ডা ২’ শিখৰৰ পৰা নামি অহাৰ সময়তে গুৱাহাটীৰ দীপশিখাই হিমস্খলনৰ কবলত আন ২৮গৰাকী পৰ্বতাৰোহীৰ সৈতে সন্ধানহীন হৈ পৰে৷

আজি দীপশিখাৰ লগতে মেঘালয়ৰ পৰ্বতাৰোহী টিকলু জৈৰ্ৱাৰো মৃতদেহ উদ্ধাৰ হৈছে। খবৰ অনুসৰি প্ৰথমে দিল্লীলৈ লৈ অনা হ’ব দীপশিখাৰ নশ্বৰ দেহ। দীপশিখাৰ মৃতদেহ চমজি ল’বলৈ উত্তৰাখণ্ডলৈ ৰাওনা হৈছে দিল্লীৰ অসম ভৱনৰ প্ৰতিনিধি দল৷ মৃতদেহ আৰ্মি হাস্পতালৰ পৰা দিল্লীলৈ অনা হ’ব। দিল্লীৰ পৰা অসম চৰকাৰৰ সহযোগত কাইলৈ গুৱাহাটীলৈ অনা হ’ব দীপশিখাৰ মৃতদেহ। 

এতিয়া দীপশিখাৰ মৃত্যুৰ খবৰে শোকাহত কৰিছে ৰাজ্যবাসীক৷ বিদায়, দীপশিখা, ‘মৃত্যুৰ বতাহে তোমাৰ শিখা নকঁপায়’৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু