--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ ঘৰখন উকা হৈ পৰিল৷ পৰ্বতৰ উচ্চতাত হিমায়িত হ’ল  উচ্চাকাংক্ষী দীপশিখাৰ সপোনৰ শিখা৷ উত্তৰাখণ্ডৰ উত্তৰ কাশীত থকা নেহৰু ইনষ্টিটিউট অব্ মাউণ্টেইনিয়াৰিঙৰ ছাত্ৰী দীপশিখা হাজৰিকা সন্ধানহীন হৈছিল উত্তৰাখণ্ডৰ উত্তৰকাশীৰ দ্ৰৌপদীৰ ডাণ্ডাত প্ৰচণ্ড হিমস্খলনত৷ দেশ জোকাৰি যোৱা সেই হিমস্খলনত বৰফে ঢাকি পেলাইছিল দীপশিখাকো৷ আৰু আজি উদ্ধাৰ হ’ল দীপশিখাৰ নিথৰ, নিষ্প্ৰাণ চেঁচা শৰীৰ৷ 

হিমালয়ক ভাল পোৱা ছোৱালীজনী হিমালয়ৰ শুভ্ৰকোমল বুকুত হেৰাই গ’ল চিৰকালৰ বাবে৷ উল্লেখযোগ্য যে, হিমালয়ত মৃত্যুক সাবটি লোৱা দীপশিখা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী। ১৯৭৯ চনৰ ৫ অক্টোবৰত অসমত পৰ্বতাৰোহণৰ জনক ৰোহিনী কুমাৰ ভূঞাই ৬,৯৪০ মিটাৰ উচ্চতাৰ কেডাৰনাথ Dome শিখৰ আৰোহণ কৰি উভতি অহাৰ পথত বৰফৰ ধুমুহাৰ মৃত্যু হৈছিল।

একেদৰে, ২০১২ চনত EXPLORERS সংগঠনৰ ৬,১৬২ মিটাৰ উচ্চতাৰ Gangstang শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাসে High Altitude Sicknessত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল। আৰু যোৱা ৪ অক্টোবৰত ৫,৭৬০ মিটাৰ ওখ ‘দ্ৰৌপদী কা ডাণ্ডা ২’ শিখৰৰ পৰা নামি অহাৰ সময়তে গুৱাহাটীৰ দীপশিখাই হিমস্খলনৰ কবলত আন ২৮গৰাকী পৰ্বতাৰোহীৰ সৈতে সন্ধানহীন হৈ পৰে৷

আজি দীপশিখাৰ লগতে মেঘালয়ৰ পৰ্বতাৰোহী টিকলু জৈৰ্ৱাৰো মৃতদেহ উদ্ধাৰ হৈছে। খবৰ অনুসৰি প্ৰথমে দিল্লীলৈ লৈ অনা হ’ব দীপশিখাৰ নশ্বৰ দেহ। দীপশিখাৰ মৃতদেহ চমজি ল’বলৈ উত্তৰাখণ্ডলৈ ৰাওনা হৈছে দিল্লীৰ অসম ভৱনৰ প্ৰতিনিধি দল৷ মৃতদেহ আৰ্মি হাস্পতালৰ পৰা দিল্লীলৈ অনা হ’ব। দিল্লীৰ পৰা অসম চৰকাৰৰ সহযোগত কাইলৈ গুৱাহাটীলৈ অনা হ’ব দীপশিখাৰ মৃতদেহ। 

এতিয়া দীপশিখাৰ মৃত্যুৰ খবৰে শোকাহত কৰিছে ৰাজ্যবাসীক৷ বিদায়, দীপশিখা, ‘মৃত্যুৰ বতাহে তোমাৰ শিখা নকঁপায়’৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement