--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নাছিকত আজি পুৱতি নিশা সংঘটিত এক দুৰ্ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে৷ দুৰ্ঘটনাত পতিত হৈ এখন যাত্ৰীবাহী বাছত অগ্নিদগ্ধ হৈ পৰাত ১১গৰাকী যাত্ৰীয়ে কৰুণ মৃত্যুক সাবটি লয়৷ 

নাছিক আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱতি নিশা নাছিক-ঔৰংগাবাদ পথত এখন ট্ৰাকৰ সৈতে বাছ এখনৰ সংঘৰ্ষ হয়। সংঘৰ্ষৰ পাছত বাছখন বাগৰি পৰে আৰু লগে লগে বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই অগ্নিকাণ্ডত ১১জন লোকৰ মৃত্যু হয়৷ ঘটনাৰ খবৰ পোৱাৰ পাছতেই ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে যদিও তেতিয়ালৈকে কেইবাজনো লোকে জুইত প্ৰাণ হেৰুৱাইছিল।

আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰক্ষীয়ে জনায় যে দুৰ্ঘটনাটো আজি পুৱা প্ৰায় ৫ বাজি ১৫ মিনিটত সংঘটিত হৈছিল। আহত কিছুলোকৰ অৱস্থা সংকটজনক হোৱা হেতুকে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক