--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ অৱশেষত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতি দিলে মণিপুৰ চৰকাৰে ৷ আজি দিনৰ ভাগত মণিপুৰ চৰকাৰে ৰাহুলৰ এই যাত্ৰাত অনুমতি দিবলৈ অস্বীকাৰ কৰা বুলি কংগ্ৰেছে দাবী কৰিছিল৷ সন্ধিয়াৰ ভাগলৈ অৱশ্যে  মণিপুৰ চৰকাৰে 'সীমিত অংশগ্ৰহণকাৰী'ৰ সৈতে কংগ্ৰেছৰ ভাৰত জোডো ন্যায় যাত্ৰাৰ স্থানত অনুমোদন জনায়৷ 

 মণিপুৰ চৰকাৰৰ এগৰাকী বিষয়াই  প্ৰকাশ কৰা  মতে  এই অনুমতি সীমিত সংখ্যক লোকৰ বাবেহে  দিয়া হৈছে। ইয়াৰ পূৰ্বে, কংগ্ৰেছে দাবী কৰিছিল যে মণিপুৰ চৰকাৰে ইম্ফলৰ পেলেচ গ্ৰাউণ্ডৰ পৰা 'ভাৰত জোডো ন্যায় যাত্ৰা' আৰম্ভ কৰাৰ অনুমতি প্ৰত্যাখ্যান কৰিছে। দলৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কৈছিল যে কংগ্ৰেছে যাত্ৰা আৰম্ভ কৰিবলৈ ইম্ফলৰ আন কোনো ঠাই বাছনি কৰিব। মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক কে মেঘাচন্দ্ৰই  দলৰ নেতাসকলৰ সৈতে বুধবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে আৰু সমগ্ৰ বিষয়টো আলোচনা কৰে৷ 

পুৱা, মুখ্যমন্ত্ৰীয়ে আইন-শৃংখলা পৰিস্থিতিৰ কথা উল্লেখ কৰি  জনাইছিল যে তেওঁৰ চৰকাৰে ৰাহুলৰ যাত্ৰাৰ অনুমতি দিব নোৱাৰে ।  চৰকাৰৰ সঁহাৰিক "অতি দুৰ্ভাগ্যজনক" বুলি অভিহিত কৰা মেঘাচন্দ্ৰই কয় যে  তেওঁলোকে যাত্ৰা আৰম্ভ কৰাৰ  স্থান থৌবাল জিলাৰ খোংজোমলৈ  সলনি কৰিছে।তেওঁ কয় " ভাৰত যোদো ন্যায় যাত্ৰা আয়োজনৰ বাবে অনুষ্ঠানস্থলীৰ অনুমতিৰ সন্দৰ্ভত আমি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক লগ কৰিছিলো। কিন্তু মুখ্যমন্ত্ৰীয়ে ইম্ফল পূব জিলাৰ হাট্টা কাংজেইবুংকত অনুমতি দিবলৈ অস্বীকাৰ কৰিছে।"


উল্লেখ্য ৰাহুল গান্ধীয়ে  মণিপুৰত পৰা  ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল যদিও বুধবাৰে  পুৱা  আৰম্ভনিতে অসুবিধাৰ সৃষ্টি হৈছিল৷  কিন্তি মণিপুৰ চৰকাৰে ৰাহুল গান্ধীক ৰাজ্য খনৰ পৰা  ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ  অনুমতি দিয়া নহ’ব বুলি ঘোষণা কৰিছিল। কংগ্ৰেছে মণিপুৰ চৰকাৰৰ ওচৰত  মেইটেইৰ আধিপত্য থকা পূব ইম্ফলৰ  পৰা যাত্ৰা আৰম্ভ কৰাৰ অনুমতি বিচাৰিছিল। কিন্তু চৰকাৰে সেই অনুমতি দিবলৈ অস্বীকাৰ কৰিছে৷   অৱশ্যে, কংগ্ৰেছে স্পষ্ট কৰি দিছিল যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ যাত্ৰা মণিপুৰৰ পৰাই হ'ব।

প্ৰাৰম্ভিক পৰিকল্পনা অনুসৰি  ৰাহুল গান্ধীৰ যাত্ৰা ১৪ জানুৱাৰীত ইম্ফল পূবৰ পৰা আৰম্ভ হোৱাৰ কথা । কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰথম দিনাই মণিপুৰৰ পৰা নাগালেণ্ডত উপস্থিত হোৱাৰ কথা আছে। ইয়াৰ মাজতে প্ৰথমে মণিপুৰৰ বীৰেন সিং চৰকাৰে মেইটেই অধ্যুষিত ইম্ফল পূবত  সভা অনুষ্ঠিত কৰি  যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল৷ মণিপুৰ  চৰকাৰে দাবী কৰিছিল যে আইন-শৃংখলা পৰিস্থিতিৰ কথা বিবেচনা কৰিয়েই ৰাহুলৰ যাত্তাৰ  অনুমতি দিয়া হোৱা নাই।


 অৱশ্যে পিছত চৰ্ত সাপেক্ষে ৰাহুলক যাত্ৰাৰ অনুমতি দিয়া হয়৷  কংগ্ৰেছে স্পষ্ট কৰি দিছিল যে মণিপুৰৰ বাহিৰে আন কোনো ঠাইৰ পৰাই যাত্ৰা আৰম্ভ কৰাৰ কোনো প্ৰশ্নই নাই। ন্যায় যাত্ৰা কংগ্ৰেছৰ মতে যাত্ৰাৰ অনুমতি কেন্দ্ৰীয় চৰকাৰে দিছে। গতিকে মণিপুৰে আপত্তি কৰিব নোৱাৰে৷ নহয়। জয়ৰাম ৰমেশ আৰু কেচি বেণুগোপালে বুধবাৰে দলৰ মুখ্য কাৰ্যালয়ত ভাৰত ন্যায় যাত্ৰাৰ সম্ভাৱ্য পথ মানচিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ এখন সংবাদমেল অনুষ্ঠিত কৰে। মণিপুৰ চৰকাৰে প্ৰথমে  যাত্ৰাৰ অনুমতি নিদিয়াৰ বাবে কংগ্ৰেছে চৰকাৰ খনক ক্ষুৰধাৰ  সমালোচনা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement