--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত যেন বৰফ গলাৰ ইংগিতে দেখা দিছে। কংগ্ৰেছৰ এগৰাকী স্থায়ী সভাপতি নিৰ্বাচন কৰিবলৈ বছৰৰ পিছত বছৰ ধৰি দলৰ ভিতৰতে দাবী উত্থাপন হৈ অহাৰ পিছতো গান্ধী পৰিয়ালে কংগ্ৰেছৰ শীৰ্ষ পদবীটো খামুচি ধৰি থকাত এজন নতুন সভাপতি নিৰ্বাচন কৰাটো সম্ভৱ হৈ উঠা নাছিল। নতুন সভাপতি নিৰ্বাচনৰ দাবীত কংগ্ৰেছৰ ২৩ গৰাকী শীৰ্ষ নেতাই আনকি ছোনিয়া গান্ধীলৈ পত্ৰ লিখিও বিমুখ হৈছিল। ফলত গুলাম নবী আজাদকে ধৰি বহু কেইগৰাকী নেতাই পদত্যাগৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছিল।

কংগ্ৰেছৰ এগৰাকী নতুন সভাপতি  বিগত বৰ্ষৰ ২১ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন কৰা হ’ব বুলি  সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল।। কিন্তু শেষত নানান অজুহাতত  সেই সিদ্ধান্ত  বাস্তৱায়িত নহ'ল। ফলত দলৰ ভিতৰত ক্ষোভ আৰু বৃদ্ধি পাইছিল।অৱশেষত, কংগ্ৰেছে  দলটোৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে ১৯  অক্টোবৰত সভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব গণনা। সেই দিনাই দেশৰ  পুৰণি দলটোৱে নতুন সভাপতি  বাছনি কৰিব।

দেওবাৰে নতুন দিল্লীত দলটোৰ শীৰ্ষ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে  নিৰ্বাচনৰ  দিন থিৰাং কৰা  হয়। কংগ্ৰেছৰ সভাপতি পদৰ বাবে  মনোনয়ন দাখিল ২৪ ছেপ্টেম্বৰত আৰম্ভ হ'ব। 

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ  ৩০ ছেপ্টেম্বৰ।উল্লেখ্য  কংগ্ৰেছে পূৰ্বে কৈছিল যে কিছুদিন আগলৈকে  সভাপতি নিৰ্বাচনৰ বাবে   "অশুভ সময়" আছিল। বহুতে  ৰাহুল গান্ধীকেই পুনৰ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে এতিয়াও অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ মল্লিকাৰ্জুন খাৰ্গেৰ দৰে দলৰ জ্যেষ্ঠ নেতা একাংশই ৰাহুল গান্ধীৰ হাততে কংগ্ৰেছৰ সভাপতিৰ পদ থকাটো বিচাৰি আহিছে। তেনে নেতাসকলৰ তৎপৰতাৰ বাবেই আন বহু নেতা অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে।

ইপিনে ৰাহুল গান্ধীয়ে কোনোপধ্যে দলৰ সভাপতি হ’বলৈ ইচ্ছা কৰা নাই। তেওঁ আনকি ইয়াকো কৈছে যে তেওঁৱেই নহয়, গান্ধী পৰিয়ালৰ কোনো লোকেই কংগ্ৰেছৰ সভাপতিৰ পদত বহিব নালাগে। ।উল্লেখ্য কংগ্ৰেছৰ আজিৰ গুৰুত্বপূৰ্ণ সভা খনত  গান্ধী পৰিয়াল আজি লণ্ডনত আছে। ছোনিয়া গান্ধীৰ  চিকিৎসাৰ বাবে তেওঁলোক লণ্ডনলৈ গৈছে।লণ্ডনৰ পৰাই গান্ধী পৰিয়ালৰ সদস্যসকলে ভাৰ্চুৱেল সভাত উপস্থিত থাকে।

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতিপদ ত্যাগ কৰিছিল। তেতিয়াৰে পৰা কংগ্ৰেছৰ কোনো স্থায়ী সভাপতি নাছিল। ছোনিয়া গান্ধীয়ে অন্তৱৰ্তীকালীন সভাপতি হিচাবে কাম চলাই গৈছিল। ফলত কংগ্ৰেছে নিজৰ ভিতৰতে আৰম্ভ হৈছিল বিসম্বাদ। 

গুলাম নবী আজাদ আৰু তেওঁৰ ঘনিষ্ঠসকলে শেহতীয়াকৈ ৰাহুলক সমালোচনা কৰি দল ত্যাগ কৰিছে। এনে পৰিস্থিতিত, দলটোৰ স্থিতি শক্তিশালী  কৰিবলৈ আৰু পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ  বাবে প্ৰস্তুতি চলাবলৈ শীঘ্ৰে এজন সভাপতি  নিৰ্বাচিত কৰাটো জৰুৰী হৈ পৰিছিল । অৱশেষত যেনিবা নিৰ্বাচনৰ দিন  ঘোষণা কৰা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু