--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত যেন বৰফ গলাৰ ইংগিতে দেখা দিছে। কংগ্ৰেছৰ এগৰাকী স্থায়ী সভাপতি নিৰ্বাচন কৰিবলৈ বছৰৰ পিছত বছৰ ধৰি দলৰ ভিতৰতে দাবী উত্থাপন হৈ অহাৰ পিছতো গান্ধী পৰিয়ালে কংগ্ৰেছৰ শীৰ্ষ পদবীটো খামুচি ধৰি থকাত এজন নতুন সভাপতি নিৰ্বাচন কৰাটো সম্ভৱ হৈ উঠা নাছিল। নতুন সভাপতি নিৰ্বাচনৰ দাবীত কংগ্ৰেছৰ ২৩ গৰাকী শীৰ্ষ নেতাই আনকি ছোনিয়া গান্ধীলৈ পত্ৰ লিখিও বিমুখ হৈছিল। ফলত গুলাম নবী আজাদকে ধৰি বহু কেইগৰাকী নেতাই পদত্যাগৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছিল।

কংগ্ৰেছৰ এগৰাকী নতুন সভাপতি  বিগত বৰ্ষৰ ২১ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন কৰা হ’ব বুলি  সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল।। কিন্তু শেষত নানান অজুহাতত  সেই সিদ্ধান্ত  বাস্তৱায়িত নহ'ল। ফলত দলৰ ভিতৰত ক্ষোভ আৰু বৃদ্ধি পাইছিল।অৱশেষত, কংগ্ৰেছে  দলটোৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে ১৯  অক্টোবৰত সভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব গণনা। সেই দিনাই দেশৰ  পুৰণি দলটোৱে নতুন সভাপতি  বাছনি কৰিব।

দেওবাৰে নতুন দিল্লীত দলটোৰ শীৰ্ষ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে  নিৰ্বাচনৰ  দিন থিৰাং কৰা  হয়। কংগ্ৰেছৰ সভাপতি পদৰ বাবে  মনোনয়ন দাখিল ২৪ ছেপ্টেম্বৰত আৰম্ভ হ'ব। 

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ  ৩০ ছেপ্টেম্বৰ।উল্লেখ্য  কংগ্ৰেছে পূৰ্বে কৈছিল যে কিছুদিন আগলৈকে  সভাপতি নিৰ্বাচনৰ বাবে   "অশুভ সময়" আছিল। বহুতে  ৰাহুল গান্ধীকেই পুনৰ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে এতিয়াও অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ মল্লিকাৰ্জুন খাৰ্গেৰ দৰে দলৰ জ্যেষ্ঠ নেতা একাংশই ৰাহুল গান্ধীৰ হাততে কংগ্ৰেছৰ সভাপতিৰ পদ থকাটো বিচাৰি আহিছে। তেনে নেতাসকলৰ তৎপৰতাৰ বাবেই আন বহু নেতা অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে।

ইপিনে ৰাহুল গান্ধীয়ে কোনোপধ্যে দলৰ সভাপতি হ’বলৈ ইচ্ছা কৰা নাই। তেওঁ আনকি ইয়াকো কৈছে যে তেওঁৱেই নহয়, গান্ধী পৰিয়ালৰ কোনো লোকেই কংগ্ৰেছৰ সভাপতিৰ পদত বহিব নালাগে। ।উল্লেখ্য কংগ্ৰেছৰ আজিৰ গুৰুত্বপূৰ্ণ সভা খনত  গান্ধী পৰিয়াল আজি লণ্ডনত আছে। ছোনিয়া গান্ধীৰ  চিকিৎসাৰ বাবে তেওঁলোক লণ্ডনলৈ গৈছে।লণ্ডনৰ পৰাই গান্ধী পৰিয়ালৰ সদস্যসকলে ভাৰ্চুৱেল সভাত উপস্থিত থাকে।

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতিপদ ত্যাগ কৰিছিল। তেতিয়াৰে পৰা কংগ্ৰেছৰ কোনো স্থায়ী সভাপতি নাছিল। ছোনিয়া গান্ধীয়ে অন্তৱৰ্তীকালীন সভাপতি হিচাবে কাম চলাই গৈছিল। ফলত কংগ্ৰেছে নিজৰ ভিতৰতে আৰম্ভ হৈছিল বিসম্বাদ। 

গুলাম নবী আজাদ আৰু তেওঁৰ ঘনিষ্ঠসকলে শেহতীয়াকৈ ৰাহুলক সমালোচনা কৰি দল ত্যাগ কৰিছে। এনে পৰিস্থিতিত, দলটোৰ স্থিতি শক্তিশালী  কৰিবলৈ আৰু পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ  বাবে প্ৰস্তুতি চলাবলৈ শীঘ্ৰে এজন সভাপতি  নিৰ্বাচিত কৰাটো জৰুৰী হৈ পৰিছিল । অৱশেষত যেনিবা নিৰ্বাচনৰ দিন  ঘোষণা কৰা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ