--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • স্নাতক মহলাৰ লগতে স্নাতকোত্তৰ মহলাতো বিভাগসমূহে সমানভাবে দক্ষতা আৰু দায়বদ্ধতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰি পঁয়ত্রিশটা বিভাগৰ চতুৰ্থ ষান্মাসিক আৰু বত্ৰিশটা বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ফলাফল দুসপ্তাহৰো কম সময়ৰ ভিতৰত ঘোষণা কৰিছে

ডিজিটেল ডেস্ক : শিক্ষাৰ্থীৰ বিকাশক অগ্ৰাধিকাৰ প্ৰদান কৰি শৈক্ষিক দিশত পুনৰ এক নতুন দিগন্ত সূচনা কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যেই ২০২৪-২০২৫ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে । 


বিশ্ববিদ্যালয়ে পৰীক্ষা সম্বন্ধীয় আসোঁৱাহ আঁতৰাই ২৪ জুন তাৰিখে ২৪ দিনৰ ভিতৰত বাণিজ্য শাখাৰ ষষ্ঠ ষান্মাসিকৰ ফলাফল, ২৫ জুন তাৰিখে মাত্ৰ ২৫ দিনৰ ভিতৰত বিজ্ঞান শাখাৰ ষষ্ঠ ষান্মাসিকৰ তথা ২ জুলাই, ২০২৫ তাৰিখে চূড়ান্ত গৱেষণা পত্ৰ জমা দিয়াৰ মাত্ৰ ত্ৰিশ দিনৰ ভিতৰত কলা শাখাৰ ফলাফল প্ৰকাশ কৰে । অতি দ্ৰুতগতিত প্ৰকাশ পোৱা ফলাফলে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত পৰীক্ষা সম্বন্ধীয় অনিশ্চয়তাৰ অৱসান ঘটাই শিক্ষাৰ্থীসকলৰ পৰৱৰ্তী শৈক্ষিক তথা পেছাদাৰী পদক্ষেপসমূহ সুচিন্তিতভাৱে বাছনি কৰাত সহায় কৰিছে ।


ফলাফল ঘোষণা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, "আমাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীৰ লগত জড়িত প্ৰতিটো ক্ষেত্ৰতে দ্ৰুতভাৱে উচিত সিদ্ধান্ত গ্ৰহণ কৰা । পৰীক্ষাৰ ফলাফল ঘোষণা এই প্ৰক্ৰিয়াৰ অন্যতম ।" লগতে তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ক ভাৰতৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অহৰহভাৱে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।


স্নাতক মহলাৰ লগতে স্নাতকোত্তৰ মহলাতো বিভাগসমূহে সমানভাবে দক্ষতা আৰু দায়বদ্ধতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰি পঁয়ত্রিশটা বিভাগৰ চতুৰ্থ ষান্মাসিক আৰু বত্ৰিশটা বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ফলাফল দুসপ্তাহৰো কম সময়ৰ ভিতৰত ঘোষণা কৰিছে । সাধাৰণতে ফলাফল প্ৰক্ৰিয়াত এইধৰণৰ ক্ষিপ্ৰতা যিকোনো বিশ্ববিদ্যালয়ৰ বাবে এক বিৰল সফলতা হিচাপে বিবেচিত হয় । এই কৃতিত্ব সম্পূৰ্ণৰূপে শৈক্ষিক আৰু প্ৰশাসনিক বিভাগৰ একাগ্ৰতা, নিষ্ঠা, আৰু সু-পৰিচালনাৰ ফলস্বৰূপে সম্ভৱ হয় ।


বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক কন্দৰ্প কুমাৰ শৰ্মাই প্ৰক্ৰিয়াটো সুশৃংখলিত কৰাৰ ক্ষেত্ৰত ডিজিটেল ব্যৱস্থাৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে , "এই বৰ্ষত প্ৰত্যাশিত সময়সীমাৰ ভিতৰত ফলাফল ভালদৰে ঘোষণা কৰা হৈছে তথা আমাৰ অধ্যাপক- অধ্যাপিকা, পৰীক্ষক আৰু প্ৰশাসনিক কৰ্মচাৰীৰ নিষ্ঠাৰ বাবেই এইটো সম্ভৱ হৈ উঠাৰ লগতে শিক্ষাৰ্থীয়ে নিজৰ প্ৰাপ্য নম্বৰ লাভ কৰিছে ।"


উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ ফলাফল সম্পৰ্কীয় উদ্বেগ লাঘৱ কৰিবলৈ স্বয়ংক্ৰিয় পুনৰ মূল্যায়ন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। ফলাফল প্ৰকাশৰ পাছত, শিক্ষাৰ্থীসকলে ১৫ দিনৰ সময়সীমাৰ ভিতৰত এক নিৰ্দিষ্ট অনলাইন লিংকৰ জৰিয়তে পুনৰ মূল্যায়নৰ অনুৰোধ দাখিল কৰিব পাৰে। এই সময়সীমা অতিক্ৰম হ’লে লিংকটো স্বয়ংক্ৰিয়ভাৱে নিষ্ক্ৰিয় হৈ সম্পূৰ্ণ প্ৰক্ৰিয়াটো সংগঠিত, সুৰক্ষিত হিচাপে নিশ্চিত হয়। তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয় 'দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ'ত প্ৰতিদিনে বিয়লি ২ বজাৰ পৰা আবেলি ৫ বজালৈ অভিযোগ সমাধান কোষ স্থাপন কৰা হৈছে, য’ত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা সম্পৰ্কীয় যিকোনো প্ৰশ্ন উত্থাপন কৰি সময়মতে সমাধান লাভ কৰিব পাৰে। এই পদক্ষেপসমূহে বিশ্ববিদ্যালয়ৰ পৰীক্ষা সম্বন্ধীয় আৰু শিক্ষাৰ্থীকেন্দ্ৰিক দৃষ্টিভংগীৰ দৃঢ় দায়বদ্ধতাক প্ৰতিফলিত কৰে । বিশ্ববিদ্যালয় কর্তৃপক্ষই আইন বিভাগৰ পৰীক্ষাৰ ফলাফলসমূহ অহা দুমাহৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিছে ।


গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক ব্যৱস্থাৰ আধুনিকীকৰণ অব্যাহত ৰাখি ফলাফল দ্ৰুত ঘোষণাৰ মাধ্যমেৰে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণ কৰাত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ