--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • স্নাতক মহলাৰ লগতে স্নাতকোত্তৰ মহলাতো বিভাগসমূহে সমানভাবে দক্ষতা আৰু দায়বদ্ধতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰি পঁয়ত্রিশটা বিভাগৰ চতুৰ্থ ষান্মাসিক আৰু বত্ৰিশটা বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ফলাফল দুসপ্তাহৰো কম সময়ৰ ভিতৰত ঘোষণা কৰিছে

ডিজিটেল ডেস্ক : শিক্ষাৰ্থীৰ বিকাশক অগ্ৰাধিকাৰ প্ৰদান কৰি শৈক্ষিক দিশত পুনৰ এক নতুন দিগন্ত সূচনা কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যেই ২০২৪-২০২৫ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে । 


বিশ্ববিদ্যালয়ে পৰীক্ষা সম্বন্ধীয় আসোঁৱাহ আঁতৰাই ২৪ জুন তাৰিখে ২৪ দিনৰ ভিতৰত বাণিজ্য শাখাৰ ষষ্ঠ ষান্মাসিকৰ ফলাফল, ২৫ জুন তাৰিখে মাত্ৰ ২৫ দিনৰ ভিতৰত বিজ্ঞান শাখাৰ ষষ্ঠ ষান্মাসিকৰ তথা ২ জুলাই, ২০২৫ তাৰিখে চূড়ান্ত গৱেষণা পত্ৰ জমা দিয়াৰ মাত্ৰ ত্ৰিশ দিনৰ ভিতৰত কলা শাখাৰ ফলাফল প্ৰকাশ কৰে । অতি দ্ৰুতগতিত প্ৰকাশ পোৱা ফলাফলে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত পৰীক্ষা সম্বন্ধীয় অনিশ্চয়তাৰ অৱসান ঘটাই শিক্ষাৰ্থীসকলৰ পৰৱৰ্তী শৈক্ষিক তথা পেছাদাৰী পদক্ষেপসমূহ সুচিন্তিতভাৱে বাছনি কৰাত সহায় কৰিছে ।


ফলাফল ঘোষণা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, "আমাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীৰ লগত জড়িত প্ৰতিটো ক্ষেত্ৰতে দ্ৰুতভাৱে উচিত সিদ্ধান্ত গ্ৰহণ কৰা । পৰীক্ষাৰ ফলাফল ঘোষণা এই প্ৰক্ৰিয়াৰ অন্যতম ।" লগতে তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ক ভাৰতৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অহৰহভাৱে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।


স্নাতক মহলাৰ লগতে স্নাতকোত্তৰ মহলাতো বিভাগসমূহে সমানভাবে দক্ষতা আৰু দায়বদ্ধতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰি পঁয়ত্রিশটা বিভাগৰ চতুৰ্থ ষান্মাসিক আৰু বত্ৰিশটা বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ফলাফল দুসপ্তাহৰো কম সময়ৰ ভিতৰত ঘোষণা কৰিছে । সাধাৰণতে ফলাফল প্ৰক্ৰিয়াত এইধৰণৰ ক্ষিপ্ৰতা যিকোনো বিশ্ববিদ্যালয়ৰ বাবে এক বিৰল সফলতা হিচাপে বিবেচিত হয় । এই কৃতিত্ব সম্পূৰ্ণৰূপে শৈক্ষিক আৰু প্ৰশাসনিক বিভাগৰ একাগ্ৰতা, নিষ্ঠা, আৰু সু-পৰিচালনাৰ ফলস্বৰূপে সম্ভৱ হয় ।


বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক কন্দৰ্প কুমাৰ শৰ্মাই প্ৰক্ৰিয়াটো সুশৃংখলিত কৰাৰ ক্ষেত্ৰত ডিজিটেল ব্যৱস্থাৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে , "এই বৰ্ষত প্ৰত্যাশিত সময়সীমাৰ ভিতৰত ফলাফল ভালদৰে ঘোষণা কৰা হৈছে তথা আমাৰ অধ্যাপক- অধ্যাপিকা, পৰীক্ষক আৰু প্ৰশাসনিক কৰ্মচাৰীৰ নিষ্ঠাৰ বাবেই এইটো সম্ভৱ হৈ উঠাৰ লগতে শিক্ষাৰ্থীয়ে নিজৰ প্ৰাপ্য নম্বৰ লাভ কৰিছে ।"


উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ ফলাফল সম্পৰ্কীয় উদ্বেগ লাঘৱ কৰিবলৈ স্বয়ংক্ৰিয় পুনৰ মূল্যায়ন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। ফলাফল প্ৰকাশৰ পাছত, শিক্ষাৰ্থীসকলে ১৫ দিনৰ সময়সীমাৰ ভিতৰত এক নিৰ্দিষ্ট অনলাইন লিংকৰ জৰিয়তে পুনৰ মূল্যায়নৰ অনুৰোধ দাখিল কৰিব পাৰে। এই সময়সীমা অতিক্ৰম হ’লে লিংকটো স্বয়ংক্ৰিয়ভাৱে নিষ্ক্ৰিয় হৈ সম্পূৰ্ণ প্ৰক্ৰিয়াটো সংগঠিত, সুৰক্ষিত হিচাপে নিশ্চিত হয়। তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয় 'দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ'ত প্ৰতিদিনে বিয়লি ২ বজাৰ পৰা আবেলি ৫ বজালৈ অভিযোগ সমাধান কোষ স্থাপন কৰা হৈছে, য’ত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা সম্পৰ্কীয় যিকোনো প্ৰশ্ন উত্থাপন কৰি সময়মতে সমাধান লাভ কৰিব পাৰে। এই পদক্ষেপসমূহে বিশ্ববিদ্যালয়ৰ পৰীক্ষা সম্বন্ধীয় আৰু শিক্ষাৰ্থীকেন্দ্ৰিক দৃষ্টিভংগীৰ দৃঢ় দায়বদ্ধতাক প্ৰতিফলিত কৰে । বিশ্ববিদ্যালয় কর্তৃপক্ষই আইন বিভাগৰ পৰীক্ষাৰ ফলাফলসমূহ অহা দুমাহৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিছে ।


গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক ব্যৱস্থাৰ আধুনিকীকৰণ অব্যাহত ৰাখি ফলাফল দ্ৰুত ঘোষণাৰ মাধ্যমেৰে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণ কৰাত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা