--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক:  কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয় খোলোক লৈ ৰাজ্যজুৰি লাগিছিল হৈ-ছৈ। বিদ্যালয়খনৰ বছৰি মাচুলক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত এনে বহু ব্যক্তিগতখণ্ডৰ বিদ্যালয় গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। আজি আপোনালোকক জনাম দেশৰ এনে এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ কথা, যত অধ্যয়ন কৰে বহু ‘ষ্টাৰ কীডছে’।

 

দেশৰ এখন আগশাৰীৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় হৈছে ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুল। পিতৃৰ স্মৃতিত মুকেশ আম্বানীয়ে ২০০৩ চনত ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলআৰম্ভ কৰিছিল। কমসংখ্যক লোকেহে জানে যে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক নীতা আম্বানী আৰু তেওঁৰ কন্যা ইছা আম্বানী। বৰ্তমান এই বিদ্যালয়খন বিশ্বৰ ভিতৰতে অন্যতম জনপ্ৰিয় ব্যক্তিগত বিদ্যালয়। এই বিদ্যালয়খন থকা বিলাসী সা-সুবিধা আৰু উচ্চমানৰ শিক্ষাৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত।

 

অৱশ্যে সকলো সা-সুবিধা থকাৰ বাবে ধীৰুভাই আম্বানি আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় মাচুলআকাশলংঘী। যাৰবাবে চেলিব্ৰিটিৰ বাহিৰে সাধাৰণ মানুহ আৰু মধ্যবিত্ত লোকৰ বাবে সেই বিদ্যালয়ত নামভৰ্তি কৰোৱাটো কোনো কাৰণতে সম্ভৱপৰ নহয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইখন বিদ্যালয়ত এল কে জিৰ পৰা সপ্তমলৈ শিশুৰ বাবে এবছৰৰ মাচুল ১.৫ লাখ টকা। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক মাচুল ৫ লাখ ৯০ হাজাৰ আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে বাৰ্ষিক মাচুল ১০ লাখ টকা।

 

পিছে আকাশলংঘী মাচুল লোৱা বিদ্যালয়খন কি কি সুবিধা আছে?


বিদ্যালয় চৌহদত প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি শ্ৰেণীকোঠা, অধ্যয়ন কক্ষ, পৰীক্ষাগাৰ, বৃহৎ খেলপথাৰ আৰু শিক্ষণ স্থানলৈকে বহুতো সুবিধা আছে। যাৰবাবে বিদ্যালয়খনত শ্বাহৰুখ খান,  ঐশ্বৰ্য  ৰায় বচ্চন,  ছাইফ আলী খানৰ দৰে ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰৰ সন্তানে অধ্যয়ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ