--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক:  কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয় খোলোক লৈ ৰাজ্যজুৰি লাগিছিল হৈ-ছৈ। বিদ্যালয়খনৰ বছৰি মাচুলক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত এনে বহু ব্যক্তিগতখণ্ডৰ বিদ্যালয় গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। আজি আপোনালোকক জনাম দেশৰ এনে এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ কথা, যত অধ্যয়ন কৰে বহু ‘ষ্টাৰ কীডছে’।

 

দেশৰ এখন আগশাৰীৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় হৈছে ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুল। পিতৃৰ স্মৃতিত মুকেশ আম্বানীয়ে ২০০৩ চনত ‘ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুল’ আৰম্ভ কৰিছিল। কমসংখ্যক লোকেহে জানে যে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক নীতা আম্বানী আৰু তেওঁৰ কন্যা ইছা আম্বানী। বৰ্তমান এই বিদ্যালয়খন বিশ্বৰ ভিতৰতে অন্যতম জনপ্ৰিয় ব্যক্তিগত বিদ্যালয়। এই বিদ্যালয়খন থকা বিলাসী সা-সুবিধা আৰু উচ্চমানৰ শিক্ষাৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত।

 

অৱশ্যে সকলো সা-সুবিধা থকাৰ বাবে ‘ধীৰুভাই আম্বানি আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় মাচুল’ আকাশলংঘী। যাৰবাবে চেলিব্ৰিটিৰ বাহিৰে সাধাৰণ মানুহ আৰু মধ্যবিত্ত লোকৰ বাবে সেই বিদ্যালয়ত নামভৰ্তি কৰোৱাটো কোনো কাৰণতে সম্ভৱপৰ নহয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইখন বিদ্যালয়ত এল কে জিৰ পৰা সপ্তমলৈ শিশুৰ বাবে এবছৰৰ মাচুল ১.৫ লাখ টকা। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক মাচুল ৫ লাখ ৯০ হাজাৰ আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে বাৰ্ষিক মাচুল ১০ লাখ টকা।

 

পিছে আকাশলংঘী মাচুল লোৱা বিদ্যালয়খন কি কি সুবিধা আছে?


বিদ্যালয় চৌহদত প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি শ্ৰেণীকোঠা, অধ্যয়ন কক্ষ, পৰীক্ষাগাৰ, বৃহৎ খেলপথাৰ আৰু শিক্ষণ স্থানলৈকে বহুতো সুবিধা আছে। যাৰবাবে বিদ্যালয়খনত শ্বাহৰুখ খান,  ঐশ্বৰ্য  ৰায় বচ্চন,  ছাইফ আলী খানৰ দৰে ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰৰ সন্তানে অধ্যয়ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু