--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ শৈৱলী অঞ্জনা ৰাৱট নামৰ এগৰাকী যুৱতীয়ে বৰ্তমান যথেষ্ট চৰ্চা লাভ কৰিছে। বিগত ১২ বছৰে চাহ বিক্ৰী কৰি পৰিয়ালটো চোৱা-চিতা কৰি আছে শৈৱলীয়ে। মাত্ৰ ১৭ বছৰ বয়সৰ পৰাই তেওঁ দেউতাকৰ চাহ দোকানত বহিবলৈ ধৰিলে। এদিন হঠাতে কৰ্কট ৰোগত আক্ৰান্ত হৈ দেউতাকৰ মৃত্যু হ’ল আৰু গোটেই পৰিয়ালটোৰ দায়িত্ব অঞ্জনাৰ ওপৰত পৰিল।

আজি ১২ বছৰে এম এ পাছ শৈৱলী অঞ্জনাই চাহৰ দোকান চলাই আছে। অঞ্জনাই কয় যে আৰম্ভণিতে মানুহ আহি যিকোনো কথাই কৈছিল, কিন্তু এতিয়া সেই একে মানুহ দোকানলৈ আহি চাহ খাই প্ৰশংসাও কৰে। সকলোৱে এতিয়া তেওঁক এম এ পাছ চায়ৱালী বুলি জানে।

অঞ্জনাই কয়, ‘আগতে এই দোকানখন দেউতাই চলাইছিল। পিছত দেউতাৰ কৰ্কট ৰোগ ধৰা পৰে। তেওঁ দোকানলৈ যোৱা বন্ধ কৰি দিলে। কিছুদিন পিছত দেউতাক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল। এইদৰে দোকানখন চলোৱাৰ সমস্ত দায়িত্ব মই কান্ধ পাতি লৈছিলোঁ। কিছুদিন পিছতে দেউতাৰ মৃত্যু হয়। এনে অৱস্থাত দোকান চলোৱাৰ সমস্ত দায়িত্ব মোৰ ওপৰত পৰিল। ১৭ বছৰ বয়সত মই দোকানত বহিবলৈ আৰম্ভ কৰিছিলো। সময়ৰ অভাৱৰ বাবে মই এই দোকানখনতে পঢ়া-শুনা কৰিছিলোঁ। 

অঞ্জনাই ক’লে, ‘প্ৰথম অৱস্থাত যেতিয়া মই চাহ ষ্টলত বহিবলৈ আৰম্ভ কৰিছিলো তেতিয়া বহুতে মোক ঠাট্টা কৰিছিল। চাৰিওফালে মানুহ আৰু অহা-যোৱা কৰা মানুহে প্ৰায়ে মন্তব্য কৰিছিল যে এয়া ল’ৰাৰ কাম, ছোৱালীৰ নহয়। আমাৰ ইমান বেয়া দিনো অহা নাই যে ছোৱালীৰ দোকানত চাহ খাম বুলিও আনকি মানুহে মন্তব্য কৰিছিল।’

কিন্তু এইবোৰ কথাত তেওঁ কেতিয়াও হতাশ হোৱা নাছিল। সাহস নেহেৰুৱাকৈ তেওঁ নিজৰ কাম অব্যাহত ৰাখিছিল। শৈবালীয়ে কয় যে সমাজে প্ৰতিটো কামক ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বিভক্ত কৰিছে। কাম কেতিয়াও সৰু, ডাঙৰ বা লিংগভিত্তিক নহয়। মই এই চিন্তাধাৰাৰে আগবাঢ়ি গ’লো।

এই চাহ দোকানৰ সহায়ত অঞ্জনাই ভনীয়েকক বিয়া দিছে। লগতে নিজেও এম এ সম্পূৰ্ণ কৰিলে। অঞ্জনাই কয় যে মই এটা ঘৰ সাজিবলৈ ঋণ লৈছো আৰু আন কামৰ খৰচো বহন কৰিছো। দোকানখনৰ মাজেৰেই মই নিজৰ পৰিয়ালটো চলাই আছে।

আজি অঞ্জনাৰ দোকানখনে ১২ বছৰ সম্পূৰ্ণ কৰিলে। তেওঁৰ পৰিস্থিতিত বিশেষ পৰিৱৰ্তন হোৱা নাই যদিও তেওঁৰ আকাংক্ষা অতি উচ্চ। তেওঁৰ সপোন হৈছে অধিক পঢ়া-শুনা কৰি এটা ভাল চাকৰি এটা পোৱা। চকুলো টুকি থকা শৈৱালী অঞ্জনাই হাঁহি হাঁহি কৈছে, ‘‘মোৰ যাত্ৰা সংগ্ৰামেৰে ভৰি আছে, কিন্তু মই কেতিয়াও হাৰ নামানিলোঁ। ভৱিষ্যতেও মোৰ যাত্ৰা অব্যাহত থাকিব। জীৱনত বিশেষ কিবা এটা কৰিব বিচাৰো যাতে মই মোৰ মাক এটা উন্নত জীৱন দিব পাৰো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ