--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ছবি, যিখন ছবিকলৈ এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্কৰ সৃষ্টি হৈছে সেই ছবিখনে অৱশেষত  'এ' প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হ’ল৷ ৫ মে'ত মুক্তি পাবলগীয়া  চলচ্চিত্ৰ পৰিচালক সুদীপ্ত সেনৰ দ্য কেৰালা ষ্ট'ৰীক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদে (চিবিএফচি) ১০ টা  দৃশ্য কৰ্তনৰ পিছত   'এ' প্ৰমাণপত্ৰ প্ৰদান কৰিছে। 

সংবাদ প্ৰতিষ্ঠানৰ  প্ৰতিবেদনত কোৱা হৈছে যে কৰ্তন কৰা ১০ টা দৃশ্য ভিতৰত কেৰালাৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰো আছে।  আন এটা দৃশ্য যিটো কৰ্তন  কৰা হৈছে বুলি ধাৰণা কৰা হৈছে  তাত "সকলো হিন্দু দেৱতাৰ সংলাপ আৰু অনুপযুক্ত প্ৰসংগ" আছিল বুলি জনা গৈছে। ইয়াৰ উপৰি 'ভাৰতীয় কমিউনিষ্টসকল আটাইতকৈ ডাঙৰ ভণ্ড' সংলাপৰ পৰা 'ভাৰতীয়' শব্দটোও বিলোপ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ সুদীপ্ত সেনে লিখা চিত্ৰনাট্য  আৰু তেওঁ নিজে পৰিচালনা কৰা  দ্য কেৰালা ষ্ট’ৰীক কেৰালাৰ পৰা নিৰুদ্দেশ হোৱা   "প্ৰায় ৩২,০০০ মহিলা"ৰ আঁৰৰ ঘটনাবোৰ  দেখুওৱা হৈছে। 


ট্ৰেইলাৰ মুকলিৰ পিছতে ছবি খনকলৈ পৰিচালকগৰাকী  সমালোচনাৰ সন্মুখীন হৈছিল ৷ কিয়নো ছবি খনত  দাবী কৰা হৈছে  যে ৰাজ্যখনৰ পৰা নিৰুদ্দেশ হোৱা ৩২,০০০ মহিলা-যুৱতীয়ে  সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আইএছ)ত যোগদান কৰিছিল। কেৰালাৰ চিপিআই(এম) আৰু কংগ্ৰেছৰ মতে ছবিখনে মহিলাসকল ধৰ্মান্তৰিত হোৱা , সন্ত্ৰাসবাদী হোৱা আদি কথাবোৰ মিছাকৈ প্ৰচাৰ কৰিব বিচাৰিছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে দেওবাৰে ছবিখনৰ নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰি কৈছিল  যে তেওঁলোকে 'লাভ জিহাদ'ৰ বিষয়টো উত্থাপন কৰি ৰাজ্যখনক ধৰ্মীয় উগ্ৰবাদৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰিব বিচাৰিছে৷ ইয়াৰ আঁৰত সংঘ পৰিয়ালৰ ষড়যন্ত্ৰা থাকিব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰিছিল৷

 কংগ্ৰেছ সাংসদ  শশী থাৰুৰে কৈছে যে ছবিখনে ৰাজ্যখনৰ ছবি  ভুলকৈ উপস্থাপন কৰিব বিচাৰিছে।থাৰুৰে কয় "  মই ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ  আহ্বান জনোৱা নাই। মত প্ৰকাশৰ স্বাধীনতা সকলোৰে আছে,  কেৱল ইয়াৰ অপব্যৱহাৰ হ’ব নালাগে। কিন্তু কেৰালাবাসীয়ে  এয়া স্পষ্টকৈ কোৱাৰ অধিকাৰ আছে যে এয়া  আমাৰ বাস্তৱত পৰিস্থিতিৰ ভুল উপস্থাপন,"৷   ইয়াৰ আগতে থাৰুৰে টুইট কৰিছিল, "এইখন (ছবিখন) "আপোনাৰ" কেৰালাৰ কাহিনী হ'ব পাৰে। এইটো "আমাৰ" কেৰালাৰ কাহিনী নহয়’’। ইফালে কেৰালাৰ মুছলিম যুৱ লীগে  কৈছে  যে ৩২,০০০ মালায়ালী মহিলাক প্ৰকৃততে আইএছৰ দ্বাৰা সন্ত্ৰাসবাদী কৰা হৈছিল বুলি প্ৰমাণ কৰিব পৰা জনক ১ কোটি টকা দিয়া হ’ব৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ