--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ছবি, যিখন ছবিকলৈ এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্কৰ সৃষ্টি হৈছে সেই ছবিখনে অৱশেষত  'এ' প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হ’ল৷ ৫ মে'ত মুক্তি পাবলগীয়া  চলচ্চিত্ৰ পৰিচালক সুদীপ্ত সেনৰ দ্য কেৰালা ষ্ট'ৰীক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদে (চিবিএফচি) ১০ টা  দৃশ্য কৰ্তনৰ পিছত   'এ' প্ৰমাণপত্ৰ প্ৰদান কৰিছে। 

সংবাদ প্ৰতিষ্ঠানৰ  প্ৰতিবেদনত কোৱা হৈছে যে কৰ্তন কৰা ১০ টা দৃশ্য ভিতৰত কেৰালাৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰো আছে।  আন এটা দৃশ্য যিটো কৰ্তন  কৰা হৈছে বুলি ধাৰণা কৰা হৈছে  তাত "সকলো হিন্দু দেৱতাৰ সংলাপ আৰু অনুপযুক্ত প্ৰসংগ" আছিল বুলি জনা গৈছে। ইয়াৰ উপৰি 'ভাৰতীয় কমিউনিষ্টসকল আটাইতকৈ ডাঙৰ ভণ্ড' সংলাপৰ পৰা 'ভাৰতীয়' শব্দটোও বিলোপ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ সুদীপ্ত সেনে লিখা চিত্ৰনাট্য  আৰু তেওঁ নিজে পৰিচালনা কৰা  দ্য কেৰালা ষ্ট’ৰীক কেৰালাৰ পৰা নিৰুদ্দেশ হোৱা   "প্ৰায় ৩২,০০০ মহিলা"ৰ আঁৰৰ ঘটনাবোৰ  দেখুওৱা হৈছে। 


ট্ৰেইলাৰ মুকলিৰ পিছতে ছবি খনকলৈ পৰিচালকগৰাকী  সমালোচনাৰ সন্মুখীন হৈছিল ৷ কিয়নো ছবি খনত  দাবী কৰা হৈছে  যে ৰাজ্যখনৰ পৰা নিৰুদ্দেশ হোৱা ৩২,০০০ মহিলা-যুৱতীয়ে  সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আইএছ)ত যোগদান কৰিছিল। কেৰালাৰ চিপিআই(এম) আৰু কংগ্ৰেছৰ মতে ছবিখনে মহিলাসকল ধৰ্মান্তৰিত হোৱা , সন্ত্ৰাসবাদী হোৱা আদি কথাবোৰ মিছাকৈ প্ৰচাৰ কৰিব বিচাৰিছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে দেওবাৰে ছবিখনৰ নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰি কৈছিল  যে তেওঁলোকে 'লাভ জিহাদ'ৰ বিষয়টো উত্থাপন কৰি ৰাজ্যখনক ধৰ্মীয় উগ্ৰবাদৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰিব বিচাৰিছে৷ ইয়াৰ আঁৰত সংঘ পৰিয়ালৰ ষড়যন্ত্ৰা থাকিব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰিছিল৷

 কংগ্ৰেছ সাংসদ  শশী থাৰুৰে কৈছে যে ছবিখনে ৰাজ্যখনৰ ছবি  ভুলকৈ উপস্থাপন কৰিব বিচাৰিছে।থাৰুৰে কয় "  মই ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ  আহ্বান জনোৱা নাই। মত প্ৰকাশৰ স্বাধীনতা সকলোৰে আছে,  কেৱল ইয়াৰ অপব্যৱহাৰ হ’ব নালাগে। কিন্তু কেৰালাবাসীয়ে  এয়া স্পষ্টকৈ কোৱাৰ অধিকাৰ আছে যে এয়া  আমাৰ বাস্তৱত পৰিস্থিতিৰ ভুল উপস্থাপন,"৷   ইয়াৰ আগতে থাৰুৰে টুইট কৰিছিল, "এইখন (ছবিখন) "আপোনাৰ" কেৰালাৰ কাহিনী হ'ব পাৰে। এইটো "আমাৰ" কেৰালাৰ কাহিনী নহয়’’। ইফালে কেৰালাৰ মুছলিম যুৱ লীগে  কৈছে  যে ৩২,০০০ মালায়ালী মহিলাক প্ৰকৃততে আইএছৰ দ্বাৰা সন্ত্ৰাসবাদী কৰা হৈছিল বুলি প্ৰমাণ কৰিব পৰা জনক ১ কোটি টকা দিয়া হ’ব৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?