--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত সামগ্ৰীৰ দামবৃদ্ধিৰ বিষয়টোক স্বীকাৰ কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তেওঁ কয়, মূল্যবৃদ্ধিৰ বিষয়ে কোনেও অস্বীকাৰ নকৰে, ভাৰতীয় অৰ্থনীতি নিশ্চিতভাৱে সুস্থিৰ অৱস্থাতে আছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত চলি থকা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত ৰাজ্যসভাত বক্তব্য প্ৰদান কৰে৷ 
 
তেওঁ কৈছিল যে মূল্যবৃদ্ধিৰ বিষয়টো কোনেও অস্বীকাৰ নকৰে। আমি পলাই যোৱা নাই, আমি ইয়াত আলোচনা কৰিবলৈয়ে আহিছোঁ আৰু মূল্যবৃদ্ধিৰ বিষয়ে কোনেও অস্বীকাৰ কৰা নাই৷ 

মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে যে বিশ্বব্যাপী কাৰকসমূহে অৰ্থনীতিত প্ৰভাৱ পেলাইছে আৰু কয় যে এইবোৰ বাস্তৱতা। জিএছটি ৰ বিষয়ে আলোচনা কৰোঁতে, বিত্তমন্ত্ৰীয়ে কৈছিল যে সকলো ৰাজ্যই লেবেলযুক্ত খাদ্য সামগ্ৰীৰ ওপৰত ৫ শতাংশ জিএছটি আৰোপ কৰিবলৈ সন্মত হৈছে। জিএছটি পৰিষদৰ সকলো ৰাজ্যই পূৰ্বে পেক কৰা, লেবেলযুক্ত খাদ্য সামগ্ৰীৰ ওপৰত ৫% জিএছটি আৰোপ কৰাৰ প্ৰস্তাৱত সন্মত হৈছে৷ এজন ব্যক্তিয়েও ইয়াৰ বিৰুদ্ধে মন্তব্য কৰা নাছিল বুলি মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ স্পষ্ট কৰি কৈছিল যে শ্মশান বা শৱগৃহৰ ওপৰত কোনো জিএছটি নাই। অৱশ্যে, যদি কোনোবাই নতুন শ্মশান খুলিব বিচাৰে তেন্তে জিএছটি আৰোপ কৰা হ’ব। তেওঁ লগতে কয় যে চিকিৎসালয়ৰ বিচনা বা প্ৰতিদিনে ৫,০০০ টকাৰ কম ভাড়া থকা আইচিইউ কোঠাক জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে। তেওঁ জিএছটি-পূৰ্ব আৰু জিএছটিৰ পিছৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ তুলনা কৰিছিল আৰু দাবী কৰিছিল যে তেওঁৰ চৰকাৰে কেইবাটাও সামগ্ৰীৰ উপকৰ হ্ৰাস কৰিছে। সীতাৰমণে ২০১৩ চনৰ নৱেম্বৰৰ হাৰৰ সৈতে তুলনা কৰি কয়, আমি বিলাহী, পিয়াজ, আলুৰ মূল্য নিয়ন্ত্ৰণ কৰিছোঁ৷ 

জল জীৱন মিছন সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে কয় যে ২০১৯ চনত মাত্ৰ ৩.২ কোটি পৰিয়ালে পাইপযোগে পানী লাভ কৰিছিল কিন্তু এতিয়া ৯.৬ কোটি পৰিয়ালে জল জীৱন মিছনৰ অধীনত পাইপযোগে পানী লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে