--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ অৱশেষত ৰক্ষা নহ’ল ঝাৰখণ্ডৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা আলমগীৰ আলমৰ। প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) বুধবাৰে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক তেওঁৰ ব্যক্তিগত সচিব  সঞ্জীৱ লালৰ ঘৰুৱা সহায়কৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে।  ৰাজ্যখনৰ গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে  মঙলবাৰে ইডিৰ সন্মুখত ধন সৰবৰাহৰ  গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে হাজিৰ হৈছিল। 

তেওঁ পুৱা প্ৰায় ১১ বজাত ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। ইডিয়ে যোৱা সপ্তাহত আলমৰ ব্যক্তিগত সচিব আৰু ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ কুমাৰ লাল (৫২) আৰু লালৰ  ঘৰুৱা সহায়ক জাহাংগীৰ আলম (৪২)ক গ্ৰেপ্তাৰ কৰিছিল।  জাহাংগীৰ আলমে বাস কৰা এটা ফ্লেটৰ পৰা ৩২ কোটি টকাতকৈও অধিক নগদ ধন জব্দ কৰা হৈছিল। 

৭০ বছৰীয়া আলমক মঙলবাৰে ৰাঁচীত ইডিৰ আঞ্চলিক কাৰ্যালয়ত মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত তেওঁৰ বক্তব্য লিপিৱদ্ধ কৰাৰ বাবে সাক্ষ্য দিবলৈ মতা  হৈছিল।  বিষয়াসকলৰ মতে, জাহাংগীৰ আলমে  স্বীকাৰ কৰিছিল যে তেওঁ "কমিছন আৰু উৎকোচৰ জৰিয়তে সংগ্ৰহ কৰা  ধন"ৰ তত্ত্বাৱধান কৰিছিল। ইয়াৰ বাবে  তেওঁ প্ৰতি মাহে প্ৰায় ১৫,০০০ টকা দৰমহা লাভ কৰিছিল। মন্ত্ৰী আলমগীৰেই  জাহাংগীৰক তেওঁৰ পি এছ সঞ্জীৱ কুমাৰ লালৰ বাসগৃহত লগুৱা  হিচাপে নিযুক্ত কৰিছিল। 

ইয়াৰ পূৰ্বে জাহাংগীৰে কেইদিনমানৰ বাবে  মন্ত্ৰীজনৰ বাসগৃহতো কাম কৰিছিল।  সঞ্জীৱ কুমাৰ লালে ভাড়া লৈছিল ৰাঁচীৰ ছাৰ চৈয়দ ৰেচিডেন্স এপাৰ্টমেণ্টৰ এটা ফ্লেট। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  সঞ্জীৱে জাহাংগীৰক এদিন  বা দুদিনৰ মূৰে মূৰে টকাৰ মোনা থবলৈ  দিছিল।  ইডিয়ে সঞ্জীৱৰ বাসগৃহৰ পৰা ১০ লাখ টকা আৰু তেওঁৰ পত্নীৰ নিৰ্মাণ কোম্পানীৰ অংশীদাৰ  মুন্না সিঙৰ বাসগৃহৰ পৰা ২.৯৩ কোটি টকা জব্দ কৰিছে৷ অৱশ্যে, সঞ্জীৱে প্ৰথমতে  জাহাংগীৰৰ ফ্লেটৰ পৰা পোৱা ধন তেওঁৰ নহয় বুলি কৈছিল। কিন্তু  প্ৰমাণ পোৱাৰ ইডিয়ে  সঞ্জীৱক গ্ৰেপ্তাৰ কৰিছিল৷  আমোলাসকলৰ বদলি-নিযুক্তি আদিৰ নামতো মন্ত্ৰীগৰাকীৰ লগতে তেওঁ সচিবে উৎকোচ লৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু