--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ অৱশেষত ৰক্ষা নহ’ল ঝাৰখণ্ডৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা আলমগীৰ আলমৰ। প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) বুধবাৰে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক তেওঁৰ ব্যক্তিগত সচিব  সঞ্জীৱ লালৰ ঘৰুৱা সহায়কৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে।  ৰাজ্যখনৰ গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে  মঙলবাৰে ইডিৰ সন্মুখত ধন সৰবৰাহৰ  গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে হাজিৰ হৈছিল। 

তেওঁ পুৱা প্ৰায় ১১ বজাত ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। ইডিয়ে যোৱা সপ্তাহত আলমৰ ব্যক্তিগত সচিব আৰু ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ কুমাৰ লাল (৫২) আৰু লালৰ  ঘৰুৱা সহায়ক জাহাংগীৰ আলম (৪২)ক গ্ৰেপ্তাৰ কৰিছিল।  জাহাংগীৰ আলমে বাস কৰা এটা ফ্লেটৰ পৰা ৩২ কোটি টকাতকৈও অধিক নগদ ধন জব্দ কৰা হৈছিল। 

৭০ বছৰীয়া আলমক মঙলবাৰে ৰাঁচীত ইডিৰ আঞ্চলিক কাৰ্যালয়ত মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত তেওঁৰ বক্তব্য লিপিৱদ্ধ কৰাৰ বাবে সাক্ষ্য দিবলৈ মতা  হৈছিল।  বিষয়াসকলৰ মতে, জাহাংগীৰ আলমে  স্বীকাৰ কৰিছিল যে তেওঁ "কমিছন আৰু উৎকোচৰ জৰিয়তে সংগ্ৰহ কৰা  ধন"ৰ তত্ত্বাৱধান কৰিছিল। ইয়াৰ বাবে  তেওঁ প্ৰতি মাহে প্ৰায় ১৫,০০০ টকা দৰমহা লাভ কৰিছিল। মন্ত্ৰী আলমগীৰেই  জাহাংগীৰক তেওঁৰ পি এছ সঞ্জীৱ কুমাৰ লালৰ বাসগৃহত লগুৱা  হিচাপে নিযুক্ত কৰিছিল। 

ইয়াৰ পূৰ্বে জাহাংগীৰে কেইদিনমানৰ বাবে  মন্ত্ৰীজনৰ বাসগৃহতো কাম কৰিছিল।  সঞ্জীৱ কুমাৰ লালে ভাড়া লৈছিল ৰাঁচীৰ ছাৰ চৈয়দ ৰেচিডেন্স এপাৰ্টমেণ্টৰ এটা ফ্লেট। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  সঞ্জীৱে জাহাংগীৰক এদিন  বা দুদিনৰ মূৰে মূৰে টকাৰ মোনা থবলৈ  দিছিল।  ইডিয়ে সঞ্জীৱৰ বাসগৃহৰ পৰা ১০ লাখ টকা আৰু তেওঁৰ পত্নীৰ নিৰ্মাণ কোম্পানীৰ অংশীদাৰ  মুন্না সিঙৰ বাসগৃহৰ পৰা ২.৯৩ কোটি টকা জব্দ কৰিছে৷ অৱশ্যে, সঞ্জীৱে প্ৰথমতে  জাহাংগীৰৰ ফ্লেটৰ পৰা পোৱা ধন তেওঁৰ নহয় বুলি কৈছিল। কিন্তু  প্ৰমাণ পোৱাৰ ইডিয়ে  সঞ্জীৱক গ্ৰেপ্তাৰ কৰিছিল৷  আমোলাসকলৰ বদলি-নিযুক্তি আদিৰ নামতো মন্ত্ৰীগৰাকীৰ লগতে তেওঁ সচিবে উৎকোচ লৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ