--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা পোহৰলৈ আহিছে এক আশ্চৰ্যজনক গোচৰ, য’ত ৫টকা দামৰ কুৰকুৰেৰ পেকেট এটা নোপোৱা বাবে পত্নীয়ে স্বামীৰ পৰা বিচাৰিছে বিবাহ বিচ্ছেদ। কুৰকুৰে নোপোৱাত ক্ষুব্ধ হৈ পৰিছে পত্নী। 

স্বামীয়ে কয় যে মোৰ পত্নীয়ে প্ৰতিদিনে কুৰকুৰে বিচাৰে। প্ৰতিদিনে কুৰকুৰে লৈ আহি ভাগৰি পৰিছো। 

স্বামীয়ে কুৰকুৰে নিদিয়া বাবেই এতিয়া তেওঁলোকৰ সংসাৰ ভাগিবলৈ ওলাইছে।


বৰ্তমান সময়ত আৰক্ষীয়ে এই অভিযোগ পৰিয়াল পৰামৰ্শ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। স্বামী-স্ত্ৰীৰ কাউন্সেলিং পৰিয়াল কাউন্সেলিং চেণ্টাৰত কৰা হৈছিল। দুয়োকে পৰৱৰ্তী তাৰিখ দিয়া হৈছে। নিজৰ মাজত শান্তি স্থাপনৰ বাবেও পৰামৰ্শ দিয়া হৈছে।

লাভ কৰা তথ্য অনুসৰি শ্বাহগঞ্জ থানা এলেকাৰ বাসিন্দা ছোৱালীজনীৰ বিবাহ সদৰ থানা এলেকাৰ বাসিন্দা এজন ল’ৰাৰ সৈতে হৈছিল। ২০২৩ চনত হিন্দু ৰীতি-নীতি অনুসৰি দুয়োৰে বিবাহ হৈছিল। বিয়াৰ পিছত দুয়ো সুখেৰে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু পত্নীৰ অত্যধিক স্পাইচী আৰু জাংক ফুড খোৱাৰ অভ্যাসে দুয়োৰে মাজত বিবাদৰ সৃষ্টি কৰিছিল।


অভিযোগ অনুসৰি, পত্নীয়ে অফিচৰ পৰা ঘৰলৈ আহিলে প্ৰতিদিনে কুৰকুৰেৰ পেকেট এটা আনিবলৈ স্বামীৰ ওচৰত দাবী জনাইছিল। কিন্তু এদিন স্বামীয়ে কুৰকুৰে আনিবলৈ পাহৰিলে যাৰ বাবে পত্নীৰ খং উঠিল। এই বিষয়টোক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল। খঙতে পত্নী মাতৃগৃহলৈ গুচি গ’ল। যোৱা ডেৰ মাহ ধৰি তেওঁ মাতৃগৃহতে বসবাস কৰি আছে।

শেহতীয়াকৈ পত্নীয়ে স্বামীৰ বিষয়ে অভিযোগ লৈ থানাত উপস্থিত হয়। থানাৰ পৰা অহা এজাহাৰ পৰিয়াল পৰামৰ্শ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয়। ফেমিলি কাউন্সেলিং চেণ্টাৰৰ কাউন্সেলাৰ ডাঃ সতীশ খিৰৱাৰে কয় যে কাউন্সেলিঙৰ সময়ত ল’ৰাজনে কয় যে পত্নীয়ে ৫ টকাৰ কুৰকুৰেক লৈ কাজিয়া কৰিছিল। কুৰকুৰে আনি নিদিয়াত পত্নী মাক-দেউতাকৰ ঘৰলৈ গ’ল। একে সময়তে ছোৱালীজনীয়ে কয় যে স্বামীয়ে তেওঁক মাৰপিট কৰা বাবেহে তেওঁ মাক-দেউতাকৰ ঘৰলৈ গৈছিল। কাউন্সেলাৰগৰাকীয়ে লগতে কয় যে ছোৱালীজনীয়ে জাংক ফুড খাবলৈ বেছি ভাল পায়। বৰ্তমান স্বামী-স্ত্ৰী দুয়োকে পৰৱৰ্তী তাৰিখ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ