--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা পোহৰলৈ আহিছে এক আশ্চৰ্যজনক গোচৰ, য’ত ৫টকা দামৰ কুৰকুৰেৰ পেকেট এটা নোপোৱা বাবে পত্নীয়ে স্বামীৰ পৰা বিচাৰিছে বিবাহ বিচ্ছেদ। কুৰকুৰে নোপোৱাত ক্ষুব্ধ হৈ পৰিছে পত্নী। 

স্বামীয়ে কয় যে মোৰ পত্নীয়ে প্ৰতিদিনে কুৰকুৰে বিচাৰে। প্ৰতিদিনে কুৰকুৰে লৈ আহি ভাগৰি পৰিছো। 

স্বামীয়ে কুৰকুৰে নিদিয়া বাবেই এতিয়া তেওঁলোকৰ সংসাৰ ভাগিবলৈ ওলাইছে।


বৰ্তমান সময়ত আৰক্ষীয়ে এই অভিযোগ পৰিয়াল পৰামৰ্শ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। স্বামী-স্ত্ৰীৰ কাউন্সেলিং পৰিয়াল কাউন্সেলিং চেণ্টাৰত কৰা হৈছিল। দুয়োকে পৰৱৰ্তী তাৰিখ দিয়া হৈছে। নিজৰ মাজত শান্তি স্থাপনৰ বাবেও পৰামৰ্শ দিয়া হৈছে।

লাভ কৰা তথ্য অনুসৰি শ্বাহগঞ্জ থানা এলেকাৰ বাসিন্দা ছোৱালীজনীৰ বিবাহ সদৰ থানা এলেকাৰ বাসিন্দা এজন ল’ৰাৰ সৈতে হৈছিল। ২০২৩ চনত হিন্দু ৰীতি-নীতি অনুসৰি দুয়োৰে বিবাহ হৈছিল। বিয়াৰ পিছত দুয়ো সুখেৰে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু পত্নীৰ অত্যধিক স্পাইচী আৰু জাংক ফুড খোৱাৰ অভ্যাসে দুয়োৰে মাজত বিবাদৰ সৃষ্টি কৰিছিল।


অভিযোগ অনুসৰি, পত্নীয়ে অফিচৰ পৰা ঘৰলৈ আহিলে প্ৰতিদিনে কুৰকুৰেৰ পেকেট এটা আনিবলৈ স্বামীৰ ওচৰত দাবী জনাইছিল। কিন্তু এদিন স্বামীয়ে কুৰকুৰে আনিবলৈ পাহৰিলে যাৰ বাবে পত্নীৰ খং উঠিল। এই বিষয়টোক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল। খঙতে পত্নী মাতৃগৃহলৈ গুচি গ’ল। যোৱা ডেৰ মাহ ধৰি তেওঁ মাতৃগৃহতে বসবাস কৰি আছে।

শেহতীয়াকৈ পত্নীয়ে স্বামীৰ বিষয়ে অভিযোগ লৈ থানাত উপস্থিত হয়। থানাৰ পৰা অহা এজাহাৰ পৰিয়াল পৰামৰ্শ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয়। ফেমিলি কাউন্সেলিং চেণ্টাৰৰ কাউন্সেলাৰ ডাঃ সতীশ খিৰৱাৰে কয় যে কাউন্সেলিঙৰ সময়ত ল’ৰাজনে কয় যে পত্নীয়ে ৫ টকাৰ কুৰকুৰেক লৈ কাজিয়া কৰিছিল। কুৰকুৰে আনি নিদিয়াত পত্নী মাক-দেউতাকৰ ঘৰলৈ গ’ল। একে সময়তে ছোৱালীজনীয়ে কয় যে স্বামীয়ে তেওঁক মাৰপিট কৰা বাবেহে তেওঁ মাক-দেউতাকৰ ঘৰলৈ গৈছিল। কাউন্সেলাৰগৰাকীয়ে লগতে কয় যে ছোৱালীজনীয়ে জাংক ফুড খাবলৈ বেছি ভাল পায়। বৰ্তমান স্বামী-স্ত্ৰী দুয়োকে পৰৱৰ্তী তাৰিখ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু