--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৭ জুনৰ পৰা কাৰাবন্দী হৈ থকা সাংবাদিক তথা জনপ্ৰিয় ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰে আজি তেওঁৰ বিৰুদ্ধে আৰোপিত সকলো গোচৰৰ পৰা জামিন লাভ কৰে। আজি উচ্চতম ন্যায়ালয়ে জুবেইৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁৰ বিৰুদ্ধে দাখিল কৰা সাতটা গোচৰত জামিন প্ৰদান কৰে। জুবেইৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি  ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে নিজ ৰায়ত জুবেইৰক এনেদৰে বন্দী কৰি ৰখাৰ কোনো কাৰণ বা যৌক্তিকতা নাই বুলি উল্লেখ কৰে আৰু  অনুচ্ছেদ ৩২ ৰ অধীনত তৎক্ষণাৎ জামিনত মুক্তি দিবলৈ নিৰ্দেশ দিয়ে। 

আনহাতে মহম্মদ জুবেইৰক টুইট কৰাত বাধা দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে ন্যায়ালয়ত দাখিল কৰা আৰ্জিও নাকচ কৰে বিচাৰপীঠে। উত্তৰ প্ৰদেশ চৰকাৰৰ এই আৰ্জিক নিন্দা কৰি বিচাৰপীঠে কয় যে এয়া এজন উকীলক যুক্তি প্ৰদৰ্শন নকৰিবলৈ নিৰ্দেশ দিয়াৰ দৰে কথা। এজন সাংবাদিকক কোনো কাৰণতে লিখিবলৈ মানা কৰিব নোৱাৰি বুলি আদালতে মন্তব্য কৰে। 

এই সন্দৰ্ভত বিচাৰপীঠে কয়, “যদি তেওঁ আইন উলংঘা কৰা কোনো কাৰ্য কৰে, তাৰ বাবে তেওঁ আইনৰ ওচৰত জবাবদিহি হ’ব। কিন্তু যেতিয়া তেওঁ আইনৰ গণ্ডীৰ ভিতৰত থাকি মাত মাতে, তেতিয়া এজন নাগৰিকৰ বিৰুদ্ধে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ কোনো যুক্তিযুক্ততা নাই। সেয়েহে আমি তেনে কোনো আদেশ প্ৰদান নকৰোঁ।" 

মহম্মদ জুবেইৰক প্ৰথমে ২৭ জুনত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত উত্তৰ প্ৰদেশত তেওঁৰ বিৰুদ্ধে আন সাতখন এজাহাৰ দাখিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে আজি এই আটাইকেইটা গোচৰতে জুবেইৰক জামিন প্ৰদান কৰে। অৱশ্যে জুবেইৰৰ বিৰুদ্ধে দাখিল হোৱা এফআইআৰ সমূহ বাতিল কৰা নাই শীৰ্ষ আদালতে। এই সকলো গোচৰৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰিব বুলি বিচাৰপীঠে উল্লেখ কৰে।

উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰি অধিবক্তা গৰিমা প্ৰসাদে আদালতৰ মজিয়াত অভিযোগ কৰিছিল যে জুবেইৰে এটা টুইট পোষ্ট কৰাৰ বাবদ ১২ লাখ টকা আৰু আন এটা টুইটৰ বাবদ ২ কোটি টকা লাভ কৰিছিল বুলি স্বীকাৰ কৰিছিল। টুইটটো যিমানেই স্পৰ্শকাতৰ বিষয়ৰ হয়, সিমানেই লাভ কৰা ধনৰ পৰিমাণো বেছি হয় বুলি অধিবক্তা গৰাকীয়ে দাবী কৰিছিল।

চৰকাৰী অধিবক্তা গৰাকীৰ এই অভিযোগক অস্বীকাৰ কৰি আদালতে আদেশত উল্লেখ কৰে যে অভিযুক্ত জুবেইৰৰ কোনো টুইটতে ফৌজদাৰী অপৰাধজনিত শব্দ ব্যৱহাৰ কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁ কেইবাটাও টুইটত উত্তৰ প্ৰদেশ আৰক্ষীক টেগ কৰি আৰক্ষীৰ দ্বাৰা ব্যৱস্থা গ্ৰহণৰ বাবেহে আহ্বান জনাইছিল বুলি বিচাৰপীঠে আঙুলিয়াই দিয়ে।

উল্লেখ্য যে তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক গৰাকীক চাৰি বছৰ পূৰ্বৰ এটা টুইটৰ বাবে প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল। এই টুইটটোৰ জৰিয়তে জুবেইৰে ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি গোচৰ তৰা হৈছিল। ২০১৮ চনৰ যিটো টুইটৰ বাবে জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছে, সেই টুইটটোত জুবেইৰে ১৯৮৩ চনত প্ৰকাশ পোৱা বলীউডৰ হাস্যমধুৰ চিনেমা 'কিছি ছে না কেহনা'ৰ এটা দৃশ্যৰ এখন বিশেষ ফটো ব্যৱহাৰ কৰিছিল।

এই গোচৰটোৰ পিছতে জুবেইৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ সীতাপুৰতো আন এক গোচৰ পঞ্জীয়ন কৰা হৈছিল। সীতাপুৰ জিলাৰ তিনিগৰাকী হিন্দুত্ববাদী নেতাৰ বক্তব্যক তথ্য পৰীক্ষণৰ জৰিয়তে ভুল প্ৰমাণিত কৰি এক টুইটযোগে এই নেতাকেইজনক ঘৃণা সৃষ্টিকাৰী বুলি অভিহিত কৰিছিল জুবেইৰে। যোৱা ৭ জুলাইত এই গোচৰটোত উচ্চতম ন্যায়ালয়ে জুবেইৰক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। কিন্তু জামিনৰ পিছতে পুনৰ উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাত এবছৰ পূৰ্বেই পঞ্জীয়ন হোৱা আন এটা গোচৰত জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছিল। 

‌এনেদৰে ইটোৰ পিছত সিটোকৈ ন-পুৰণি গোচৰৰ জৰিয়তে জুবেইৰক কাৰাবন্দী কৰি ৰখাৰ পিছত সাংবাদিক গৰাকী শাসকীয় দলৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি স্পষ্ট অভিযোগ উঠিছিল। জুবেইৰে ‘অল্ট নিউজ’ নামৰ ফেক্ট চেক্‌ প’ৰ্টেলটো আৰম্ভ কৰাৰ পাছৰে পৰা বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভুৱা খবৰৰ প্ৰচাৰত চেঁচাপানী ঢালি আহিছিল৷ ইয়াৰ বাবে মহম্মদ জুবেইৰ হৈ পৰিছিল বিজেপিৰ লগতে হিন্দুত্ববাদী মহলৰ প্ৰধান শত্ৰু৷

যিসময়ত দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে শাসক পক্ষৰ প্ৰপাগাণ্ডা প্ৰচাৰত নামি পৰিছিল, সেই সময়তে এনে সংবাদ মাধ্যমৰ বিকল্প হৈ পৰিছিল অল্ট নিউজ৷ তথ্যক সত্য ৰূপত দাঙি ধৰাৰ বাবে সামাজিক মাধ্যমতো জুবেইৰৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল। এনে অৱস্থাত জুবেইৰ শাসক পক্ষৰ বাবে অতি বিপজ্জনক হৈ উঠিছিল৷ গতিকে জুবেইৰক শাসকীয় পক্ষই লক্ষ্য কৰি লোৱাত কোনো অস্বাভাৱিকতা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব