--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংগীৰ অভাৱত অকলেই হানিমুনলৈ গ’ল ৩৭ বছৰীয়া এগৰাকী যুৱতী। জীৱনত সুখ পাবলৈ ল'ৰাৰ ওপৰত নিৰ্ভৰ কৰিব নিবিচাৰে তেওঁ। যুৱতীগৰাকীৰ নাম ব্ৰিটানি এলিন। তেওঁ ইটালীত অকলেই হানিমুন কটাই চৰ্চালৈ আহিছে।

ইনষ্টাগ্ৰাম ইনফ্লুৱেন্সাৰ ব্ৰিটানিয়ে কয় যে তেওঁ পাঁচ বছৰ ধৰি সম্পৰ্কত আছিল। কিন্তু একেবাৰেই সুখী নাছিল। ব্ৰিটানিয়ে কয়- ''মই নিজকে বহুত ভাল পাওঁ। গতিকে অকলে হানিমুনলৈ যোৱাৰ ধাৰণাটো মনলৈ আহে। মোৰ মা-দেউতাইও মোৰ কাষত থিয় দিয়ে। তেওঁলোকৰ মতে মই জীৱনটোক সম্পূৰ্ণৰূপে উপভোগ কৰা উচিত।’’

২০ বছৰ বয়সত ব্ৰিটানিৰ মানসিকতা আছিল একেবাৰে বেলেগ। ব্ৰিটানীয়ে কয়- “মই ভাবিছিলো যে মই প্ৰেম কৰিম আৰু বিয়া হ’ম, এটা সুখী পৰিয়াল গঢ়িম, সন্তান জন্ম দিম। সেই সময়ত মই ঘৰৰ পৰা বেছিকৈ ওলাই যোৱা নাছিলো। মই ভাবিছিলো যে সংগীৰ সৈতে ভ্ৰমণ কৰাটো বেছি সুখ। কিন্তু মোৰ সংগীৰ লগত বিচ্ছেদ হোৱাৰ পিছত মোৰ গোটেই ধাৰণাটো সলনি হৈ গ’ল।’’

সেয়েহে ব্ৰিটানীয়ে ব্ৰেকআপ উদযাপনৰ বাবে ভ্ৰমণৰ পৰিকল্পনা কৰে। তেওঁৰ ভ্ৰমণৰ বিভিন্ন ভিডিঅ’ তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে। তেওঁৰ ভ্ৰমণ কাহিনী সকলোৰে পৰিচিত হৈ পৰিছে। তেওঁৰ একক ভ্ৰমণৰ অভিজ্ঞতা অনুৰাগীৰ সৈতে ভাগ কৰি তেওঁ সুখ পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস