--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাৰাগাৰৰ ভিতৰতো চলে উদ্দাম যৌনতা৷ শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি কাৰাগাৰৰ  মহিলা ৰক্ষীসকলে কাৰাগাৰৰ পুৰুষ বন্দীসকলৰ সৈতে যৌন আনন্দ উপভোগ কৰিছিল । ইংলেণ্ডৰ সৰ্ববৃহৎ কাৰাগাৰ এইচ.এম.পি. বাৰউইনত এনে ঘটনা পোহৰলৈ অহাৰ পিছতে ১৮  গৰাকী মহিলা ৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত  কৰা হৈছে। 

অভিযুক্ত মহিলা কৰ্মচাৰীসকলৰ মাজৰে তিনিগৰাকীক  বিচাৰৰ বাবে কাৰাগাৰলৈ লৈ যোৱা হৈছে। এই ক্ষেত্ৰত সৰ্ববৃহৎ কাৰাগাৰখনৰ সুৰক্ষাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷  এটা ব্ৰিটিছ সংবাদ মাধ্যমে গোটেই ঘটনাটো পোহৰলৈ আনিছে। সংবাদমাধ্যমৰ  প্ৰতিবেদন অনুসৰি বাৰউইন কাৰ্গাৰত যোৱা ছবছৰ ধৰি এনে ঘটনা ঘটি আহিছে। জানিব পৰা গৈছে যে যৌন সম্পৰ্কত লিপ্ত হোৱাৰ উপৰি পুৰুষ বন্দী আৰু মহিলা ৰক্ষীসকলে নিজৰ মাজত গোপন মুহূৰ্তৰ ছবিও ৰেকৰ্ডিং কৰিছিল। 

কক্সন নামৰ এগৰাকী ২৭ বছৰীয়া মহিলা কাৰাগাৰৰ ৰক্ষীয়ে জন গাভান নামৰ এজন অপৰাধীৰ সৈতে যৌন  সম্পৰ্ক গঢ়ি তুলিছিল। তেওঁলোক এদিন হঠাতে  অন্তৰংগ মুহূৰ্তত ধৰা পৰিছিল। একেদৰে খুৰাম নামৰ এগৰাকী মহিলা ৰক্ষীয়ে গান নামৰ এগৰাকী পুৰুষ বন্দীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। এমিলি ৱাটছন নামৰ আন এগৰাকী মহিলা ৰক্ষীক বন্দী জন মেকগীৰ সৈতে যৌন  সম্পৰ্ক গঢ়ি তুলিছিল৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তিনিগৰাকী মহিলা  ৰক্ষীৰ কাৰাগাৰৰ আনৰক্ষীৰ হাতত ধৰা পৰিছিল৷

 তেওঁলোকৰ সৈতে আন পোন্ধৰ গৰাকী মহিলাৰক্ষীও এনে কাৰ্যত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে৷   কাৰাগাৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। পৰৱৰ্তী সময়ত, ১৮ গৰাকী মহিলা কাৰাগাৰৰ ৰক্ষীক দোষী সাব্যস্ত কৰা হৈছে আৰু  তেওঁলোকক  বৰ্খাস্ত কৰা হৈছে। আনহাতে, কক্সন, খুৰম আৰু এমিলিৰ  বিচাৰ অধিক কঠোৰ ভাবে কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷   এইচ.এম.পি. বাৰউইন কাৰাগাৰ কৰ্তৃপক্ষই এনে ঘটনাৰ পিছতে  নতুন ৰক্ষীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কাৰাগাৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস