--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাৰাগাৰৰ ভিতৰতো চলে উদ্দাম যৌনতা৷ শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি কাৰাগাৰৰ  মহিলা ৰক্ষীসকলে কাৰাগাৰৰ পুৰুষ বন্দীসকলৰ সৈতে যৌন আনন্দ উপভোগ কৰিছিল । ইংলেণ্ডৰ সৰ্ববৃহৎ কাৰাগাৰ এইচ.এম.পি. বাৰউইনত এনে ঘটনা পোহৰলৈ অহাৰ পিছতে ১৮  গৰাকী মহিলা ৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত  কৰা হৈছে। 

অভিযুক্ত মহিলা কৰ্মচাৰীসকলৰ মাজৰে তিনিগৰাকীক  বিচাৰৰ বাবে কাৰাগাৰলৈ লৈ যোৱা হৈছে। এই ক্ষেত্ৰত সৰ্ববৃহৎ কাৰাগাৰখনৰ সুৰক্ষাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷  এটা ব্ৰিটিছ সংবাদ মাধ্যমে গোটেই ঘটনাটো পোহৰলৈ আনিছে। সংবাদমাধ্যমৰ  প্ৰতিবেদন অনুসৰি বাৰউইন কাৰ্গাৰত যোৱা ছবছৰ ধৰি এনে ঘটনা ঘটি আহিছে। জানিব পৰা গৈছে যে যৌন সম্পৰ্কত লিপ্ত হোৱাৰ উপৰি পুৰুষ বন্দী আৰু মহিলা ৰক্ষীসকলে নিজৰ মাজত গোপন মুহূৰ্তৰ ছবিও ৰেকৰ্ডিং কৰিছিল। 

কক্সন নামৰ এগৰাকী ২৭ বছৰীয়া মহিলা কাৰাগাৰৰ ৰক্ষীয়ে জন গাভান নামৰ এজন অপৰাধীৰ সৈতে যৌন  সম্পৰ্ক গঢ়ি তুলিছিল। তেওঁলোক এদিন হঠাতে  অন্তৰংগ মুহূৰ্তত ধৰা পৰিছিল। একেদৰে খুৰাম নামৰ এগৰাকী মহিলা ৰক্ষীয়ে গান নামৰ এগৰাকী পুৰুষ বন্দীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। এমিলি ৱাটছন নামৰ আন এগৰাকী মহিলা ৰক্ষীক বন্দী জন মেকগীৰ সৈতে যৌন  সম্পৰ্ক গঢ়ি তুলিছিল৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তিনিগৰাকী মহিলা  ৰক্ষীৰ কাৰাগাৰৰ আনৰক্ষীৰ হাতত ধৰা পৰিছিল৷

 তেওঁলোকৰ সৈতে আন পোন্ধৰ গৰাকী মহিলাৰক্ষীও এনে কাৰ্যত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে৷   কাৰাগাৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। পৰৱৰ্তী সময়ত, ১৮ গৰাকী মহিলা কাৰাগাৰৰ ৰক্ষীক দোষী সাব্যস্ত কৰা হৈছে আৰু  তেওঁলোকক  বৰ্খাস্ত কৰা হৈছে। আনহাতে, কক্সন, খুৰম আৰু এমিলিৰ  বিচাৰ অধিক কঠোৰ ভাবে কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷   এইচ.এম.পি. বাৰউইন কাৰাগাৰ কৰ্তৃপক্ষই এনে ঘটনাৰ পিছতে  নতুন ৰক্ষীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কাৰাগাৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা