--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ  অনন্তনাগৰ ওখ পাহাৰৰ শিখৰৰ এটা গুহাত পাক সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকাৰ খবৰ পোৱাৰ পিছতে সেনা আৰু আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান।  উল্লেখ্য  সেই গুহাটোলৈ যোৱা পথটো তেনেই ঠেক আৰু পথটোৰ এফালে থিয় শিলৰ প্ৰাচীৰ আৰু আনফালে দ’ খাদ আছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো সেনা আৰক্ষীয়ে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই গৈছিল। 

ইতিমধ্যে এই অভিযান চলাবলৈ গৈ চাৰিজন সেনা-আৰক্ষীৰ বিষয়া নিহত হৈছে।  অৱশেষত সেনা-আৰক্ষী হত্যাৰ প্ৰতিশোধ হিচাবে  ভাৰতীয় সেনাই বাৰামুলা জিলাত দুজন সন্ত্ৰাসবাদীক  হত্যা কৰিছিল।  ইয়াৰ মাজতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তা বাহিনীৰে পাক সন্ত্ৰাসবাদীৰ  সংঘৰ্ষই সাত দিনত ভৰি দিছে। এই সংঘৰ্ষৰ সময়তে সেনাই নিধন কৰিবলৈ সক্ষম হৈছে অনন্তনাগৰ সংঘৰ্ষৰ মাষ্টাৰমাইণ্ড  লস্কৰকৰ কমাণ্ডাৰ উজাইৰ খানক  । সেনাই লস্কৰৰ নেতা উজাইৰ খান নিহত হোৱাৰ কথা নিশ্চিত কৰিছে। আন এজন সন্ত্ৰাসবাদীৰ  মৃতদেহো অৰণ্যত পৰি থকা অৱস্থাত পোৱা গৈছে। অৱশ্যে, তেওঁৰ মৃতদেহ এতিয়াও চিনাক্ত  হোৱা নাই। কাশ্মীৰৰ  অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে এই কথা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে  অভিযান এতিয়াও বন্ধ  হোৱা নাই।

তেওঁ কয় "লস্কৰৰ কমাণ্ডাৰ উজাইৰক হত্যা কৰা হৈছে। তেওঁৰ মৃতদেহৰ সৈতে  কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অৱশ্যে, এই মুহূৰ্তত অভিযান বন্ধ কৰা হোৱা নাই। গুহাটোত সন্ত্ৰাসবাদীৰ  সংখ্যা ২-৩ জন আছিল বুলি ধাৰণা কৰা হৈছে। ফলস্বৰূপে, সকলোসন্ত্ৰাসবাদী  নিহত হৈছে নে কোনো সন্ত্ৰাসবাদী  এতিয়াও অৰণ্যত লুকাই আছে সেয়া অনুসন্ধান কৰা হৈছে। "
তেওঁ লগতে কয় যে পাহাৰৰ মাজত পাক সন্ত্ৰাসবাদীৰ  কেইবাটাও ঘাটি  পোৱা গৈছে। সেইবোৰ  ধ্বংস কৰাৰ কাম চলি আছে। 

আৰক্ষীয়ে স্থানীয় লোকসকলক অভিযানৰ সময়ত অৰণ্যৰ ভিতৰলৈ অথবা ওচৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।
উল্লেখ্য লস্কৰৰ কমাণ্ডাৰ উজাইৰ আহমেদ খান অনন্তনাগৰ নাগাম কোকেৰনাগৰ বাসিন্দা। লস্কৰ কমাণ্ডাৰজন ২০২২ চনৰ ৬ জুলাইত ঘৰ এৰি গৈছিল।  চোৰাংচোৱাসকল নিশ্চিত হৈছিল যে উজাইৰে সন্ত্ৰাসবাদী  গোটটোত যোগদান কৰিছে। উজাইৰ স্থানীয় লোক আছিল বাবে কোকেৰনাগৰ পাহাৰ, গুহা আদিৰ বিষয়ে তেওঁ জ্ঞান আছিল।  

উল্লেথ্য যোৱা বুধবাৰে অনন্তনাগত সংঘৰ্ষ আৰম্ভ হৈছিল। আজি  সপ্তম দিনৰ বাবেও কোকোকেৰনাগৰ অৰণ্যত অভিযান চলি আছে । 








FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা