--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ  অনন্তনাগৰ ওখ পাহাৰৰ শিখৰৰ এটা গুহাত পাক সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকাৰ খবৰ পোৱাৰ পিছতে সেনা আৰু আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান।  উল্লেখ্য  সেই গুহাটোলৈ যোৱা পথটো তেনেই ঠেক আৰু পথটোৰ এফালে থিয় শিলৰ প্ৰাচীৰ আৰু আনফালে দ’ খাদ আছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো সেনা আৰক্ষীয়ে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই গৈছিল। 

ইতিমধ্যে এই অভিযান চলাবলৈ গৈ চাৰিজন সেনা-আৰক্ষীৰ বিষয়া নিহত হৈছে।  অৱশেষত সেনা-আৰক্ষী হত্যাৰ প্ৰতিশোধ হিচাবে  ভাৰতীয় সেনাই বাৰামুলা জিলাত দুজন সন্ত্ৰাসবাদীক  হত্যা কৰিছিল।  ইয়াৰ মাজতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তা বাহিনীৰে পাক সন্ত্ৰাসবাদীৰ  সংঘৰ্ষই সাত দিনত ভৰি দিছে। এই সংঘৰ্ষৰ সময়তে সেনাই নিধন কৰিবলৈ সক্ষম হৈছে অনন্তনাগৰ সংঘৰ্ষৰ মাষ্টাৰমাইণ্ড  লস্কৰকৰ কমাণ্ডাৰ উজাইৰ খানক  । সেনাই লস্কৰৰ নেতা উজাইৰ খান নিহত হোৱাৰ কথা নিশ্চিত কৰিছে। আন এজন সন্ত্ৰাসবাদীৰ  মৃতদেহো অৰণ্যত পৰি থকা অৱস্থাত পোৱা গৈছে। অৱশ্যে, তেওঁৰ মৃতদেহ এতিয়াও চিনাক্ত  হোৱা নাই। কাশ্মীৰৰ  অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে এই কথা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে  অভিযান এতিয়াও বন্ধ  হোৱা নাই।

তেওঁ কয় "লস্কৰৰ কমাণ্ডাৰ উজাইৰক হত্যা কৰা হৈছে। তেওঁৰ মৃতদেহৰ সৈতে  কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অৱশ্যে, এই মুহূৰ্তত অভিযান বন্ধ কৰা হোৱা নাই। গুহাটোত সন্ত্ৰাসবাদীৰ  সংখ্যা ২-৩ জন আছিল বুলি ধাৰণা কৰা হৈছে। ফলস্বৰূপে, সকলোসন্ত্ৰাসবাদী  নিহত হৈছে নে কোনো সন্ত্ৰাসবাদী  এতিয়াও অৰণ্যত লুকাই আছে সেয়া অনুসন্ধান কৰা হৈছে। "
তেওঁ লগতে কয় যে পাহাৰৰ মাজত পাক সন্ত্ৰাসবাদীৰ  কেইবাটাও ঘাটি  পোৱা গৈছে। সেইবোৰ  ধ্বংস কৰাৰ কাম চলি আছে। 

আৰক্ষীয়ে স্থানীয় লোকসকলক অভিযানৰ সময়ত অৰণ্যৰ ভিতৰলৈ অথবা ওচৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।
উল্লেখ্য লস্কৰৰ কমাণ্ডাৰ উজাইৰ আহমেদ খান অনন্তনাগৰ নাগাম কোকেৰনাগৰ বাসিন্দা। লস্কৰ কমাণ্ডাৰজন ২০২২ চনৰ ৬ জুলাইত ঘৰ এৰি গৈছিল।  চোৰাংচোৱাসকল নিশ্চিত হৈছিল যে উজাইৰে সন্ত্ৰাসবাদী  গোটটোত যোগদান কৰিছে। উজাইৰ স্থানীয় লোক আছিল বাবে কোকেৰনাগৰ পাহাৰ, গুহা আদিৰ বিষয়ে তেওঁ জ্ঞান আছিল।  

উল্লেথ্য যোৱা বুধবাৰে অনন্তনাগত সংঘৰ্ষ আৰম্ভ হৈছিল। আজি  সপ্তম দিনৰ বাবেও কোকোকেৰনাগৰ অৰণ্যত অভিযান চলি আছে । 








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল