--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে সংসদত অনুষ্ঠিত হয় মহিলা সংৰক্ষণ বিধেয়ককলৈ বিতৰ্ক। বিতৰ্কত ভাগলৈ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীয়ে  সংসদত দিয়া ভাষণত মহিলা সংৰক্ষণ বিধেয়কলৈ নিজৰ পূৰ্ণ সমৰ্থন থকাৰ কথা পুনৰবাৰ দোহাৰে। তেওঁ লগতে এছচি, এছটি আৰু অ'বিচি সম্প্ৰদায়ৰ মহিলা প্ৰতিনিধিসকলৰ বাবে পৃথক সংৰক্ষণৰ দাবী জনায়।কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিতে আবেগিক হৈ পৰা পৰিলক্ষিত হয়। ছোনিয়া গান্ধীয়ে কয়  "মোৰ স্বামী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰথমবাৰৰ বাবে মহিলাৰ প্ৰতিনিধিত্বত সাংবিধানিক সংশোধনী আনিছিল। "


লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি মোদী চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ আগ্ৰহী হৈ পৰিছে বুলি বিভিন্ন মহলত আলোচনা হোৱাৰ সময়তে বিৰোধীয়েও এই বিষয়ত সন্মত হৈছে। বুধবাৰে তেওঁৰ ভাষণত ছোনিয়াই দাবী কৰে যে বিধেয়কখন তৎক্ষণাৎ গৃহীত কৰা প্ৰয়োজন। এই ক্ষেত্ৰত বিলম্বমানে ভাৰতত মহিলাৰ প্ৰতি অন্যায় বুজায় বুলিও তেওঁ কয়। তেওঁ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ মহিলাৰ বাবে আসন সংৰক্ষণৰ দাবী জনায়।ছোনিয়াই কয়  "মহিলা সংৰক্ষণ বিধেয়ক ৰূপায়ণত হোৱা  যিকোনো বিলম্ব ভাৰতীয় মহিলাৰ প্ৰতি এক ডাঙৰ অন্যায় হ'ব। মহিলা সংৰক্ষণ বিধেয়কখন সকলো বাধা অতিক্ৰম কৰি তৎক্ষণাৎ কাৰ্যকৰী কৰা প্ৰয়োজন । এয়া নিশ্চয়কৈ  সম্ভৱ। "

ছোনিয়াই লগতে কয় যে বিধেয়কখন প্ৰথমে তেওঁৰ স্বামী, স্বৰ্গীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আনিছিল। তেওঁ কয় "এই বিধেয়কখন মোৰ নিজৰ জীৱনৰ বাবেও  এক আবেগিক বিষয়। প্ৰথমবাৰৰ বাবে, মোৰ স্বামী  ৰাজীৱ গান্ধীয়ে স্থানীয় নিৰ্বাচনত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিবলৈ এক সাংবিধানিক সংশোধনী আনিছিল। অৱশ্যে, সাতটা ভোট কম হোৱা বাবে ইয়াক ৰাজ্যসভাত গৃহীত কৰিব পৰা নগ'ল।মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হ'লে ৰাজীৱ গান্ধীৰ  সপোন সাৰ্থক  হ'ব। "

 উল্লেখ্য মহিলা সংৰক্ষণ বিধেয়ক মঙলবাৰে লোকসভাত উত্থাপন কৰা হৈছিল। বিধেয়কখন লোকসভাত  আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰিছিল। দীঘলীয়া আলোচনাৰ পিছত বিধেয়কখন নতুন সংসদ ভৱনত উত্থাপন কৰা হয়। বিশেষজ্ঞসকলৰ মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলা ভোটাৰসকলৰ হৃদয় জয় কৰিবলৈ মোদী চৰকাৰে এই বিধেয়কখন গৃহীত কৰাৰ সিদ্ধান্ত লৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা