--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজোপা অথবা দুজোপা নহয়,  বন বিভাগে বংগৰ পুৰুলিয়াৰ আঠটা স্থানত  কমেও ১৫ জোপা  বিৰল বগা পলাশ গছ বিচাৰি পাইছে। পুৰুলিয়াৰ  বন বিভাগে এই বগা পলাশৰ সংৰক্ষণৰ বাবে  আৰক্ষী- প্ৰশাসনৰ সৈতে আলোচনা আৰম্ভ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বন বিভাগ আৰু প্ৰশাসনে  বগা পলাশ গছবোৰৰ চাৰিওফালে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ লগতে  নিৰীক্ষণৰো ব্যৱস্থা কৰিছে। দৰাচলতে  পলাশৰ ৰং ৰঙা । কিন্তু পলাশৰ ৰং যদি বগা হয় তেন্তে সেয়া   হয়তো আচৰিত হোৱাৰ কথাই। হয়, বগা পলাশেই ফুলে দেশৰ এক বিশেষ স্থানত। ঠাই খন হৈছে পশ্চিমবংগৰ পুৰুলিয়া।পুৰলিয়াত এতিয়া গছ ভৰি ফুলিছে বগা পলাশ।  বগা পলাশক লৈ এতিয়া বিখ্যাত হৈ পৰিছে পুৰুলিয়া। 

বহুতে কৈছে যে  বগা পলাশ তেনেই বিৰল।  বগা পলাশ ফুলা গছজোপা  পুৰুলিয়াৰ হুৰাৰ এখন গাঁৱত পোৱা গৈছে। প্ৰথমে স্থানীয় লোকসকলৰ কোনেও বিষয়টোক গুৰুত্ব দিয়া নাছিল। আনকি যিগৰাকী লোকৰ মাটিত গছ জোপা আছে তেঁৱো  বিষয়টোকলৈ মূৰ ঘমোৱা নাছিল।কিন্তু বহি প্ৰকৃতিপ্ৰেমীয়ে যেতিয়া বগা পলাশৰ গুৰুত্বৰ বিষয়ে ক’লে তেতিয়াহে তেওঁ ইয়াৰ প্ৰকৃত মূল্য বুজি পালে।  লগে লগে বগা পলাশ ফুলা গছজোপাৰ  মূল্য প্ৰায় ৮০  লাখ টকালৈ বৃদ্ধি পাইছে। 


পৰ্যটকসকলে এতিয়া সেই বগা পলাশ   চাবলৈ পুৰুলিয়া গাঁৱত ভিৰ কৰিছে। উদ্যান পালন বিভাগেও বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে। গছজোপা জীয়াই ৰখাৰ চেষ্টা কৰা হৈছে। এই গছৰ পৰা পুলি তৈয়াৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা  হৈছে। কোনোবাই গছজোপাৰ ক্ষতি কৰিলে ১০,০০০ টকাৰ জৰিমনা বিহা হ’ব বুলি ঘোষণা কৰা হৈছে।  

পুৰুলিয়াৰ উদ্যানশস্যৰ উপ-সঞ্চালক ড০ সমৰেন্দ্ৰনাথ খাৰাই কয়, "বগা পলাশ বিৰল। হুৰা গাঁৱত এজোপা  গছ আছে। সেই গছজোপা জীয়াই ৰাখিব লাগিব। বিষয়টো উদ্যান পালন বিভাগক জনোৱা হৈছে। বন বিভাগ আৰু উদ্যান পালন বিভাগে বীজৰ অংকুৰণ বা অন্যান্য পদক্ষেপ গ্ৰহণ কৰি গছৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে।’’

কেইবা বছৰ ধৰি, এই গছত বগা পলাশ ফুলি আহিছে। কিন্তু গাওঁখনৰ কোনেও  নাজানিছিল যে এই গছ বিৰল আৰু মূল্যৱান। গছজোপা ব্যক্তিগত মালিকানাধীন ভূমিত আছে। এই বগা পলাশ গছৰ গৰাকী স্বপ্ন কুমাৰ মহাতোৱে কয়, " আমি নাজানিছিলো যে বগা পলাশ গছ ইমান মূল্যৱান আৰু বিৰল। আগতে, আমি ইয়াৰ ডাল আদি  খৰি হিচাবে  ব্যৱহাৰ কৰিছিলো। বহুলোকে এই গছৰ লীজ ল'বলৈ আমাৰ সৈতে যোগাযোগ কৰিছে। 

কলকাতাৰ এটা দলে কৈছে যে ৮০ লাখ টকা দিব। কিন্তু আমি এতিয়াও লীজত দিবলৈ  সন্মত হোৱা নাই। মই এই গছজোপা সংৰক্ষণ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম। কিন্তু প্ৰশাসন আৰু চৰকাৰ আগবাঢ়ি আহিলে ভাল। উদ্যান পালন বিভাগৰ বিষয়াজনে গাওঁখন ভ্ৰমণ কৰাৰ পিছত আমি সাহস পাইছো। " কিন্তু বগা পলাশ কিয় ইমান মূল্যৱান? 

এই বগা পলাশৰ পৰা বন্ধ্যাত্ব দূৰ কৰিব পৰা দৰব, যৌন শক্তি বৃদ্ধি কৰিবলৈ দৰব প্ৰস্তুত কৰা হয়। সেইকাৰণে এই পলাশ গছ  ইমান মূল্যৱান। এই উদ্ভিদৰ ৰসত গেলিক আৰু টেনিক এচিড থাকে। দুৰাৰোগ্য ৰোগো এই  গছৰ ৰসৰ পৰা আৰোগ্য হয় বুলি কোৱা হয়। আনকি কৰ্কট ৰোগ দূৰ কৰিবলৈও বগা পলাশ গছক লৈ  গৱেষণা চলি আছে। শৰীৰৰ ৰূপ - লাৱণ্য ধৰি ৰখাত এই গছ উপকাৰী। এই গছৰ কুমলীয়া পাতৰ ৰস  ৬-৭  চাহ চামুচ পানীৰ সৈতে মিহলি কৰি খালে   সৌন্দৰ্যলৈ বৃদ্ধি পায় বুলিও বহুতে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু