--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজোপা অথবা দুজোপা নহয়,  বন বিভাগে বংগৰ পুৰুলিয়াৰ আঠটা স্থানত  কমেও ১৫ জোপা  বিৰল বগা পলাশ গছ বিচাৰি পাইছে। পুৰুলিয়াৰ  বন বিভাগে এই বগা পলাশৰ সংৰক্ষণৰ বাবে  আৰক্ষী- প্ৰশাসনৰ সৈতে আলোচনা আৰম্ভ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বন বিভাগ আৰু প্ৰশাসনে  বগা পলাশ গছবোৰৰ চাৰিওফালে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ লগতে  নিৰীক্ষণৰো ব্যৱস্থা কৰিছে। দৰাচলতে  পলাশৰ ৰং ৰঙা । কিন্তু পলাশৰ ৰং যদি বগা হয় তেন্তে সেয়া   হয়তো আচৰিত হোৱাৰ কথাই। হয়, বগা পলাশেই ফুলে দেশৰ এক বিশেষ স্থানত। ঠাই খন হৈছে পশ্চিমবংগৰ পুৰুলিয়া।পুৰলিয়াত এতিয়া গছ ভৰি ফুলিছে বগা পলাশ।  বগা পলাশক লৈ এতিয়া বিখ্যাত হৈ পৰিছে পুৰুলিয়া। 

বহুতে কৈছে যে  বগা পলাশ তেনেই বিৰল।  বগা পলাশ ফুলা গছজোপা  পুৰুলিয়াৰ হুৰাৰ এখন গাঁৱত পোৱা গৈছে। প্ৰথমে স্থানীয় লোকসকলৰ কোনেও বিষয়টোক গুৰুত্ব দিয়া নাছিল। আনকি যিগৰাকী লোকৰ মাটিত গছ জোপা আছে তেঁৱো  বিষয়টোকলৈ মূৰ ঘমোৱা নাছিল।কিন্তু বহি প্ৰকৃতিপ্ৰেমীয়ে যেতিয়া বগা পলাশৰ গুৰুত্বৰ বিষয়ে ক’লে তেতিয়াহে তেওঁ ইয়াৰ প্ৰকৃত মূল্য বুজি পালে।  লগে লগে বগা পলাশ ফুলা গছজোপাৰ  মূল্য প্ৰায় ৮০  লাখ টকালৈ বৃদ্ধি পাইছে। 


পৰ্যটকসকলে এতিয়া সেই বগা পলাশ   চাবলৈ পুৰুলিয়া গাঁৱত ভিৰ কৰিছে। উদ্যান পালন বিভাগেও বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে। গছজোপা জীয়াই ৰখাৰ চেষ্টা কৰা হৈছে। এই গছৰ পৰা পুলি তৈয়াৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা  হৈছে। কোনোবাই গছজোপাৰ ক্ষতি কৰিলে ১০,০০০ টকাৰ জৰিমনা বিহা হ’ব বুলি ঘোষণা কৰা হৈছে।  

পুৰুলিয়াৰ উদ্যানশস্যৰ উপ-সঞ্চালক ড০ সমৰেন্দ্ৰনাথ খাৰাই কয়, "বগা পলাশ বিৰল। হুৰা গাঁৱত এজোপা  গছ আছে। সেই গছজোপা জীয়াই ৰাখিব লাগিব। বিষয়টো উদ্যান পালন বিভাগক জনোৱা হৈছে। বন বিভাগ আৰু উদ্যান পালন বিভাগে বীজৰ অংকুৰণ বা অন্যান্য পদক্ষেপ গ্ৰহণ কৰি গছৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে।’’

কেইবা বছৰ ধৰি, এই গছত বগা পলাশ ফুলি আহিছে। কিন্তু গাওঁখনৰ কোনেও  নাজানিছিল যে এই গছ বিৰল আৰু মূল্যৱান। গছজোপা ব্যক্তিগত মালিকানাধীন ভূমিত আছে। এই বগা পলাশ গছৰ গৰাকী স্বপ্ন কুমাৰ মহাতোৱে কয়, " আমি নাজানিছিলো যে বগা পলাশ গছ ইমান মূল্যৱান আৰু বিৰল। আগতে, আমি ইয়াৰ ডাল আদি  খৰি হিচাবে  ব্যৱহাৰ কৰিছিলো। বহুলোকে এই গছৰ লীজ ল'বলৈ আমাৰ সৈতে যোগাযোগ কৰিছে। 

কলকাতাৰ এটা দলে কৈছে যে ৮০ লাখ টকা দিব। কিন্তু আমি এতিয়াও লীজত দিবলৈ  সন্মত হোৱা নাই। মই এই গছজোপা সংৰক্ষণ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম। কিন্তু প্ৰশাসন আৰু চৰকাৰ আগবাঢ়ি আহিলে ভাল। উদ্যান পালন বিভাগৰ বিষয়াজনে গাওঁখন ভ্ৰমণ কৰাৰ পিছত আমি সাহস পাইছো। " কিন্তু বগা পলাশ কিয় ইমান মূল্যৱান? 

এই বগা পলাশৰ পৰা বন্ধ্যাত্ব দূৰ কৰিব পৰা দৰব, যৌন শক্তি বৃদ্ধি কৰিবলৈ দৰব প্ৰস্তুত কৰা হয়। সেইকাৰণে এই পলাশ গছ  ইমান মূল্যৱান। এই উদ্ভিদৰ ৰসত গেলিক আৰু টেনিক এচিড থাকে। দুৰাৰোগ্য ৰোগো এই  গছৰ ৰসৰ পৰা আৰোগ্য হয় বুলি কোৱা হয়। আনকি কৰ্কট ৰোগ দূৰ কৰিবলৈও বগা পলাশ গছক লৈ  গৱেষণা চলি আছে। শৰীৰৰ ৰূপ - লাৱণ্য ধৰি ৰখাত এই গছ উপকাৰী। এই গছৰ কুমলীয়া পাতৰ ৰস  ৬-৭  চাহ চামুচ পানীৰ সৈতে মিহলি কৰি খালে   সৌন্দৰ্যলৈ বৃদ্ধি পায় বুলিও বহুতে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ