--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে চুক্তি হৈছিল। আনুষ্ঠানিকভাৱে ৰিয়েল মাদ্রিদলৈ যোৱাৰ কথাও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল৷ ফ্ৰান্সৰ অধিনায়কগৰাকীয়ে মঙলবাৰে ৰিয়েল মাদ্রিদৰ জার্চি পিন্ধি প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্রদর্শন কৰে৷ ৯ নম্বৰৰ জাৰ্চি পিন্ধি স্পেনিছ ক্লাবৰ হৈ খেলিব। নতুন ক্লাবত প্ৰথম দিনাই এমবাপে নিজৰ মূৰ্তি ক্রিষ্টিয়ানো ৰোনাল্ডোক স্মৰণ কৰে। এই অনুষ্ঠানত জিনেদিন জিদানো উপস্থিত থাকে।

কেইবাবছৰ ধৰি ৰিয়েলে তেওঁক পাবলৈ চেষ্টা কৰিছিল। কিন্তু পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে হোৱা চুক্তিৰ বাবে ফৰাচী ষ্ট্ৰাইকাৰগৰাকীক লাভ কৰিব নোৱাৰিলে ৰিয়েলে। অৱশেষত এমবাপে যোগদান কৰাৰ লগে লগে কাৰ্লো এঞ্চেল’টিৰ দলটোৱে এক বুষ্ট লাভ কৰিবলৈ সাজু হৈছে। মঙলবাৰে বাৰ্নাবিউত সদস্য আৰু সমৰ্থকৰ সন্মুখত ৰিয়েল কৰ্তৃপক্ষই এমবাপেক উলিয়াই আনে। ৰিয়েলৰ সভাপতি ফ্লৰেন্টিনো পেৰেজে তেওঁক ক্লাবলৈ আদৰণি জনায়।

আজিৰ দিনটোতে এমবাপে ক’লে, “হেল্ল’, মই স্পেনিছ ভাষাত কথা ক’বলৈ চেষ্টা কৰিছো। সভাপতি পেৰেজলৈ ধন্যবাদ। এই ক্লাবত যোগদান কৰিবলৈ সক্ষম হ’লো। মাদ্ৰিদৰ মানুহ সদায় ভাল পাও। অশেষ ধন্যবাদ এইই সপোন বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত। ই মোৰ এটা সপোন। এই ক্লাবৰ বাবে মই মোৰ জীৱন দিব পাৰো। ইয়াত থকা তোমালোক সকলো সৰু সৰু ল’ৰা-ছোৱালী, মইও তোমালোকৰ দৰেই আছিলোঁ। মই ক’ম, কেতিয়াও হাৰ নামানিবা। এদিন তুমিও মোৰ দৰে হব পাৰিবা। মই আৰু কথা নকওঁ।’’

আনহাতে, এমবাপেক ক্লাবলৈ আদৰণি জনাই পেৰেজে কয়, “এমবাপে, আপুনি আমাৰ ক্লাবলৈ আহিবলৈ যি কষ্ট কৰিছে, বহুতে হয়তো বিশ্বাস নকৰে। সপোনক খেদি খেদি যোৱাৰ বাবেই আপুনি ইয়াত উপস্থিত হ’ল। এতিয়াৰ পৰা আপুনি আপোনাৰ সপোনৰ ক্লাবৰ হৈ খেলিব। ক্লাবৰ প্ৰতি আপোনাৰ প্ৰেমে আমাৰ হৃদয় চুই গৈছে।''

ৰিয়েলে এমবাপেৰ সৈতে পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হয়। ৰিয়েলে বছৰি ১৫ লাখ ইউৰো বা ১৩৬ মিলিয়ন টাকা দৰমহা পাব। ৰিয়েল মাদ্রিদে চুক্তিবদ্ধ উপহাৰ হিচাপে লাভ কৰিব ১০ কোটি ইউৰো বা ৯০৯ মিলিয়ন টকা। ইয়াৰ উপৰিও ছবিখনৰ ৮০ শতাংশ অধিকাৰ লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু