--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে চুক্তি হৈছিল। আনুষ্ঠানিকভাৱে ৰিয়েল মাদ্রিদলৈ যোৱাৰ কথাও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল৷ ফ্ৰান্সৰ অধিনায়কগৰাকীয়ে মঙলবাৰে ৰিয়েল মাদ্রিদৰ জার্চি পিন্ধি প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্রদর্শন কৰে৷ ৯ নম্বৰৰ জাৰ্চি পিন্ধি স্পেনিছ ক্লাবৰ হৈ খেলিব। নতুন ক্লাবত প্ৰথম দিনাই এমবাপে নিজৰ মূৰ্তি ক্রিষ্টিয়ানো ৰোনাল্ডোক স্মৰণ কৰে। এই অনুষ্ঠানত জিনেদিন জিদানো উপস্থিত থাকে।

কেইবাবছৰ ধৰি ৰিয়েলে তেওঁক পাবলৈ চেষ্টা কৰিছিল। কিন্তু পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে হোৱা চুক্তিৰ বাবে ফৰাচী ষ্ট্ৰাইকাৰগৰাকীক লাভ কৰিব নোৱাৰিলে ৰিয়েলে। অৱশেষত এমবাপে যোগদান কৰাৰ লগে লগে কাৰ্লো এঞ্চেল’টিৰ দলটোৱে এক বুষ্ট লাভ কৰিবলৈ সাজু হৈছে। মঙলবাৰে বাৰ্নাবিউত সদস্য আৰু সমৰ্থকৰ সন্মুখত ৰিয়েল কৰ্তৃপক্ষই এমবাপেক উলিয়াই আনে। ৰিয়েলৰ সভাপতি ফ্লৰেন্টিনো পেৰেজে তেওঁক ক্লাবলৈ আদৰণি জনায়।

আজিৰ দিনটোতে এমবাপে ক’লে, “হেল্ল’, মই স্পেনিছ ভাষাত কথা ক’বলৈ চেষ্টা কৰিছো। সভাপতি পেৰেজলৈ ধন্যবাদ। এই ক্লাবত যোগদান কৰিবলৈ সক্ষম হ’লো। মাদ্ৰিদৰ মানুহ সদায় ভাল পাও। অশেষ ধন্যবাদ এইই সপোন বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত। ই মোৰ এটা সপোন। এই ক্লাবৰ বাবে মই মোৰ জীৱন দিব পাৰো। ইয়াত থকা তোমালোক সকলো সৰু সৰু ল’ৰা-ছোৱালী, মইও তোমালোকৰ দৰেই আছিলোঁ। মই ক’ম, কেতিয়াও হাৰ নামানিবা। এদিন তুমিও মোৰ দৰে হব পাৰিবা। মই আৰু কথা নকওঁ।’’

আনহাতে, এমবাপেক ক্লাবলৈ আদৰণি জনাই পেৰেজে কয়, “এমবাপে, আপুনি আমাৰ ক্লাবলৈ আহিবলৈ যি কষ্ট কৰিছে, বহুতে হয়তো বিশ্বাস নকৰে। সপোনক খেদি খেদি যোৱাৰ বাবেই আপুনি ইয়াত উপস্থিত হ’ল। এতিয়াৰ পৰা আপুনি আপোনাৰ সপোনৰ ক্লাবৰ হৈ খেলিব। ক্লাবৰ প্ৰতি আপোনাৰ প্ৰেমে আমাৰ হৃদয় চুই গৈছে।''

ৰিয়েলে এমবাপেৰ সৈতে পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হয়। ৰিয়েলে বছৰি ১৫ লাখ ইউৰো বা ১৩৬ মিলিয়ন টাকা দৰমহা পাব। ৰিয়েল মাদ্রিদে চুক্তিবদ্ধ উপহাৰ হিচাপে লাভ কৰিব ১০ কোটি ইউৰো বা ৯০৯ মিলিয়ন টকা। ইয়াৰ উপৰিও ছবিখনৰ ৮০ শতাংশ অধিকাৰ লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী