--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ন্যায় যুদ্ধত জয়ী হ’ল  গোধ্ৰা কাণ্ডৰ পিছতে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বিলকিছ বানু। গুজৰাট চৰকাৰক শলঠেকত পেলাই  উচ্চতম ন্যায়ালয়ে ন্যায় প্ৰদান কৰিলে বিলকিছক। উল্লেখ্য  গুজৰাট চৰকাৰে বিলকিছ বানুৰ ধৰ্ষণকাৰীসকলক তেওঁলোকৰ কাৰাদণ্ডৰ ম্যাদ  উকলি যোৱাৰ পূৰ্বেই কাৰাগাৰৰ পৰা  মুক্তি দিছিল। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল নিৰ্যাতিতা বিলকিছ বানু। অৱশেষত সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে এনে দৰে ধৰ্ষণকাৰী কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ অধিকাৰ গুজৰাট চৰকাৰৰ নাই ।  এয়া গুজৰাট চৰকাৰৰ  কোনো আইনী অধিকাৰ নহয়। সেয়েহে মুকলি কৰি দিয়া  ধৰ্ষণকাৰীসকলে দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে। 


 গুজৰাট চৰকাৰৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে বিলকিছে ন্যায় লাভ কৰিলে।  উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে গুজৰাট চৰকাৰৰ ধৰ্ষণকাৰীসকলক তেওঁলোকৰ কাৰ্যকাল উকলি যোৱাৰ আগতে মুক্তি দিয়াৰ কোনো আইনী অধিকাৰ নাই। দৰাচলতে গুজৰাট চৰকাৰে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলিও ন্যায়ালয়ে কয়। উচ্চতম ন্যায়ালয়ে আজি গুজৰাট চৰকাৰৰ বিলকিছ বানুৰ দোষীসকলক তেওঁলোকৰ কাৰ্যকাল উকলি যোৱাৰ আগতে মুক্তি দিয়াৰ সিদ্ধান্ত  বাতিল কৰে।  ২০০২ চনৰ গোধৰা কাণ্ডৰ সময়ত বিলকিছ বানুক   দলবদ্ধ ধৰ্ষণ কৰিছিল একাংশ লোকে। কেৱল সেয়াই নহয়, এই ঘটনা গাপ দিবলৈ ধৰ্ষণকাৰীয়ে বিলকিছৰ আৰু  পৰিয়ালৰ বহু কেইগৰাকী সদস্যক হত্যা কৰাৰো অভিযোগ উঠিছিল।

  বিলকিছ বানু ধৰ্ষণকাণ্ডত আদালতে এঘাৰজন লোকক আজীৱন কাৰাদণ্ড বিহিছিল। কিন্তু ২০২২ চনৰ ১৫ আগষ্টত গুজৰাট চৰকাৰৰ নিৰ্দেশত ধৰ্ষণকাৰীসকলক  কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল। বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) ধৰ্ষণকাৰীসকলক কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে  নায়কৰ দৰে মালা পিন্ধাই, মিঠাই খুৱাই  সম্বৰ্ধনা জনাইছিল। সমগ্ৰ দেশতে এই ঘটনাকলৈ অসন্তুষ্টিৰ বতাহ বলিছিল। পৰৱৰ্তী সময়ত  গুজৰাট চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল। ধৰ্ষণকাৰীসকলক দোষমুক্ত কৰাৰ চাৰি মাহৰ ভিতৰত বিলকিছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ  আদালতত গুজৰাট চৰকাৰৰ সিদ্ধান্তৰ  পুনৰীক্ষণৰ  আবেদন জনাইছিল। বিলকিছে উচ্চতম  ন্যায়ালয়ক ধৰ্ষণকাৰীসকলক মুক্তি দিয়াৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল। সিদ্ধান্তটোৰ পুনৰীক্ষণ বিচাৰি  আদালতত কেইবাখনো  আবেদন দাখিল কৰা হৈছিল। তৃণমূল কংগ্ৰেছৰ  সাংসদ মহুৱা  মৈত্ৰয়ো  একে ধৰণৰ আবেদন কৰিছিল। ইয়াৰ পিছতে  শীৰ্ষ আদালতে গুজৰাট চৰকাৰৰ পৰা শপতনামা বিচাৰিছিল। 

উচ্চতম ন্যায়ালয়ে সোমবাৰে অৱশেষত বিলকিছৰ পক্ষে  ৰায় ঘোষণা কৰে। শুনানিৰ আৰম্ভণিতে, আদালতে স্পষ্ট কৰি দিয়ে  যে গুজৰাট চৰকাৰৰ ধৰ্ষণকাৰীৰ শাস্তি লাঘৱ  কৰাৰ কোনো আইনী অধিকাৰ নাই।ধৰ্ষণকাৰীসকলে পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব। ইয়াৰ পিছতে তেওঁলোকক পুনৰ প্ৰেৰণ কৰা হ’ব কাৰাগাৰলৈ।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement