--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ন্যায় যুদ্ধত জয়ী হ’ল  গোধ্ৰা কাণ্ডৰ পিছতে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বিলকিছ বানু। গুজৰাট চৰকাৰক শলঠেকত পেলাই  উচ্চতম ন্যায়ালয়ে ন্যায় প্ৰদান কৰিলে বিলকিছক। উল্লেখ্য  গুজৰাট চৰকাৰে বিলকিছ বানুৰ ধৰ্ষণকাৰীসকলক তেওঁলোকৰ কাৰাদণ্ডৰ ম্যাদ  উকলি যোৱাৰ পূৰ্বেই কাৰাগাৰৰ পৰা  মুক্তি দিছিল। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল নিৰ্যাতিতা বিলকিছ বানু। অৱশেষত সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে এনে দৰে ধৰ্ষণকাৰী কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ অধিকাৰ গুজৰাট চৰকাৰৰ নাই ।  এয়া গুজৰাট চৰকাৰৰ  কোনো আইনী অধিকাৰ নহয়। সেয়েহে মুকলি কৰি দিয়া  ধৰ্ষণকাৰীসকলে দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে। 


 গুজৰাট চৰকাৰৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে বিলকিছে ন্যায় লাভ কৰিলে।  উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে গুজৰাট চৰকাৰৰ ধৰ্ষণকাৰীসকলক তেওঁলোকৰ কাৰ্যকাল উকলি যোৱাৰ আগতে মুক্তি দিয়াৰ কোনো আইনী অধিকাৰ নাই। দৰাচলতে গুজৰাট চৰকাৰে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলিও ন্যায়ালয়ে কয়। উচ্চতম ন্যায়ালয়ে আজি গুজৰাট চৰকাৰৰ বিলকিছ বানুৰ দোষীসকলক তেওঁলোকৰ কাৰ্যকাল উকলি যোৱাৰ আগতে মুক্তি দিয়াৰ সিদ্ধান্ত  বাতিল কৰে।  ২০০২ চনৰ গোধৰা কাণ্ডৰ সময়ত বিলকিছ বানুক   দলবদ্ধ ধৰ্ষণ কৰিছিল একাংশ লোকে। কেৱল সেয়াই নহয়, এই ঘটনা গাপ দিবলৈ ধৰ্ষণকাৰীয়ে বিলকিছৰ আৰু  পৰিয়ালৰ বহু কেইগৰাকী সদস্যক হত্যা কৰাৰো অভিযোগ উঠিছিল।

  বিলকিছ বানু ধৰ্ষণকাণ্ডত আদালতে এঘাৰজন লোকক আজীৱন কাৰাদণ্ড বিহিছিল। কিন্তু ২০২২ চনৰ ১৫ আগষ্টত গুজৰাট চৰকাৰৰ নিৰ্দেশত ধৰ্ষণকাৰীসকলক  কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল। বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) ধৰ্ষণকাৰীসকলক কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে  নায়কৰ দৰে মালা পিন্ধাই, মিঠাই খুৱাই  সম্বৰ্ধনা জনাইছিল। সমগ্ৰ দেশতে এই ঘটনাকলৈ অসন্তুষ্টিৰ বতাহ বলিছিল। পৰৱৰ্তী সময়ত  গুজৰাট চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল। ধৰ্ষণকাৰীসকলক দোষমুক্ত কৰাৰ চাৰি মাহৰ ভিতৰত বিলকিছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ  আদালতত গুজৰাট চৰকাৰৰ সিদ্ধান্তৰ  পুনৰীক্ষণৰ  আবেদন জনাইছিল। বিলকিছে উচ্চতম  ন্যায়ালয়ক ধৰ্ষণকাৰীসকলক মুক্তি দিয়াৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল। সিদ্ধান্তটোৰ পুনৰীক্ষণ বিচাৰি  আদালতত কেইবাখনো  আবেদন দাখিল কৰা হৈছিল। তৃণমূল কংগ্ৰেছৰ  সাংসদ মহুৱা  মৈত্ৰয়ো  একে ধৰণৰ আবেদন কৰিছিল। ইয়াৰ পিছতে  শীৰ্ষ আদালতে গুজৰাট চৰকাৰৰ পৰা শপতনামা বিচাৰিছিল। 

উচ্চতম ন্যায়ালয়ে সোমবাৰে অৱশেষত বিলকিছৰ পক্ষে  ৰায় ঘোষণা কৰে। শুনানিৰ আৰম্ভণিতে, আদালতে স্পষ্ট কৰি দিয়ে  যে গুজৰাট চৰকাৰৰ ধৰ্ষণকাৰীৰ শাস্তি লাঘৱ  কৰাৰ কোনো আইনী অধিকাৰ নাই।ধৰ্ষণকাৰীসকলে পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব। ইয়াৰ পিছতে তেওঁলোকক পুনৰ প্ৰেৰণ কৰা হ’ব কাৰাগাৰলৈ।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?