--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  দিল্লীৰ এইমছত আন এটা অভূতপূৰ্ব সফল অস্ত্ৰোপচাৰ কৰা হৈছে । এটি  পাঁচ বছৰীয়া শিশুৰ  মস্তিষ্কৰ টিউমাৰত জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি বিৰল কৃতিত্ব অৰ্জন কৰিছে চিকিৎসালয় খনে। কিন্তু অস্ত্ৰোপচাৰৰ সময়ত শিশুটোক অচেতন কৰা হোৱা নাছিল। অক্ষিতা নামৰ শিশুটিক  সচেতনভাৱেই  অস্ত্ৰোপচাৰ  কৰা হয়। চিকিৎসকসকলে প্ৰকাশ কৰা মতে অস্ত্ৰোপচাৰটো সফল হৈছে। 

এইমছ দিল্লীৰ মতে শিশুটো হৈছে মগজুৰ  এনে  অস্ত্ৰোপচাৰ কৰা বিশ্বৰ আটাইতকৈ কনিষ্ঠ ব্যক্তি। ইয়াৰ আগতে কেতিয়াও ইমান কম বয়সৰ  শিশুক  সচেতনভাৱে পৃথিৱীৰ আন কোনো ঠাইতে  মগজুৰ অস্ত্ৰোপচাৰৰ কৰা হোৱা  নাছিল। এইমছ দিল্লীৰ মতে এই প্ৰক্ৰিয়াটোক 'এৱেক ক্ৰেনিঅটমী' বুলি কোৱা হয়। পাঁচ বছৰীয়া  শিশুটিয়ে  চিজাৰত ভুগি আছিল। এম.আৰ.আই. আৰু অন্যান্য প্ৰয়োজনীয় পৰীক্ষাৰ পিছত  চিকিৎসকে দেখিলে যে শিশুটিৰ  মূৰৰ বাওঁফালে টিউমাৰ আছে (ইয়াক লেফ্ট  পেৰিচিলভিয়ান ইণ্ট্ৰাক্সিয়েল বুলি কোৱা হয়)। এই টিউমাৰে ভৱিষ্যতে শিশুটিৰ বাবে বিপদ ঘটোৱাৰ আশংকা আছিল। সেয়ে ধৰা পৰাৰ পিছতে সোনকালে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।  

৪ জানুৱাৰীত তিনি ঘণ্টা ধৰি অস্ত্ৰোপচাৰ চলিছিল।অস্ত্ৰোপচাৰৰ সময়ত শিশুটোক বিভিন্ন ধৰণে পাহৰি যোৱা বস্তুবোৰৰ কথা মনত পেলাই দিয়াৰ চেষ্টা কৰা হৈছিল। কিছুমান সাধাৰণ  বস্তু, জন্তুৰ ছবি আদি দেখুওৱা হৈছিল। চিকিৎসকসকলে এয়াও  পৰীক্ষা কৰি আছিল যে শিশুটোৱে সেইবোৰ  চিনাক্ত কৰিব পাৰিছেনে  নাই । প্ৰক্ৰিয়াটোৰ সময়ত চিজাৰ প্ৰতিহত কৰিবলৈ  বৰফৰ ঠাণ্ডা চেলাইন ব্যৱহাৰ কৰা হৈছিল। অস্ত্ৰোপচাৰৰ সময়ত শিশুটিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ছবি দেখুওৱা হৈছিল। সেধা হৈছিল এয়া কাৰ ছবি , শিশুটিয়ে মোদীৰ ছবি খন চিনি পাইছিল।

চিকিৎসকসকলে কৈছে  যে শিশুটোক সজাগ কৰি ৰাখি  অস্ত্ৰোপচাৰটো  কৰা  প্ৰয়োজনীয় আছিল। অজ্ঞান কৰিলে নানান বিপদ ঘটাৰ আশংকা আছিল। সেইকাৰণে চিকিৎসালয় কৰ্তৃপক্ষই অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱাৰ আগতে শিশুটোৰ পিতৃ-মাতৃৰ সৈতে বহু বাৰ আলোচনা কৰিছিল। তেওঁলোকক ভালদৰে কথাবোৰ বুজাই দিয়া হৈছিল।  নিউৰোচাৰ্জাৰীৰ এগৰাকী অধ্যাপক  ডাঃ দীপক গুপ্তাই  কয়, "এই প্ৰক্ৰিয়াটোত সাধাৰণ এনাস্থেচিয়াৰ অধীনত কৰা অন্যান্য অস্ত্ৰোপচাৰৰ তুলনাত বেছি  নিখুঁত অস্ত্ৰোপচাৰ। ইয়াত পিছে এনাস্থেচিয়া দলৰ অধিক সহযোগিতাৰো প্ৰয়োজন।" ।  ডঃ মিহিৰ পাণ্ডিয়া আৰু  জ্ঞানেন্দ্ৰ পাল সিঙৰ নেতৃত্বত এটা নিউৰোএনাস্থেচিয়া দলে  এই অস্ত্ৰোপচাৰটো সফলতাৰে  সম্পন্ন কৰিবলৈ সক্ষম হয়। শিশুটি বৰ্তমান সুস্থ আৰু তেওঁক হয়তো সোমবাৰেই ঘৰলৈ যাবলৈ দিয়া হ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক