--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ছুপাৰ লীগত  ইছলামাবাদ ইউনাইটেড আৰু মুলতানৰ মাজত সেই সময়ত চলি আছিল খেল।খেল খনত ইছলামাবাদে  মুলতানক  পৰাস্ত কৰে। সেই সময়ত ধাৰাভাষ্যকাৰ চাইমন  দুলে খেল খনৰ বিৱৰণী দি আছিল। পাকিস্তান চুপাৰ লীগত ভাষ্য দিয়াৰ সময়তে চাইমন দুলে বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই পৰিছে। দুলে  পাকিস্তানৰ অধিনায়ক বাবৰ আজমক "স্বাৰ্থপৰ" বুলি অভিহিত কৰিছিল।

ইয়াৰ পিছতেই আৰম্ভ হৈছিল বিতৰ্ক। এইবাৰ তেওঁ আন এগৰাকী  পাকিস্তানী ক্ৰিকেটাৰ হাছান আলীৰ পত্নীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰোতেওঁ এটা ভাষ্য দিয়াৰ সময়তে এনে ঘটনা ঘটে।  

ইছলামাবাদ ইউনাইটেড আৰু মুলতান চুলতানৰ মাজৰ খেল খন পিএছএলত চলি আছিল। সেই খেলখনত ইছলামাবাদে মুলতানক পৰাস্ত কৰে। সেই সময়ত দুলে লে ভাষ্য দি আছিল। ইছলামাবাদ দলৰ ডাগ-আউট আৰু আনন্দিত হৈ পৰা সমৰ্থকসকলক দেখুওৱা হৈছিল। পাকিস্তানৰ পেচাৰ হাছান আলীৰ পত্নী ছামিয়া আৰজুকো  সেই সময়ত স্ক্ৰীণত  দেখুওৱা হৈছিল। তেওঁ ইছলামাবাদৰ জাৰ্চি পিন্ধি আছিল। সেই সময়ত দুলে ছামিয়া আৰজুক লক্ষ্য কৰি কৈছিল, "তেওঁ জিকিছে। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে তেওঁ কেইবাজনো লোকৰ হৃদয় জয় কৰিছে। মহান। চমৎকাৰ। এই জয়টোও মহান। "

দুলৰ মন্তব্য সামাজিক মাধ্যমত বিয়পিবলৈ বেছি সময় নালাগিল। বহুতে  ধাৰণা কৰিছে যে দুলৰ এই মন্তব্য ছামিয়া আৰজুক কেৱল প্ৰশংসা কৰিবলৈ কৰা মন্তব্য নাছিল।  এজন পাকিস্তানী ক্ৰিকেটাৰৰ পত্নীৰ প্ৰতি এয়া তেওঁৰ অশালীন ইংগিত আছিল বুলিও বহুতে মন্তব্য  কৰিছে। বহুতে ধাৰণা কৰিছে  যে দুলে ছামিয়া আৰজুৰ প্ৰতি যৌন গন্ধী ইংগিত দিছিল।  উল্লেখ্য ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ চাইমন দুলে  বাবৰৰ খেলকলৈ সমালোচনা কৰিছিল। বাবৰৰ দলটোৱে ২০ অভাৰত ২৪০ ৰাণ সংগ্ৰহ কৰি পৰাজিত হৈছিল। বাবৰে এটা শতক অৰ্জন কৰিছিল। কিন্তু দুলে অভিযোগ কৰিছিল যে বাবৰে শতক অৰ্জন কৰিবলৈয়ে ধীৰ গতিত খেলিছিল। নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰজনে ৩২ খন টেষ্ট আৰু ৪২ খন এদিনীয়া খেলিছে। সোঁহাতৰ পেচাৰজনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৩৪  টা উইকেট লাভ কৰিছে। তেওঁ ১৯৯২ চনত খেলপথাৰত আত্মপ্ৰকাশ কৰিছিল। তেওঁ শেষবাৰৰ বাবে ২০২০ চনত নিউজিলেণ্ডৰ হৈ খেলিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল