--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ছুপাৰ লীগত  ইছলামাবাদ ইউনাইটেড আৰু মুলতানৰ মাজত সেই সময়ত চলি আছিল খেল।খেল খনত ইছলামাবাদে  মুলতানক  পৰাস্ত কৰে। সেই সময়ত ধাৰাভাষ্যকাৰ চাইমন  দুলে খেল খনৰ বিৱৰণী দি আছিল। পাকিস্তান চুপাৰ লীগত ভাষ্য দিয়াৰ সময়তে চাইমন দুলে বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই পৰিছে। দুলে  পাকিস্তানৰ অধিনায়ক বাবৰ আজমক "স্বাৰ্থপৰ" বুলি অভিহিত কৰিছিল।

ইয়াৰ পিছতেই আৰম্ভ হৈছিল বিতৰ্ক। এইবাৰ তেওঁ আন এগৰাকী  পাকিস্তানী ক্ৰিকেটাৰ হাছান আলীৰ পত্নীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰোতেওঁ এটা ভাষ্য দিয়াৰ সময়তে এনে ঘটনা ঘটে।  

ইছলামাবাদ ইউনাইটেড আৰু মুলতান চুলতানৰ মাজৰ খেল খন পিএছএলত চলি আছিল। সেই খেলখনত ইছলামাবাদে মুলতানক পৰাস্ত কৰে। সেই সময়ত দুলে লে ভাষ্য দি আছিল। ইছলামাবাদ দলৰ ডাগ-আউট আৰু আনন্দিত হৈ পৰা সমৰ্থকসকলক দেখুওৱা হৈছিল। পাকিস্তানৰ পেচাৰ হাছান আলীৰ পত্নী ছামিয়া আৰজুকো  সেই সময়ত স্ক্ৰীণত  দেখুওৱা হৈছিল। তেওঁ ইছলামাবাদৰ জাৰ্চি পিন্ধি আছিল। সেই সময়ত দুলে ছামিয়া আৰজুক লক্ষ্য কৰি কৈছিল, "তেওঁ জিকিছে। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে তেওঁ কেইবাজনো লোকৰ হৃদয় জয় কৰিছে। মহান। চমৎকাৰ। এই জয়টোও মহান। "

দুলৰ মন্তব্য সামাজিক মাধ্যমত বিয়পিবলৈ বেছি সময় নালাগিল। বহুতে  ধাৰণা কৰিছে যে দুলৰ এই মন্তব্য ছামিয়া আৰজুক কেৱল প্ৰশংসা কৰিবলৈ কৰা মন্তব্য নাছিল।  এজন পাকিস্তানী ক্ৰিকেটাৰৰ পত্নীৰ প্ৰতি এয়া তেওঁৰ অশালীন ইংগিত আছিল বুলিও বহুতে মন্তব্য  কৰিছে। বহুতে ধাৰণা কৰিছে  যে দুলে ছামিয়া আৰজুৰ প্ৰতি যৌন গন্ধী ইংগিত দিছিল।  উল্লেখ্য ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ চাইমন দুলে  বাবৰৰ খেলকলৈ সমালোচনা কৰিছিল। বাবৰৰ দলটোৱে ২০ অভাৰত ২৪০ ৰাণ সংগ্ৰহ কৰি পৰাজিত হৈছিল। বাবৰে এটা শতক অৰ্জন কৰিছিল। কিন্তু দুলে অভিযোগ কৰিছিল যে বাবৰে শতক অৰ্জন কৰিবলৈয়ে ধীৰ গতিত খেলিছিল। নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰজনে ৩২ খন টেষ্ট আৰু ৪২ খন এদিনীয়া খেলিছে। সোঁহাতৰ পেচাৰজনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৩৪  টা উইকেট লাভ কৰিছে। তেওঁ ১৯৯২ চনত খেলপথাৰত আত্মপ্ৰকাশ কৰিছিল। তেওঁ শেষবাৰৰ বাবে ২০২০ চনত নিউজিলেণ্ডৰ হৈ খেলিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?