--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দিল্লী টেষ্টৰ পূৰ্বে ভাৰতীয় দলত বিবাদ হৈছে নেকি? বিৰাট কোহলীয়ে দলৰ সৈতে একেলগে থকা নাই। ভাৰতীয় দলটোৱে হোটেলো সলনি কৰিব লগা হৈছে বুলি জানিব পৰা গৈছে। মুঠতে খেলপথাৰত নমাৰ পূৰ্বে চৰ্চাত আছে ভাৰতীয় দল।

ভাৰতীয় দলৰ সূত্ৰ অনুসৰি, কোহলীয়ে দলৰ সৈতে হোটেলত নাথাকে। তেওঁৰ ঘৰ গুৰুগ্ৰামত। তাতে তেওঁ পৰিয়ালৰ সৈতে থাকে। বহু দিনৰ মূৰত দিল্লীলৈ আহিছে কিং কোহলী। গতিকে পৰিয়ালৰ সৈতে সময় কটাব বিচাৰিছে ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে। আনকি কোহলীয়ে নিজৰ গাড়ীৰে ফিৰোজ শ্বাহ কোটলা খেলপথাৰলৈ গৈ আছে। দলৰ লগত কোনো বিবাদ নাই, পৰিয়ালৰ লগত থাকিবলৈ এই সিদ্ধান্ত লৈছে ক্ৰিকেটাৰগৰাকীয়ে।

ইয়াৰ মাজতে ভাৰতীয় দলৰ হোটেলখনো সলনি কৰিবলগীয়া হৈছে। নিউজ এজেন্সি এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি, ভাৰতীয় দলটোৱে পূৰ্বে দিল্লীলৈ যোৱাৰ সময়ত থকা হোটেলত এতিয়া নাই। ভাৰতীয় দলটো থাকিব লগা হোটেলখনৰ বহু কোঠা ইতিমধ্যে জি-২০ ছামিট আৰু বিয়াৰ বাবে বুকিং হৈ আছে। সেই কাৰণেই দলটোক দিল্লীৰ একেবাৰে সিটো মূৰত থকা এখন বিলাসী হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে।

নাগপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াক এটা ইনিংছ আৰু ১৩২ ৰানেৰে পৰাস্ত কৰি ভাৰতে শৃংখলাত অগ্ৰগতি লাভ কৰে। দিল্লীত টেষ্টত জয়লাভ কৰিলে ভাৰতে শৃংখলা জয়ৰ ওচৰ চাপিব। তাৰ সমান্তৰালকৈ ৰোহিত শৰ্মাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিবলৈ বহু দূৰ আগবাঢ়িব। আনহাতে, অষ্ট্ৰেলিয়াকো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিবলৈ অন্ততঃ এটা টেষ্ট জয়ৰ প্ৰয়োজন। গতিকে দুয়োটা দলে জয়ৰ লক্ষ্যৰে খেলপথাৰত প্ৰৱেশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু