--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দিল্লী টেষ্টৰ পূৰ্বে ভাৰতীয় দলত বিবাদ হৈছে নেকি? বিৰাট কোহলীয়ে দলৰ সৈতে একেলগে থকা নাই। ভাৰতীয় দলটোৱে হোটেলো সলনি কৰিব লগা হৈছে বুলি জানিব পৰা গৈছে। মুঠতে খেলপথাৰত নমাৰ পূৰ্বে চৰ্চাত আছে ভাৰতীয় দল।

ভাৰতীয় দলৰ সূত্ৰ অনুসৰি, কোহলীয়ে দলৰ সৈতে হোটেলত নাথাকে। তেওঁৰ ঘৰ গুৰুগ্ৰামত। তাতে তেওঁ পৰিয়ালৰ সৈতে থাকে। বহু দিনৰ মূৰত দিল্লীলৈ আহিছে কিং কোহলী। গতিকে পৰিয়ালৰ সৈতে সময় কটাব বিচাৰিছে ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে। আনকি কোহলীয়ে নিজৰ গাড়ীৰে ফিৰোজ শ্বাহ কোটলা খেলপথাৰলৈ গৈ আছে। দলৰ লগত কোনো বিবাদ নাই, পৰিয়ালৰ লগত থাকিবলৈ এই সিদ্ধান্ত লৈছে ক্ৰিকেটাৰগৰাকীয়ে।

ইয়াৰ মাজতে ভাৰতীয় দলৰ হোটেলখনো সলনি কৰিবলগীয়া হৈছে। নিউজ এজেন্সি এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি, ভাৰতীয় দলটোৱে পূৰ্বে দিল্লীলৈ যোৱাৰ সময়ত থকা হোটেলত এতিয়া নাই। ভাৰতীয় দলটো থাকিব লগা হোটেলখনৰ বহু কোঠা ইতিমধ্যে জি-২০ ছামিট আৰু বিয়াৰ বাবে বুকিং হৈ আছে। সেই কাৰণেই দলটোক দিল্লীৰ একেবাৰে সিটো মূৰত থকা এখন বিলাসী হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে।

নাগপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াক এটা ইনিংছ আৰু ১৩২ ৰানেৰে পৰাস্ত কৰি ভাৰতে শৃংখলাত অগ্ৰগতি লাভ কৰে। দিল্লীত টেষ্টত জয়লাভ কৰিলে ভাৰতে শৃংখলা জয়ৰ ওচৰ চাপিব। তাৰ সমান্তৰালকৈ ৰোহিত শৰ্মাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিবলৈ বহু দূৰ আগবাঢ়িব। আনহাতে, অষ্ট্ৰেলিয়াকো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিবলৈ অন্ততঃ এটা টেষ্ট জয়ৰ প্ৰয়োজন। গতিকে দুয়োটা দলে জয়ৰ লক্ষ্যৰে খেলপথাৰত প্ৰৱেশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক