--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ক্ৰিকেটৰ পৰা আঁতৰি আছে পৃথ্বী শ্ব’। তেনে সময়তে ক্ৰিকেটাৰজনৰ স’তে সংঘটিত হৈছে এটা কাণ্ড। সমৰ্থকৰ সৈতে চেল্ফী উঠিবলৈ নিবিচৰাৰ বাবেই এখন হোটেলৰ পৰা উভতি অহাৰ পথত তেওঁক আক্ৰমণ কৰা হয়। তেওঁৰ বন্ধুৰ গাড়ী ভাঙি লণ্ডভণ্ড কৰে উদণ্ড যুৱকসকলে।

তাৰপাছতে পৃথ্বীৰ বন্ধুজনে থানালৈ গৈ অভিযোগ কৰে। ইয়াৰ উত্তৰত পৃথ্বীৰ স’তে চেল্ফী তুলিবলৈ যোৱা এগৰাকী যুৱতীয়ে অভিযোগ কৰে যে তেওঁক ক্ৰিকেটাৰগৰাকীয়ে অত্যাচাৰ কৰিছিল।

জনা যায় যে বুধবাৰে ৰাতি পৃথ্বীয়ে ছান্টাক্ৰুজৰ এখন ফাইভ ষ্টাৰ হোটেললৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল। তেওঁৰ লগত কিছুমান বন্ধুও আছিল। সেই সময়ত হোটেলত থকা একাংশ অনুৰাগীয়ে পৃথ্বীৰ সৈতে ব্যক্তিগত কথা-বতৰা পাতিছিল। পৃথ্বীয়ে হাঁহি এটা মাৰি সকলোকে সম্ভাষণ জনায়। কিন্তু অনুৰাগীসকল এজনৰ পাছত আন এজনকৈ আহি থকাত তেওঁ বিৰক্ত হৈ পৰিল আৰু ক’লে- ''তেওঁ ইয়াত আহাৰ গ্ৰহণ কৰিবলৈহে আহিছে! গতিকে আমনি নকৰিবা।’’ তাৰ পিছতো কেইজনমান অনুৰাগীয়ে অশান্তি দি থাকিল। ইয়াৰ পিছত পৃথ্বীৰ বন্ধুৱে হোটেলৰ মেনেজাৰক ফোন কৰি অভিযোগ কৰিলে।

উল্লেখ্য যে ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰাৰ পিছত পৃথ্বীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ যোগেৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহিছিল। ঘৰুৱা ক্ৰিকেট এতিয়া নাই। গতিকে তেওঁ ছুটীত আছে। তাৰমাজতে এই ঘটনা ঘটিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক