--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ৩খন এদিনীয়া শৃংখলাৰ তৃতীয়খন খেল ৰাজকোটত অনুষ্ঠিত হ’ব। বুধবাৰে দুপৰীয়া ১.৩০ বজাত দুয়োটা দলৰ মুখামুখি হ’ব। শৃংখলাৰ প্ৰথম দুখন মেচত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। ইন্দোৰত অনুষ্ঠিত এদিনীয়াত প্লেইং এলেভেনৰ অংশ নাছিল টিম ইণ্ডিয়াৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ। কিন্তু তেওঁ ৰাজকোটত বুমৰাহে দলত যোগদান কৰিব। অৱশ্যে ৰাজকোটৰ এদিনীয়া খেলতখনত যে যশপ্ৰীত বুমৰাহ খেলিব সেয়া প্ৰায় নিশ্চিত।

ইয়াৰ বাহিৰেও ভাৰতীয় দলৰ অ’পেনাৰ ঋতুৰাজ গাইকোৱাড আৰু বেগী বলাৰ মুকেশ কুমাৰ তৃতীয় এদিনীয়াৰ অংশ নহ’ব৷ আচলতে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে এছিয়ান গেমছৰ বাবে চীনলৈ ৰাওনা হ’ব। ঋতুৰাজ গাইকোৱাড দলটোৰ অধিনায়ক হোৱাৰ বিপৰীতে মুকেশ কুমাৰো ভাৰতীয় দলৰ অংশ। ইয়াৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ বাবে উপলব্ধ নহ’ব। 

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মোহালীত অনুষ্ঠিত এদিনীয়া খেলখনত ঋতুৰাজ গাইকোৱাডে ৭৭টা বলত ৭১ ৰানৰ ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ১০টা বাউণ্ডেৰী সংগ্ৰহ কৰে। অৱশ্যে এই শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত ঋতুৰাজ গাইকোৱাডে আগতীয়াকৈ পেভিলিয়নলৈ উভতি আহে। ইন্দোৰৰ এদিনীয়াত ১২টা বলত ৮ ৰান সংগ্ৰহ কৰি আউট হয় ঋতুৰাজ। ঋতুৰাজ গাইকোৱাডক আউট কৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউডে।

উল্লেখ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ শৃংখলাৰ অন্তিমখন এদিনীয়া খেল বুধবাৰে ৰাজকোটত অনুষ্ঠিত হ’ব। একে সময়তে ভাৰতীয় সময় অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা এই খেলখন আৰম্ভ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ