--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ৩খন এদিনীয়া শৃংখলাৰ তৃতীয়খন খেল ৰাজকোটত অনুষ্ঠিত হ’ব। বুধবাৰে দুপৰীয়া ১.৩০ বজাত দুয়োটা দলৰ মুখামুখি হ’ব। শৃংখলাৰ প্ৰথম দুখন মেচত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। ইন্দোৰত অনুষ্ঠিত এদিনীয়াত প্লেইং এলেভেনৰ অংশ নাছিল টিম ইণ্ডিয়াৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ। কিন্তু তেওঁ ৰাজকোটত বুমৰাহে দলত যোগদান কৰিব। অৱশ্যে ৰাজকোটৰ এদিনীয়া খেলতখনত যে যশপ্ৰীত বুমৰাহ খেলিব সেয়া প্ৰায় নিশ্চিত।

ইয়াৰ বাহিৰেও ভাৰতীয় দলৰ অ’পেনাৰ ঋতুৰাজ গাইকোৱাড আৰু বেগী বলাৰ মুকেশ কুমাৰ তৃতীয় এদিনীয়াৰ অংশ নহ’ব৷ আচলতে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে এছিয়ান গেমছৰ বাবে চীনলৈ ৰাওনা হ’ব। ঋতুৰাজ গাইকোৱাড দলটোৰ অধিনায়ক হোৱাৰ বিপৰীতে মুকেশ কুমাৰো ভাৰতীয় দলৰ অংশ। ইয়াৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ বাবে উপলব্ধ নহ’ব। 

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মোহালীত অনুষ্ঠিত এদিনীয়া খেলখনত ঋতুৰাজ গাইকোৱাডে ৭৭টা বলত ৭১ ৰানৰ ইনিংছ খেলিছিল। তেওঁ নিজৰ ইনিংছত ১০টা বাউণ্ডেৰী সংগ্ৰহ কৰে। অৱশ্যে এই শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত ঋতুৰাজ গাইকোৱাডে আগতীয়াকৈ পেভিলিয়নলৈ উভতি আহে। ইন্দোৰৰ এদিনীয়াত ১২টা বলত ৮ ৰান সংগ্ৰহ কৰি আউট হয় ঋতুৰাজ। ঋতুৰাজ গাইকোৱাডক আউট কৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউডে।

উল্লেখ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ শৃংখলাৰ অন্তিমখন এদিনীয়া খেল বুধবাৰে ৰাজকোটত অনুষ্ঠিত হ’ব। একে সময়তে ভাৰতীয় সময় অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা এই খেলখন আৰম্ভ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু