--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
একবিংশ শতিকাতো সংঘটিত হ’ল মানৱজাতিক লজ্জিত কৰা এক ঘটনা৷ এক ভয়ংকৰ  বৰ্ণবাদী আক্ৰমণৰ বলি হ’ল আগ্ৰাৰ এজন ২৮ বছৰীয়া যুৱক৷   ভাৰতীয় ছাত্ৰজনক অষ্ট্ৰেলিয়াত মুখ, বুকু আৰু পেটত একাধিকবাৰ চুৰিৰে আক্ৰমণ কৰাৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। ঘটনাটো ৬ অক্টোবৰত প্ৰশান্ত মহাসাগৰীয় ঘাইপথৰ কাষত সংঘটিত হৈছিল ৷ সেই সময়ত তেওঁ বাসস্থানলৈ  উভতি গৈ  আছিল। ভুক্তভোগীজনক শুভম গাৰ্গ বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিংত পি এইচ ডি কৰি আছে। 

এই আক্ৰমণক "জাতিগত" আক্ৰমণ বুলি অভিহিত কৰি তেওঁৰ আগ্ৰাস্থিত পিতৃ-মাতৃয়ে কয় যে যোৱা সাত দিন ধৰি তেওঁলোকে অষ্ট্ৰেলিয়াৰ বাবে ভিছা পাবলৈ চেষ্টা কৰি আছে, কিন্তু লাভ  কৰিবলৈ সক্ষম হোৱা নাই। শুভমে আইআইটি মাদ্ৰাজৰ পৰা প্ৰযুক্তিবিদ্যাৰ স্নাতক আৰু বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু ১ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়ালৈ গৈছিল। 

"মোৰ ভাতৃৰ একাধিক অস্ত্ৰোপচাৰৰ হৈ  আছে আৰু চিকিৎসকে কৈছে  যে শৰীৰত সংক্ৰমণ বিয়পি পৰিছে । এই বিষয়ত জৰুৰী সহায়ৰ বাবে @narendramodi অনুৰোধ জনাইছো," বুলিও উপায়ন্তৰ হৈ বৃহস্পতিবাৰে তেওঁৰ ভাতৃ কাব্য গাৰ্গে টুইট কৰে।

 আগ্ৰাৰ জিলা দণ্ডাধীশ নৱনীত চাহালে কয়  যে ভুক্তভোগীৰ ভায়েকৰ ভিছা আবেদন প্ৰক্ৰিয়া চলি আছে আৰু সোনকালেই উপলব্ধ কৰা হ'ব। ঘটনাস্থলীত এজন ২৭ বছৰীয়া ডেনিয়েল নৰউডক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু চেটউড আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল য'ত তেওঁক হত্যাৰ চেষ্টাৰ গোচৰত  অভিযুক্ত কৰা হৈছিল।

ইতিমধ্যে হৰ্নচবি স্থানীয় আদালতে অভিযুক্ত নৰউডৰ জামিন প্ৰত্যাখ্যান কৰিছে৷দ্য অষ্ট্ৰেলিয়া টুডেৰ বাতৰি অনুসৰি, ১৪ ডিচেম্বৰত পৰৱৰ্তী আদালতত হাজিৰ নোহোৱালৈকে তেওঁ জিম্মাত থাকিব। নৰউডে নগদ ধনৰ বাবে ভাৰতীয় ছাত্ৰজনক ফোনযোগে ভাবুকি প্ৰদান কৰিছিল। দ্য অষ্ট্ৰেলিয়া টুডেই স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে আক্ৰমণকাৰীজনে  ভাৰতীয় ছাত্ৰজনক চুৰিৰে আক্ৰমণ কৰিছে বুলিও স্বীকাৰ কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা