--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
একবিংশ শতিকাতো সংঘটিত হ’ল মানৱজাতিক লজ্জিত কৰা এক ঘটনা৷ এক ভয়ংকৰ  বৰ্ণবাদী আক্ৰমণৰ বলি হ’ল আগ্ৰাৰ এজন ২৮ বছৰীয়া যুৱক৷   ভাৰতীয় ছাত্ৰজনক অষ্ট্ৰেলিয়াত মুখ, বুকু আৰু পেটত একাধিকবাৰ চুৰিৰে আক্ৰমণ কৰাৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। ঘটনাটো ৬ অক্টোবৰত প্ৰশান্ত মহাসাগৰীয় ঘাইপথৰ কাষত সংঘটিত হৈছিল ৷ সেই সময়ত তেওঁ বাসস্থানলৈ  উভতি গৈ  আছিল। ভুক্তভোগীজনক শুভম গাৰ্গ বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিংত পি এইচ ডি কৰি আছে। 

এই আক্ৰমণক "জাতিগত" আক্ৰমণ বুলি অভিহিত কৰি তেওঁৰ আগ্ৰাস্থিত পিতৃ-মাতৃয়ে কয় যে যোৱা সাত দিন ধৰি তেওঁলোকে অষ্ট্ৰেলিয়াৰ বাবে ভিছা পাবলৈ চেষ্টা কৰি আছে, কিন্তু লাভ  কৰিবলৈ সক্ষম হোৱা নাই। শুভমে আইআইটি মাদ্ৰাজৰ পৰা প্ৰযুক্তিবিদ্যাৰ স্নাতক আৰু বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু ১ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়ালৈ গৈছিল। 

"মোৰ ভাতৃৰ একাধিক অস্ত্ৰোপচাৰৰ হৈ  আছে আৰু চিকিৎসকে কৈছে  যে শৰীৰত সংক্ৰমণ বিয়পি পৰিছে । এই বিষয়ত জৰুৰী সহায়ৰ বাবে @narendramodi অনুৰোধ জনাইছো," বুলিও উপায়ন্তৰ হৈ বৃহস্পতিবাৰে তেওঁৰ ভাতৃ কাব্য গাৰ্গে টুইট কৰে।

 আগ্ৰাৰ জিলা দণ্ডাধীশ নৱনীত চাহালে কয়  যে ভুক্তভোগীৰ ভায়েকৰ ভিছা আবেদন প্ৰক্ৰিয়া চলি আছে আৰু সোনকালেই উপলব্ধ কৰা হ'ব। ঘটনাস্থলীত এজন ২৭ বছৰীয়া ডেনিয়েল নৰউডক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু চেটউড আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল য'ত তেওঁক হত্যাৰ চেষ্টাৰ গোচৰত  অভিযুক্ত কৰা হৈছিল।

ইতিমধ্যে হৰ্নচবি স্থানীয় আদালতে অভিযুক্ত নৰউডৰ জামিন প্ৰত্যাখ্যান কৰিছে৷দ্য অষ্ট্ৰেলিয়া টুডেৰ বাতৰি অনুসৰি, ১৪ ডিচেম্বৰত পৰৱৰ্তী আদালতত হাজিৰ নোহোৱালৈকে তেওঁ জিম্মাত থাকিব। নৰউডে নগদ ধনৰ বাবে ভাৰতীয় ছাত্ৰজনক ফোনযোগে ভাবুকি প্ৰদান কৰিছিল। দ্য অষ্ট্ৰেলিয়া টুডেই স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে আক্ৰমণকাৰীজনে  ভাৰতীয় ছাত্ৰজনক চুৰিৰে আক্ৰমণ কৰিছে বুলিও স্বীকাৰ কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক