--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই এতিয়া ইউক্ৰেইনৰ বাসিন্দাসকলৰ মনোজগততো প্ৰভাৱ পেলাইছে। অনৱৰতে মৃত্যুৰ আশংকা মূৰ পাতি লৈ থকা ইউক্ৰেইনৰ বহু বাসিন্দাই শেহতীয়াকৈ এক অভিনৱ পন্থাৰে জীৱন উপভোগ কৰাৰ পৰিকল্পনা কৰিছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পাৰমাণৱিক অস্ত্ৰ নিক্ষেপৰ পিছতে ইউক্ৰেইনৰ একাংশ লোকে  এক  যৌন পাৰ্টিৰ পৰিকল্পনা কৰিছে। 

এয়া ভ্লাদিমিৰ পুটিনৰ সিদ্ধান্তৰ এক সবল প্ৰতিবাদৰ লগতে ইউক্ৰেইনৰ একাংশ লোকৰ জীৱনক ভালপোৱাৰো পৰিচায়ক হ’ব বুলি বহুতে মন্তব্য কৰিছে। যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখনৰ প্ৰায়  ১৫,০০০ তকৈও অধিক লোকে এই ’ছেক্স পাৰ্টি’ত ভাগ ল’ব বুলি জনা গৈছে। নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি ১৫,০০০ ব্যক্তিয়ে এই অনুষ্ঠানটোৰ বাবে নাম পঞ্জীয়ন কৰিছে। 

ইউক্ৰেইনৰ শ্চেকাভিষ্টছাৰ এখন পাহাৰত এই গণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ  ৰে’লৰ জৰিয়তে  পৰিবহন কৰাৰ ভিডিঅ' প্ৰচাৰ হোৱাৰ পিছতে  ইউক্ৰেইনত উদ্ভৱ হয় এনে চিন্তাৰ। অনুষ্ছঠানৰ আয়োজকসকলৰ মতে অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ যৌন চাহিদাক বজাবলৈ   হাতত কেতবোৰ বিশেষ চিন আঁকি আনিব লাগিব।  সেই চিন চায়েই তেওঁ কেনেধৰণৰ যৌন আনন্দ বিচাৰে সেই বিষয়ত আয়োজকসকল নিশ্চিত হ’ব পাৰিব। 

ইপিনে মাৰ্কিন ৰাষ্ট্ৰপতি  জো বিডেনে সতৰ্ক কৰি দিছে যে যদি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনত যুদ্ধ জিকিবলৈ কৌশলগত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰে তেন্তে পৰিস্থিতি ভয়াৱহ  হ'ব। ইউক্ৰেইনৰ স্থানীয় লোকসকলে কয় যে ৰাছিয়াই তেওঁলোকক যিমানে ভয় খুৱাবলৈ চেষ্টা কৰিব, সিমানেই তেওঁলোকে ইয়াক আশাবাদলৈ ৰূপান্তৰিত কৰিব। 

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ  সীমান্তত পাৰমাণৱিক পৰীক্ষাৰ পৰিকল্পনা কৰি আছে বুলি ধাৰণা কৰা হৈছে আৰু কিয়েভৰ সামৰিক বিষয়াসকলেদেশবাসীক  পটাছিয়াম আয়োডাইড পিল যোগান ধৰিছে।  অই পিলে সম্ভাৱ্য পাৰমাণৱিক আক্ৰমণত নিগৰিত হ’বলগীয়া ক্ষতিকাৰক বিকিৰণ শোষণ কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক