--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অস্কাৰলৈ এখন চিনেমা নিৰ্বাচিত হোৱাটো এটা গৌৰৱৰ বিষয়। কিন্তু পাকিস্তানৰ পৰা এইবাৰৰ অস্কাৰলৈ নিৰ্বাচিত হোৱা চিনেমাখন নিজৰ দেশতে নিষিদ্ধ!

এই বছৰৰ অস্কাৰলৈ পাকিস্তানৰ পৰা ‘জয়লেণ্ড’ নামৰ ছৱিখন নিৰ্বাচিত হৈছে। পাকিস্তানৰ পৰিচালক চইম চাদিমৰ এই চিনেমাখনক পাকিস্তান চৰকাৰে নিষিদ্ধ কৰি ৰাখিছে।

অহা ১৮ নৱেম্বৰত ছৱিখনে পাকিস্তানত মুক্তি লাভ কৰাৰ কথা আছিল। ৬ অক্টোবৰ তাৰিখে বিশেষ প্ৰদৰ্শনিও হৈ যায়।

কিন্তু মুক্তিৰ কেইদিনমান পূৰ্বে, পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ আদেশ অনুযায়ী দেশখনৰ ১১ খন ৰাজ্যত নিষিদ্ধ কৰা হৈছে ‘জয়লেণ্ড’।

ছৱিখন পূৰ্বে কাঁ ফিল্ম ফেষ্টিভেলতো প্ৰদৰ্শন কৰা হৈছিল। ‘জয়লেণ্ড’ৰ যোগেৰেই বিশ্বপ্ৰসিদ্ধ ফিল্ম ফেষ্টিভেলখনত অভিষেক ঘটিছিল পাকিস্তানৰ।

কিন্তু কিয় পাকিস্তানত নিষিদ্ধ হৈছে ‘জয়লেণ্ড’। জানিব পৰা মতে, ছৱিখনত আচলতে পাকিস্তানৰ পুৰুষতান্ত্ৰিকতা আৰু নাৰী অৱদমনক প্ৰদৰ্শন কৰা হৈছে।

ছৱিখনৰ প্ৰধান চৰিত্ৰটো এটা কট্টৰপন্তী মুছলিম পৰিয়ালৰ ল’ৰা। কট্টৰপন্থী পৰিয়ালৰ পৰা উলাই আহি সি এটা নৃত্য গোষ্ঠীত যোগ দিয়ে। নৃত্য গোষ্ঠীটোতে এগৰাকী আধুনিক মহিলাৰ প্ৰেমত পৰে। ফলত পৰিয়ালৰ লগত সংঘাতৰ সৃষ্টি হয়।

ছৱিখনত অভিনয় কৰিছে আলি জুনেজা, আলিনা খান, ৰাস্তি ফাৰুকৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে। ছৱিখন নিষিদ্ধ কৰাৰ বিষয়ে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ছৱিখন দেশৰ সংস্কাৰ বিৰোধী আৰু সেইবাবে ই অপসংস্কৃতি।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু