--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অস্কাৰলৈ এখন চিনেমা নিৰ্বাচিত হোৱাটো এটা গৌৰৱৰ বিষয়। কিন্তু পাকিস্তানৰ পৰা এইবাৰৰ অস্কাৰলৈ নিৰ্বাচিত হোৱা চিনেমাখন নিজৰ দেশতে নিষিদ্ধ!

এই বছৰৰ অস্কাৰলৈ পাকিস্তানৰ পৰা ‘জয়লেণ্ড’ নামৰ ছৱিখন নিৰ্বাচিত হৈছে। পাকিস্তানৰ পৰিচালক চইম চাদিমৰ এই চিনেমাখনক পাকিস্তান চৰকাৰে নিষিদ্ধ কৰি ৰাখিছে।

অহা ১৮ নৱেম্বৰত ছৱিখনে পাকিস্তানত মুক্তি লাভ কৰাৰ কথা আছিল। ৬ অক্টোবৰ তাৰিখে বিশেষ প্ৰদৰ্শনিও হৈ যায়।

কিন্তু মুক্তিৰ কেইদিনমান পূৰ্বে, পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ আদেশ অনুযায়ী দেশখনৰ ১১ খন ৰাজ্যত নিষিদ্ধ কৰা হৈছে ‘জয়লেণ্ড’।

ছৱিখন পূৰ্বে কাঁ ফিল্ম ফেষ্টিভেলতো প্ৰদৰ্শন কৰা হৈছিল। ‘জয়লেণ্ড’ৰ যোগেৰেই বিশ্বপ্ৰসিদ্ধ ফিল্ম ফেষ্টিভেলখনত অভিষেক ঘটিছিল পাকিস্তানৰ।

কিন্তু কিয় পাকিস্তানত নিষিদ্ধ হৈছে ‘জয়লেণ্ড’। জানিব পৰা মতে, ছৱিখনত আচলতে পাকিস্তানৰ পুৰুষতান্ত্ৰিকতা আৰু নাৰী অৱদমনক প্ৰদৰ্শন কৰা হৈছে।

ছৱিখনৰ প্ৰধান চৰিত্ৰটো এটা কট্টৰপন্তী মুছলিম পৰিয়ালৰ ল’ৰা। কট্টৰপন্থী পৰিয়ালৰ পৰা উলাই আহি সি এটা নৃত্য গোষ্ঠীত যোগ দিয়ে। নৃত্য গোষ্ঠীটোতে এগৰাকী আধুনিক মহিলাৰ প্ৰেমত পৰে। ফলত পৰিয়ালৰ লগত সংঘাতৰ সৃষ্টি হয়।

ছৱিখনত অভিনয় কৰিছে আলি জুনেজা, আলিনা খান, ৰাস্তি ফাৰুকৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে। ছৱিখন নিষিদ্ধ কৰাৰ বিষয়ে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ছৱিখন দেশৰ সংস্কাৰ বিৰোধী আৰু সেইবাবে ই অপসংস্কৃতি।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক