--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত অসমীয়া ছবিৰ সুদিন চলি আছে বুলিয়েই ক’ব লাগিব। ইখনৰ পাছত সিখনকৈ মুক্তি পাইছে অসমীয়া ছবিয়ে। শেহতীয়াকৈ নয়ন নীলিমৰ বন্ধুৱে কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। এয়া নিশ্চয়কৈ অসমীয়া ছবিজগতৰ বাবে আশাব্যঞ্জক কথা।  

বৰ্তমান সময়ৰ আহিবলগীয়া এখন বহু প্ৰত্যাশিত ছবি ‘ৰাজনীতি-পাৰ্ট-১’। নেক্সষ্টাৰ ষ্টুডিঅ'জ আৰু ৰামধেনু পিক্‌চাৰ্ছ প্ৰডাক্‌শ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া ছবি ‘ৰাজনীতি-পাৰ্ট-১’ৰ টীজাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াযোগে মুকলি কৰা হৈছে। মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত ছবিখনত জুবিন গাৰ্গ, তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। 

ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে অভিজিৎ ভট্টাচাৰ্য্য। অহা ১৮ নৱেম্বৰত যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হ'ব। ২৩ ডিচেম্বৰত ছবিখনে সমগ্ৰ অসমৰ ছবিগৃহ সমূহত মুক্তিলাভ কৰিব।

ছবিখনে আৰম্ভণিৰ পৰাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সচেতন মহলত। ছবিখনৰ সংগীত পৰিচালনাতো জুবিন গাৰ্গ আছে বুলি জানিব পৰা গৈছে। অসমৰ কেইবাগৰাকী তাৰকাৰে সমৃদ্ধ এই ছবিখন উপভোগ কৰিবৰ বাবে আশাৰে ৰৈ আছে ছবিপ্ৰেমীসকল। “ৰাজনীতি”-এ ৰাজনীতিৰ পথাৰৰ নানা দিশৰ লগতে ভিন্ন কথা সমূহক উন্মোচিত কৰিব নে নাই সেয়া নিশ্চয়কৈ হ’ব লক্ষ্যণীয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক