--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত অসমীয়া ছবিৰ সুদিন চলি আছে বুলিয়েই ক’ব লাগিব। ইখনৰ পাছত সিখনকৈ মুক্তি পাইছে অসমীয়া ছবিয়ে। শেহতীয়াকৈ নয়ন নীলিমৰ বন্ধুৱে কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। এয়া নিশ্চয়কৈ অসমীয়া ছবিজগতৰ বাবে আশাব্যঞ্জক কথা।  

বৰ্তমান সময়ৰ আহিবলগীয়া এখন বহু প্ৰত্যাশিত ছবি ‘ৰাজনীতি-পাৰ্ট-১’। নেক্সষ্টাৰ ষ্টুডিঅ'জ আৰু ৰামধেনু পিক্‌চাৰ্ছ প্ৰডাক্‌শ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া ছবি ‘ৰাজনীতি-পাৰ্ট-১’ৰ টীজাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াযোগে মুকলি কৰা হৈছে। মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত ছবিখনত জুবিন গাৰ্গ, তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। 

ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে অভিজিৎ ভট্টাচাৰ্য্য। অহা ১৮ নৱেম্বৰত যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হ'ব। ২৩ ডিচেম্বৰত ছবিখনে সমগ্ৰ অসমৰ ছবিগৃহ সমূহত মুক্তিলাভ কৰিব।

ছবিখনে আৰম্ভণিৰ পৰাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সচেতন মহলত। ছবিখনৰ সংগীত পৰিচালনাতো জুবিন গাৰ্গ আছে বুলি জানিব পৰা গৈছে। অসমৰ কেইবাগৰাকী তাৰকাৰে সমৃদ্ধ এই ছবিখন উপভোগ কৰিবৰ বাবে আশাৰে ৰৈ আছে ছবিপ্ৰেমীসকল। “ৰাজনীতি”-এ ৰাজনীতিৰ পথাৰৰ নানা দিশৰ লগতে ভিন্ন কথা সমূহক উন্মোচিত কৰিব নে নাই সেয়া নিশ্চয়কৈ হ’ব লক্ষ্যণীয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু