--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে আন এক সুখবৰ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম তথা ভাৰতৰ নাম উজ্জবল কৰিবলৈ ওলাইছে এগৰাকী অসমীয়াই৷ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনৰ উপদেষ্টাৰ পদত নিযুক্তি লাভ কৰিছে এগৰাকী অসমীয়া যুৱকে৷ নাম তেওঁৰ ড০ ৰূপম শৰ্মা৷ 

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণ কৰা ড০ ৰূপম শৰ্মাই বৰ্তমান আমেৰিকাৰ কেলিফৰ্ণিয়াৰ চেক্ৰামেণ্টোত বাস কৰি আছে৷  ড০ ৰূপম শৰ্মাই অহা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ উপদেষ্টা হিচাপে যোগদান কৰিব। তেওঁ আগতে এপল’ৰ এজন বিজ্ঞানী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল৷ 

তেওঁ বৰ্তমান  কেলিফৰ্ণিয়া প্ৰদেশৰ চিআইঅ' হিচাপে নিযুক্ত হৈ  আছে।  ৫ এপ্ৰিলত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিডেনৰ পৰামৰ্শদাতা হিচাপে যোগদান কৰিব ৷ তেওঁ মানৱ স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ক  তথ্য প্ৰযুক্তি সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব ৷ 

এয়া এগৰাকী অসমীয়াৰ বাবে এক ডাঙৰ সাফল্য হিচাবে বিবেচিত হৈছে৷ অসমবাসীৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। তেওঁ যোৰহাট  অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান শাখাৰ প্ৰাক্তন ছাত্ৰ। সংগীততো আছে তেওঁৰ প্ৰচিৰ দক্ষতা৷ ইতিমধ্যে সাংগীতৰ জড়িয়তেও তেওঁ  গীনিজ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল