--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে আন এক সুখবৰ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম তথা ভাৰতৰ নাম উজ্জবল কৰিবলৈ ওলাইছে এগৰাকী অসমীয়াই৷ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনৰ উপদেষ্টাৰ পদত নিযুক্তি লাভ কৰিছে এগৰাকী অসমীয়া যুৱকে৷ নাম তেওঁৰ ড০ ৰূপম শৰ্মা৷ 

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণ কৰা ড০ ৰূপম শৰ্মাই বৰ্তমান আমেৰিকাৰ কেলিফৰ্ণিয়াৰ চেক্ৰামেণ্টোত বাস কৰি আছে৷  ড০ ৰূপম শৰ্মাই অহা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ উপদেষ্টা হিচাপে যোগদান কৰিব। তেওঁ আগতে এপল’ৰ এজন বিজ্ঞানী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল৷ 

তেওঁ বৰ্তমান  কেলিফৰ্ণিয়া প্ৰদেশৰ চিআইঅ' হিচাপে নিযুক্ত হৈ  আছে।  ৫ এপ্ৰিলত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিডেনৰ পৰামৰ্শদাতা হিচাপে যোগদান কৰিব ৷ তেওঁ মানৱ স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ক  তথ্য প্ৰযুক্তি সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব ৷ 

এয়া এগৰাকী অসমীয়াৰ বাবে এক ডাঙৰ সাফল্য হিচাবে বিবেচিত হৈছে৷ অসমবাসীৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। তেওঁ যোৰহাট  অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান শাখাৰ প্ৰাক্তন ছাত্ৰ। সংগীততো আছে তেওঁৰ প্ৰচিৰ দক্ষতা৷ ইতিমধ্যে সাংগীতৰ জড়িয়তেও তেওঁ  গীনিজ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস