--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা সিটোৰ পিছত সিটোকৈ পৰিৱৰ্তন সাধন কৰি আহিছে৷ কোম্পানীটোৰ পৰা হাজাৰ হাজাৰ কৰ্মচাৰীক কামৰ পৰা খেদি দিয়াৰ লগতে টুইটাৰত ধন পৰিশোধৰো নতুন নিয়ম কৰা হৈছে৷ এইবাৰৰ টুইটাৰৰ উৰি থকা মৰম লগা নীলা চৰাইটোৰ প্ৰতীক গুচাই তাৰ ঠাইত এটা কুকুৰৰ ছবি প্ৰতীক হিচাবে লোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি বিভিন্ন সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে৷  

টুইটাৰৰ লগ’  সলনি কৰাৰ খবৰে  বহুতৰে মনত দুখো দিছে৷ কাৰণ উৰি থকা নীলা চৰাইটো বিশ্বৰ সকলোৰে মাজত পৰিচিত আৰু জনপ্ৰিয় আছিল৷ মাইক্ৰ'ব্লগিং ছাইটটোৰ আইকনিক লগ’  এতিয়া নীলা চৰাইৰ ঠাইত এটা কুকুৰ হৈ পৰিছে। টুইটাৰৰ লগ’  সলনি হোৱাৰ লগে লগে ব্যৱহাৰকাৰীসকল আচৰিত হৈ পৰিছে আৰু  টুইটাৰত #DOGE ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে মাইক্ৰ'ব্লগিং ছাইট টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা ইয়াৰ নিয়ম-কানুন সলনি কৰাৰ লগতে কেইবাবাৰো নিজৰ নামো টুইটাৰত সলনি কৰিছে। যেতিয়া তেওঁ আনুষ্ঠানিকভাৱে টুইটাৰৰ দায়িত্ব লৈছিল তেতিয়া  তেওঁৰ টুইটাৰ  হেণ্ডেলটোৰ নাম এলন মাস্কৰ পৰা চীফ টুইটলৈ সলনি কৰা হৈছিল আৰু এতিয়া তেওঁ নমিষ্টাৰ টুইট হিচাবে নিজৰ নাম সলনি কৰিছে।  কিন্তু আমোদজনক কথাটো হ'ল এয়াই যে দ্বিতীয়বাৰ যে  টুইটাৰৰ প্ৰযুক্তিয়ে  তেওঁক পুনৰ তেওঁৰ নাম সলনি কৰিবলৈ অনুমতি দিয়া নাছিল। ব্লু টিকৰ ক্ষেত্ৰতো মাস্কে কঠোৰ নীতি গ্ৰহণ কৰিছে৷ নিউয়ৰ্ক টাইমছে টুইটাৰক  মাচুল পৰিশোধ কৰা নাছিল, ইলন মাস্কেও কোম্পানীৰ ব্লু টিকটো কাকত খনৰ টুইটাৰৰ পৰা আঁতৰাই পেলাইছে। ঘটনাটোকলৈ এতিয়া টুইটাৰ আৰু নিউয়ৰ্ক টাইমছৰ মাজত  আৰম্ভ   হৈছে বাক-বিতণ্ডা।

 টুইটাৰৰ পদক্ষেপৰ পিছতে নিউয়ৰ্ক টাইমছে টুইটাৰত লিখিছে, "এতিয়া কোম্পানীটোৰ কোনো ধৰণৰ প্ৰমাণীকৃত বেজ আৰু ব্লুটিক  নাই। এই দুয়োটা বস্তু টুইটাৰে কাঢ়ি লৈছে।’’ উল্লেখ্য টুইটাৰে এতিয়া ইয়াৰ ব্লু টিক চাবস্ক্ৰিপশ্বন নীতি কঠোৰভাৱে ৰূপায়ণ কৰা আৰম্ভ কৰিছে। মাচুল পৰিশোধ নকৰা   ব্যৱহাৰকাৰীৰ একাউণ্টৰ পৰা ব্লু টিক আঁতৰ কৰা হৈছে।  ইলন মাস্ক মালিকানাধীন এই কোম্পানীটোৱে 'দ্য নিউয়ৰ্ক টাইমছ'ৰ মুখ্য প্ৰ'ফাইলৰ পৰা প্ৰমাণিত ব্লু টিকটো আঁতৰাই দিয়াত বহুতে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে।

নিউয়ৰ্ক টাইমছে কৈছে যে কাকত খনে  এটা প্ৰমাণীকৃত ব্যৱসায়িক একাউণ্টৰ বাবে কোনো ধন পৰিশোধ নকৰে। কাকত খনে  কেৱল সাংবাদিকসকলৰ বাবেহে ব্লু টিকৰ সদস্যতা ল'ব, যিসকলে তেওঁলোকৰ খবৰ সংগ্ৰহৰ প্ৰয়োজনীয়তাৰ বাবে সেয়া প্ৰয়োজনীয় বুলি ভাবে। ইপিনে কাকত খনৰ এনে স্থিতিৰ পিছতে মাস্কে কয় "নিউয়ৰ্ক টাইমছৰ কাকতৰ  ট্ৰেজেডীটো হ'ল যে তেওঁলোকে প্ৰচাৰ নিবিচাৰে" ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস