--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুদীৰ্ঘকাল ধৰি ভাৰত আৰু ভূটানৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত আছে। এইবাৰ এই সম্পৰ্ক আৰু অধিক মজবুত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এইবেলি দুয়োখন সীমামূৰীয়া দেশৰ এই সম্পৰ্ক মজবুত কৰিব ভাৰতীয় ৰে’লৱে’ই। অসমৰ মাজেৰে ভাৰতীয় ৰে'ল চলিব ভূটানলৈ। 

ইতিমধ্যে ইয়াৰ বাবে সম্পূৰ্ণ পৰিকল্পনা যুগুত কৰি উলিওৱা হৈছে। ভাৰতৰ বহিঃপৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংবাদ মাধ্যমৰ আগত এই কথা নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈকে ৰে'ল সংযোগ স্থাপন কৰা হ’ব। ভাৰতে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্রীয় ৰে'ল সংযোগ স্থাপন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ সম্পৰ্ক অধিক মজবুত হোৱাৰ লগতে পৰ্যটন উদ্যোগৰ বিকাশ ঘটিব বুলিও মন্ত্ৰী জয়শংকৰে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীৰ এই ঘোষণাই অসমৰ পৰ্যটন উদ্যোগকো উৎসাহিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক হাজাৰ কোটি টকীয়া ভাৰত-ভূটান ৰে'ল সংযোগ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে জানিবলৈ দিয়ে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই ৰে’ল সংযোগৰ বাবে প্ৰয়োজনীয় জৰীপ আৰম্ভ কৰিছে। এই ৰে’ল সংযোগৰ বাবে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈকে ৫৭.৫ কিলোমিটাৰ ৰে’লপথ স্থাপন কৰা হ’ব। চলিত বছৰৰ এপ্ৰিল মাহৰ ভিতৰত ইয়াৰ জৰীপ সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ নিৰ্মাণকাৰ্য ২০২৬ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে।

মন্ত্ৰীগৰাকীয়ে লগতে নেপাল সংযোগী ৰে’ল সংযোগ প্ৰকল্পৰো অগ্ৰগতিৰ বিষয়ে জানিবলৈ দিয়ে। এই প্ৰকল্প অন্তিম পৰ্যায়ত বুলি তেওঁ মন্তব্য কৰে। এই ৰে’ল সেৱা বিহাৰৰ চাম্পৰণৰ পৰা কাঠমাণ্ডুৰ সমীপৱৰ্তী ৰাসাউললৈ চলিব। ইয়াৰ দূৰত্ব হ'ব প্ৰায় ১৩৯ কিলোমিটাৰ। এই প্ৰকল্প কাৰ্যকৰী হোৱাৰ লগে লগে ভাৰত-নেপালৰ মাজত যাতায়াত ব্যৱস্থা অধিক সৰল হৈ পৰিব। ভাৰতীয় ৰে’লে নেপাললৈ নিয়মীয়াকৈ যাত্ৰীবাহী আৰু মালবাহী ৰে’লৰ চলাচল কৰাৰ বাবে পৰিকল্পনা লৈছে।

মন্ত্ৰীগৰাকীয়ে ভাৰত-থাইলেণ্ড সংযোগী ঘাইপথ প্ৰকল্পৰ বিষয়ে জানিবলৈ দি কৈছে যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এই প্ৰকল্প আগবঢ়া নাই। এই প্ৰকল্পৰ পথ প্ৰশস্ত হ'লে মণিপুৰৰ ম’ৰে হৈ থাইলেণ্ডৰ মায়ে ছটলৈ ঘাইপথ সংযোগ স্থাপন কৰিব পাৰিব। এই প্ৰকল্পয়ো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগৰ লগতে অৰ্থনৈতিক বিকাশতো প্ৰভাৱশালী ভূমিকা ল’ব। এই ঘাইপথটো ভাৰতৰ লুক-ইষ্ট পলিচীৰ অন্যতম অংগ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই পথ পৰৱৰ্তী সময়ত কেম্ব’ডিয়া, লাও আৰু ভিয়েটনামলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনাও আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন