--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুদীৰ্ঘকাল ধৰি ভাৰত আৰু ভূটানৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত আছে। এইবাৰ এই সম্পৰ্ক আৰু অধিক মজবুত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এইবেলি দুয়োখন সীমামূৰীয়া দেশৰ এই সম্পৰ্ক মজবুত কৰিব ভাৰতীয় ৰে’লৱে’ই। অসমৰ মাজেৰে ভাৰতীয় ৰে'ল চলিব ভূটানলৈ। 

ইতিমধ্যে ইয়াৰ বাবে সম্পূৰ্ণ পৰিকল্পনা যুগুত কৰি উলিওৱা হৈছে। ভাৰতৰ বহিঃপৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংবাদ মাধ্যমৰ আগত এই কথা নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈকে ৰে'ল সংযোগ স্থাপন কৰা হ’ব। ভাৰতে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্রীয় ৰে'ল সংযোগ স্থাপন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ সম্পৰ্ক অধিক মজবুত হোৱাৰ লগতে পৰ্যটন উদ্যোগৰ বিকাশ ঘটিব বুলিও মন্ত্ৰী জয়শংকৰে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীৰ এই ঘোষণাই অসমৰ পৰ্যটন উদ্যোগকো উৎসাহিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক হাজাৰ কোটি টকীয়া ভাৰত-ভূটান ৰে'ল সংযোগ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে জানিবলৈ দিয়ে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই ৰে’ল সংযোগৰ বাবে প্ৰয়োজনীয় জৰীপ আৰম্ভ কৰিছে। এই ৰে’ল সংযোগৰ বাবে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈকে ৫৭.৫ কিলোমিটাৰ ৰে’লপথ স্থাপন কৰা হ’ব। চলিত বছৰৰ এপ্ৰিল মাহৰ ভিতৰত ইয়াৰ জৰীপ সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ নিৰ্মাণকাৰ্য ২০২৬ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে।

মন্ত্ৰীগৰাকীয়ে লগতে নেপাল সংযোগী ৰে’ল সংযোগ প্ৰকল্পৰো অগ্ৰগতিৰ বিষয়ে জানিবলৈ দিয়ে। এই প্ৰকল্প অন্তিম পৰ্যায়ত বুলি তেওঁ মন্তব্য কৰে। এই ৰে’ল সেৱা বিহাৰৰ চাম্পৰণৰ পৰা কাঠমাণ্ডুৰ সমীপৱৰ্তী ৰাসাউললৈ চলিব। ইয়াৰ দূৰত্ব হ'ব প্ৰায় ১৩৯ কিলোমিটাৰ। এই প্ৰকল্প কাৰ্যকৰী হোৱাৰ লগে লগে ভাৰত-নেপালৰ মাজত যাতায়াত ব্যৱস্থা অধিক সৰল হৈ পৰিব। ভাৰতীয় ৰে’লে নেপাললৈ নিয়মীয়াকৈ যাত্ৰীবাহী আৰু মালবাহী ৰে’লৰ চলাচল কৰাৰ বাবে পৰিকল্পনা লৈছে।

মন্ত্ৰীগৰাকীয়ে ভাৰত-থাইলেণ্ড সংযোগী ঘাইপথ প্ৰকল্পৰ বিষয়ে জানিবলৈ দি কৈছে যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এই প্ৰকল্প আগবঢ়া নাই। এই প্ৰকল্পৰ পথ প্ৰশস্ত হ'লে মণিপুৰৰ ম’ৰে হৈ থাইলেণ্ডৰ মায়ে ছটলৈ ঘাইপথ সংযোগ স্থাপন কৰিব পাৰিব। এই প্ৰকল্পয়ো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগৰ লগতে অৰ্থনৈতিক বিকাশতো প্ৰভাৱশালী ভূমিকা ল’ব। এই ঘাইপথটো ভাৰতৰ লুক-ইষ্ট পলিচীৰ অন্যতম অংগ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই পথ পৰৱৰ্তী সময়ত কেম্ব’ডিয়া, লাও আৰু ভিয়েটনামলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনাও আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস